ETV Bharat / state

পানী মেটেকাত জীৱনৰ সন্ধান; নলবাৰীৰ অঞ্জলী বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

খাল-বিলত ওপঙি থকা পানী মেটেকাক সঁজুলি হিচাপে লৈ স্বাৱলম্বী নলবাৰীৰ এদল মহিলা । দেশ-বিদেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি উৎপাদিত সামগ্ৰী ।

Self reliant with water hyacinth
নলবাৰীৰ অঞ্জলী বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 1:11 PM IST

নলবাৰী : নলবাৰীত পানী মেটেকাৰে সমৃদ্ধিশালী হোৱাৰ সপোন একাংশ মহিলাৰ । জিলাখনৰ বানে ধোৱা বৰভাগত পানী মেটেকাতে জীৱনৰ সন্ধান কৰিছে অঞ্চলটোৰ একাংশ মহিলাই । দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন ।

খাল-বিলত ওপঙি থকা তথা আমি আপদ বা আৱৰ্জনা বুলি গণ্য কৰা পানী মেটেকাও হ'ব পাৰে সম্পদ ! হ'ব পাৰে জীৱন-জীৱিকাৰ উৎস ! পানী মেটেকাই আনি দিব পাৰে জীৱনৰ প্ৰাচুৰ্য । ইয়াৰে উদাহৰণ এইসকল মহিলাৰ কৰ্ম ।

আপদ বুলি ভবা পানী মেটেকাও হ'ব পাৰে সম্পদ

পানী মেটেকাত জীৱনৰ সন্ধান (ETV Bharat Assam)

এয়া হৈছে নলবাৰী জিলাৰ অন্তৰ্গত বানে ধোৱা বৰভাগৰ দৃশ্য । বৰভাগৰ বৰগাছা গাঁৱৰ ভৰালতোলা চুবুৰীৰ বড়ো সম্প্ৰদায়ৰ এইসকল মহিলা এতিয়া বহুতৰ বাবে হৈ পৰিছে আদৰ্শ তথা প্ৰেৰণাৰ উৎস । আমাৰ বাবে অপতৃণ পানী মেটেকাৰে জীৱনৰ ৰং বিচৰাত ব্যস্ত এইসকল মহিলা । মেটেকাৰে তেওঁলোকে ৰচিছে সমৃদ্ধিশালী হোৱাৰ সপোন । নেতৃত্ব দিছে অঞ্জলী বড়ো নামৰ উদ্যমী মহিলাগৰাকীয়ে ।

অঞ্জলী বড়োৰ আকাশমুখী সপোনৰ যাত্ৰা

অঞ্জলী বড়োৱে পানী মেটেকাৰে সমৃদ্ধিশালী হোৱাৰ সপোনত চামিল কৰাইছে স্থানীয় মহিলাসকলক । ২০০৯ চনত অঞ্জলী বড়োৱে গ্ৰাম্য বিকাশ মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা পানী মেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । সেয়াই আৰম্ভণি । তাৰ পিচত আৰু থমকি ৰোৱা নাই বা পিচলৈও ঘূৰি চোৱা নাই অঞ্জলী বড়োৱে । নিজৰ চুবুৰীটোৰ একাংশ মহিলাক লগত লৈ অঞ্জলী বড়োৱে আৰম্ভ কৰে এক আকাশমুখী যাত্ৰা । যাৰ বাবে বৰ্তমান অঞ্জলী বড়ো স্বাৱলম্বিতাৰ ক্ষেত্ৰত হৈ পৰিছে এক উল্লেখযোগ্য নিদৰ্শন ।

স্থানীয় মহিলাক দিছে সংস্থাপনৰ পথ

অঞ্জলী বড়োৱে পানী মেটেকাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ জৰিয়তে কেৱল নিজেই স্বাৱলম্বী হোৱা নাই ৷ লগতে আন চল্লিছগৰাকী মহিলাকো দেখুৱাইছে স্বাৱলম্বনৰ বাট ।

উল্লেখ্য যে, পানী মেটেকাৰে নিৰ্মাণ কৰা এই সামগ্ৰীসমূহ অঞ্জলি বড়োৱে প্ৰেৰণ কৰে নেডফি হাটৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ । আনহাতে, পানী মেটেকাৰে সামগ্ৰী বনোৱাৰ প্ৰশিক্ষণো দি আহিছে তেওঁ । ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰীকে ধৰি বিভিন্ন ঠাইত প্ৰশিক্ষণ দি অহা অঞ্জলী বড়োক শেহতীয়াভাৱে এটা এন জি অ'ই এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ বাবেও নিযুক্ত কৰিছে ।

লগতে পঢ়ক :গৱেষণাধৰ্মী মুখাশিল্পৰে স্বাৱলম্বিতাৰ বাট বুলাইছে প্ৰদীপ হাজৰিকাই
লগতে পঢ়ক :সোণালী সূতাৰ প্ৰতি ভাবুকি মাতিছে সেউজী পাতৰ বাগিচাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.