ETV Bharat / state

অসম আৰক্ষীৰ কোন কোন বিষয়া-জোৱানৰ বুকুত জিলিকিব ৰাষ্ট্ৰপতি পদক ? - 76TH REPUBLIC DAY

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক ঘোষণা । তালিকাত আছে অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া আৰু জোৱানৰ নাম ।

Announce Presidents police medals on republic day
আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক ঘোষণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 4:49 PM IST

গুৱাহাটী: প্ৰত্যেক বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক । দেওবাৰে উদযাপন কৰা হ'ব দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ বিভিন্ন পদক ঘোষণা কৰা হৈছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসম আৰক্ষীৰো কেইবাগৰাকীও বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ।

এই পদকসমূহ গণৰাজ্য দিৱসৰ দিনা প্ৰদান কৰা হ’ব । অসমৰ এগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰাৰ লগতে ১৪ গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক । উল্লেখ্য যে গণৰাজ্য দিৱস উপলক্ষে দেশৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনমূলক সেৱাসমূহৰ বাবে বিভিন্ন পদক প্ৰদান কৰা হয় ।

Announce Presidents police medals on 76th Republic Day
ৰাষ্ট্ৰপতি পদকৰ তালিকা (ETV Bharat Assam)

এই পদকসমূহৰ ভিতৰত আছে বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পদক, বীৰত্বৰ পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু উৎকৃষ্ট সেৱা পদক । এইবাৰ অসমৰ মুঠ ১৫ গৰাকী বিষয়া আৰু জোৱানে পদক লাভ কৰিছে । ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে । আনহাতে ১৪ গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক ।

Announce Presidents police medals on republic day
ৰাষ্ট্ৰপতি পদকৰ তালিকা (ETV Bharat Assam)

উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীৰ বিষয়া-জোৱানসকল হৈছে ক্ৰমে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লাটুন কামাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ-আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰিদৰ্শক উপেন্দ্ৰ ৰয়, উপ-পৰিদৰ্শক চিত্রমোহন ৰাভা, সহকাৰী উপ-পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাওদাং, হাবিলদাৰ হেৰেম্ব নাথ, উপ-পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ-পৰিদৰ্শক বিষ্ণু প্ৰসাদ চেত্রী, হেড কনিষ্টবল দীপক কাকতি, হেড কনিষ্টবল শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কনিষ্টবল গজেন মৰাণ ।

উল্লেখ্য যে দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হ'ব । ইফালে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰা অসম আৰক্ষীৰ সমূহ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: কোন মন্ত্ৰীয়ে, ক’ত ’25 গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ? - REPUBLIC DAY 2025

শুভ্ৰতাৰ আঁচলৰ মাজত প্ৰদৰ্শিত গুৰুজনাৰ অমৰ সৃষ্টি - MRIDANGIYA GAYAN BAYAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.