ETV Bharat / state

আমাকো এধানি মৰম দিয়ক ! কামাখ্যা ধামৰ পৰা মৰম আকলুৱা মোহিনীৰ আহ্বান - Ambubachi 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:37 PM IST

Ambubachi Mela : মা কামাখ্যা ধামত এতিয়া উখল-মাখল পৰিৱেশ । অম্বুবাচীৰ বাবে দেশ-বিদেশৰ পৰা আগমন ঘটিছে অগণন ভক্তৰ । এইবাৰ অম্বুবাচী মেলালৈ প্ৰথমবাৰৰ বাবে আহিছে মোহিনী । কিন্তু কোন এই মোহিনী ? কামাখ্যা ধামলৈ আহি মাৰ চৰণৰ পৰা দেশবাসীক কি আহ্বান জনালে তেওঁ ?

Ambubachi Mela
কিন্নৰ মোহিনীৰ বিশেষ আহ্বান (ETV Bharat Assam)

গুৱাহাটী, ২১ জুন : অম্বুবাচীৰ বাবে এতিয়া ভক্ত আৰু সাধু-সন্তৰে ভৰি পৰিছে কামাখ্যা ধাম । দেশৰ লগতে বিদেশৰ পৰাও আগমন ঘটিছে সাধু-সন্তসকলৰ । আনহাতে, এই সময়ছোৱাত সাধু-সন্তসকলৰ সমান্তৰালভাৱে কামাখ্যালৈ আগমন ঘটে কিন্নৰসকলৰো । কিন্নৰসকলৰ বহুতে অম্বুবাচীৰ দিনকেইটাত কিন্নৰ আখাৰাত থাকি মাক আৰাধনা কৰে ।

কামাখ্যাৰ অম্বুবাচীত কিন্নৰ মোহিনীৰ আহ্বান (ETV Bharat Assam)

এইবাৰ অম্বুবাচী মেলাৰ বাবে প্ৰথমবাৰৰ বাবে কামাখ্যালৈ আহিছে মহাৰাষ্ট্ৰৰ কিন্নৰ মোহিনী । কামাখ্যাত মোহিনীয়ে আমাৰ সাংবাদিকৰ আগত কয় তেওঁৰ মনৰ বহু কথা । লগতে দেশবাসীক উদ্দেশ্যি কেইবাটাও আহ্বান জনায় কিন্নৰ মোহিনীয়ে ।

অন্য লোকৰ দৰে কিন্নৰসকলকো একে দৃষ্টিৰে চাবলৈ তেওঁ সকলোকে আহ্বান জনায় । নীলাচলৰ বুকুৰ পৰা এই আহ্বান জনাই তেওঁ কয়, "কামাখ্যাত সঁচাকৈ এক অলৌকিক শক্তি আছে । ইয়ালৈ আহি মই যিমানখিনি মৰম পাইছোঁ ভাৰতবৰ্ষৰ ক'তো এনেকুৱা মৰম পোৱা নাই ।"

তেওঁৰ আৱেগিক আহ্বান, "মোৰ এইটোৱে আহ্বান যে আপোনালোকে আমাক কেৱল মৰম দিয়ক, আমাক মৰম লাগে । আমি মৰম আকলুৱা । তৃতীয় লিংগ বুলিয়ে যে আমি পৃথক, সেয়া নহয় । আমিও মানুহ, একে ভগৱানৰে সৃষ্টি । ইয়ালৈ আহি মই হেৰুওৱা সকলোখিনি পাইছোঁ ।"

উল্লেখযোগ্য যে দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । স্মৰণাতীতকালৰে পৰা বছৰি কামাখ্যা ধামত অনুষ্ঠিত হৈ অহা অম্বুবাচী মেলালৈ প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্তৰ । লোকবিশ্বাস অনুসৰি, সতীৰ দেহৰ যোনিভাগ কামাখ্যা ধামত পৰিছিল । অম্বুবাচীৰ এই সময়ছোৱাত মা কামাখ্যা ৰজঃস্বলা হোৱা বুলি কোৱা হয় ।

এই সময়ছোৱাত কোনো ধৰণৰ পূজা-পাঠ আদি কৰাৰ পৰা বিৰত থকা যায় । আনহাতে, অম্বুবাচীৰ এই সময়ছোৱাক প্ৰকৃততে তন্ত্ৰ সাধনা আৰু তান্ত্ৰিকসকলৰ সিদ্ধিলাভৰ বাবে উত্তম সময় বুলি তান্ত্ৰিকসকলে বিশ্বাস কৰে । সেয়েহে এই সময়ত তন্ত্ৰ সাধনাৰ বাবে দেশ-বিদেশৰ পৰা ভিন্ন সাধু-সন্তই ভিৰ কৰে ।

লগতে পঢ়ক :মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

লগতে পঢ়ক :কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.