ETV Bharat / state

গৌৰৱ গগৈৰ বিৰুদ্ধে অভিসন্ধি কৰিছে কোনে ? গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছে - MP Gaurav Gogoi

Fake social media post: ৰাজ্যৰ এটা প'ৰ্টেলত গৌৰৱ গগৈৰ এটা মন্তব্য প্ৰচাৰক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ । সাংসদ গগৈৰ নামত এটা সাম্প্ৰদায়িক আৰু বিভাজনমুখী ভুৱা মন্তব্য প’ৰ্টেলটোৱে প্ৰচাৰ চলোৱাৰ অভিযোগ কৰি গুৱাহাটী আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত অভিযোগ দাখিল কংগ্ৰেছৰ ।

Fake Social Media Post
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোছীন খান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:50 PM IST

গুৱাহাটী, ১২ আগষ্ট: অশান্ত বাংলাদেশৰ অশান্তিৰ বাতাবৰণৰ পৰোক্ষ প্ৰভাৱ অসমতো পৰিছে । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সুযোগ লৈ একাংশ লোকে অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ প্ৰদূষিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সুযোগ লৈ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ ভুৱা মন্তব্য ছ’চিয়াল মিডিয়াত প্ৰচাৰ কৰাক লৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । ইয়াৰ‌ বিৰুদ্ধে সোমবাৰে কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত অভিযোগ দাখিল কৰা হয় ।

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোছীন খান (ETV Bharat Assam)

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোছীন খানৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে গুৱাহাটী আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাত ইয়াৰ বিৰুদ্ধে গোচৰ তৰে । এই সন্দৰ্ভত যে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোছীন খানে সাংবাদিকক জনাই যে এটা প’ৰ্টেলে গৌৰৱ গগৈৰ এটা ভুৱা মন্তব্য প্ৰচাৰ কৰিছিল । এই মন্তব্যটো সাম্প্ৰদায়িক আৰু বিভাজনমুখী আছিল ।

তেওঁ কয়, "অসমৰ এটা প’ৰ্টেলে প্ৰকাশ কৰা মতে, ২০২৬ চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেখ হাছিনাৰ দৰে অসম এৰি পলাই যোৱাৰ পিচত অসমৰ হিন্দুসকলক কোনেও বচাব নোৱাৰিব । গৌৰৱ গগৈয়ে সংখ্যালঘু সন্দৰ্ভত এই‌ মন্তব্য দিয়া‌ বুলি প’ৰ্টেলটোৱে প্ৰচাৰ কৰিছে ।" তেওঁ কয়, "এয়া‌ সম্পূৰ্ণ ভিত্তিহীন । গৌৰৱ গগৈয়ে এনেধৰণ মন্তব্য দিয়া নাই । প'ৰ্টেলটোৰ নিজে সজা এই মন্তব্য ।"

খানে আৰু কয়, "এই পৰ্টেলটোৰ statement টো ধৰ্ম গগৈ, প্ৰদীপ ঘোষ, ৰাজু বৰা, বিজু ৰাভা, অনুকুল‌ পল নামৰ ব্যক্তিকেইজনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । অনুকুল‌ পল নামৰ ব্যক্তিজন বি জে পিৰ কৰ্মকৰ্তা । গতিকে ইয়াৰ পৰা দেখা যায় বি জে পিৰ দৰে দলৰ একাংশ কৰ্মকৰ্তাই গৌৰৱ গগৈৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাই আছে । এয়া এক ভয়ংকৰ অভিসন্ধি ।"

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, "আমি আৰক্ষীক এই সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ‌ বাবে দাবী জনাইছো ।"

লগতে পঢ়ক: ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান গৌৰৱ গগৈৰ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.