ETV Bharat / state

আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো : বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ দাবী কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:42 PM IST

Bharat Jodo Nyay Yatra : "ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হৈছে ৷ দেশৰ ইতিহাসত প্ৰথম ৰাষ্ট্ৰীয় নেতা যিয়ে 8 দিন অসমত আছিল সেয়া হৈছে ৰাহুল গান্ধী ৷ আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো ।" ভূপেন বৰা

Bharat Jodo Nyay Yatra
আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো : বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ দাবী কংগ্ৰেছৰ

আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো : বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াব দাবী কংগ্ৰেছৰ

চিৰাং, 25 জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিচতে চলিত বৰ্ষতেই পুনৰ অসমলৈ আহি শদিয়াৰ পৰা যাত্ৰা কৰিব প্ৰিয়ংকা গান্ধীয়ে ৷ এই কথা জানিবলৈ দিয়ে APCC ৰ সভাপতি ভূপেন বৰাই ৷ ৰাহুল গান্ধীয়ে 25 জানুৱাৰীত অসমৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰাৰ পিচতে বৃহস্পতিবাৰে চিৰাঙৰ ছাপাগুৰিত হোটেল ছিগনেটত APCC ৰ সভাপতি ভূপেন বৰাই এক সংবাদমেলৰ আয়োজন কৰে ।

"ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হৈছে ৷ দেশৰ ইতিহাস প্ৰথম ৰাষ্ট্ৰীয় নেতা যিয়ে 8 দিন অসমত আছিল সেয়া হৈছে ৰাহুল গান্ধী ৷" অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি এই মন্তব্য প্ৰকাশ কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই ৷

ভূপেন বৰাই কয়, "অসমৰ 36 টা সংগঠনৰ সৈতে ৰাহুল গান্ধীয়ে আলোচনা কৰিছে । আমি যাত্ৰাকালত কনকলতা, মুকন্দ কাকতিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলো । আমি বটদ্ৰৱাত যাবলৈ বিচাৰিছিলো, কিন্তু পৰিকল্পিতভাৱে অসম আৰক্ষীয়ে আমাক বাধা দিলে । 1 লাখ টকা প্ৰদান কৰি গুৱাহাটীৰ USTM হল বুক কৰিছিলো, কিন্তু ৰাজ্য চৰকাৰৰ পৰা হেঁচা প্ৰয়োগ কৰা বুলি আমাত তাত প্ৰৱেশ কৰিবলৈ নিদিলে ৷ খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙিছো । আমি আৰু 30 টা বেৰিকেড ভাঙিব পাৰিলোহেতেন । আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছো । আৰক্ষী দুগৰাকী আহত হোৱাত দুঃখিত । মোৰ মুখত বিজেপি কৰ্মীয়ে ঘুচিয়াইছে । ভাৰত জোড়ো ন্যায় যাত্ৰাত নাগালেণ্ডৰ অভূতপূৰ্ব সঁহাৰি বাবে অসম বিজেপি শংকিত হৈছে । এই যুঁজ ন্যায়ৰ সপক্ষে যুঁজ।"

"ভাৰতৰ ভিতৰত আটাইতকৈ উদণ্ড মুখ্যমন্ত্ৰী কোন এতিয়া সমগ্ৰ ভাৰতে গম পালে । আহিবলগীয়া দিনত বিজেপিয়ে ভুগিব । অসমৰ ৰাইজ শুই থকা সিংহ। 2024 ত শদিয়াৰ পৰা দুগুণ উৎসাহেৰে প্ৰিয়ংকা গান্ধীক লগত লৈ আকৌ আমি যাত্ৰা কৰিম । মোৰ ওপৰত থকা গোচৰৰ জামিন নলওঁ । আমাৰ যাত্ৰা বিৰোধী পোষ্টাৰসমূহহে আৰক্ষীয়ে নিৰাপত্তা দিছে । মুখ্যমন্ত্ৰীয়ে অযোধ্যালৈ নগৈ কিয় পাপ কৰিলে । অহাবাৰ 300 খন বেৰিকেট ভাঙিম ।" ৰাহুল গান্ধীয়ে 2021 চনত কামাখ্যালৈ গৈছিল । মুখ্যমন্ত্ৰীয়ে ৰাম মন্দিৰলৈ কিয় নগ’ল তাক লৈও প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰক তুলাধূনা দিয়ে ভূপেন বৰাই ৷

লগতে পঢ়ক: অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.