ETV Bharat / state

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:46 PM IST

USTM controversy: ৰিণিকি ভূঞা USTM ৰ মালিক হোৱা হ’লে কংগ্ৰেছে কি কৰিলেহেতেন ? বৰ্তমান USTM ৰ মালিক মুছলমান বাবেই কংগ্ৰেছে তেওঁক বচাব খুজিছে ৷ ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ ৷ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

USTM controversy
Himanta Biswa Sarma (ETV Bharat Assam)

গুৱাহাটী, ১২ আগষ্ট: “ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি ৷”- ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । তেওঁৰ পত্নীৰ লগতে পৰিয়ালৰ নামত থকা সকলো সম্পত্তি ৰাইজৰ সম্পত্তি হ’ব । এই কথা আজি অসম বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি হ’ব অসমৰ ৰাইজৰ সম্পত্তি:

গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানপানী আৰু USTM বিশ্ববিদ্যালয়ৰ বিতৰ্ক সন্দৰ্ভত পুনৰবাৰ মুখ খুলি USTM ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । USTM ৰ লগতে এই প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ৷

“ৰিণিকি ভূঞাই যি কৰিছে অসমৰ ৰাইজৰ কাৰণে কৰিছে । একো লগত লৈ নাযায় । মোৰ ল'ৰাৰ নামতো নাথাকে । সকলো অসমৰ ৰাইজৰ হ'ব । পিছত উইল চালে গম পাব,” বুলি সদম্ভে আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাইজক পত্নীৰ সম্পত্তি ঘোষণা কিয় মুখ্যমন্ত্ৰীৰ:

শেহতীয়াকৈ গুৱাহাটীৰ ভয়াৱহ বানপানীৰ এক অন্যতম কাৰণ যোৰাবাটত থকা USTM নামৰ শিক্ষানুষ্ঠানখন বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল সেয়ে নহয় ব্যক্তিগত বিশ্ববিদ্যালয়খনে 'ফ্লাড জেহাদ’ কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ পিছতে বিৰোধী কংগ্ৰেছকে ধৰি অনান্যসকল সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল শিক্ষানুষ্ঠানৰ বিৰুদ্ধে । অভিযোগ তুলিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন শিক্ষানুষ্ঠানৰ লাভলাভৰ স্বাৰ্থতহে মুখ্যমন্ত্ৰীৰ USTMক এই আক্ৰমণ ৷ তাৰেই প্ৰত্যুত্তৰত আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে তেওঁৰ পত্নী ৰিণিকি ভূঞাই অসমৰ ৰাইজৰ নামত উইল কৰি যাব সকলো সম্পত্তি ।

‘‘ৰিণিকি ভূঞা USTMৰ মালিক হোৱা হ'লে কংগ্ৰেছে কি কৰিলেহেঁতেন ?’’ বিৰোধী দল কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক প্ৰশ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ লগতে, USTM ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে আজি ক’লে USTM এ ধ্বংস কৰিছে অসমৰ শিক্ষা ব্যৱস্থা ।

মুখ্যমন্ত্ৰীৰ পোনপটীয়া মন্তব্য, “USTM লৈ গ'লে মক্কালৈ যোৱা যেন লাগে । কংগ্ৰেছে এই USTM ক বচাব বিচাৰিছে । হিন্দু মালিক হোৱা হ'লে কংগ্ৰেছে নামাতিলেহেঁতেন । USTM ৰ মালিক ৰিণিকি ভূঞা হোৱাহেঁতেন কংগ্ৰেছে কি কৰিলেহেতেন, সেয়া স্পষ্ট কৰক ।” লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী “USTM ৰ গেট সৰ্বধমীয় হ'ব লাগিব ৷ অসমৰ শিক্ষা ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে USTM ত ৷"

মই বেণ্ডপাৰ্টী বা ৰাজহুৱা ঢোল নেকি ?

আনহাতে তেওঁক কৰা বিৰোধীৰ সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “মই বেণ্ডপাৰ্টি বা ৰাজহুৱা ঢোল নহয় যে চবেই বজাই চাব । ৰিণিকিৰ সম্পত্তি সকলোবোৰ অসমৰ সম্পত্তি । স্কুল, ৰিজ’ৰ্ট, নিউজ লাইভ সকলো অসমৰ সম্পত্তি । এইবোৰ কেতিয়াবা সমবায় হৈ যাব । কৰ্মচাৰীসকল অংশীদাৰ হৈ যাব । সকলো উইলত গম পাব । মোৰ ল'ৰা-ছোৱালীক একো নালাগে । নিউজ লাইভৰ উপাৰ্জন হোৱাইট, গতিকে পেলাই দিব নেকি ? জীয়াই থকা দিনবোৰত কিবা এটাটো কৰিব লাগিব ।” মুখ্যমন্ত্ৰীৰ মন্তব্য । উল্লেখযোগ্য যে নিউজ লাইভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ টিভি নিউজ চেনেল ।

গৌৰৱ গগৈ আৰু কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ: USTM লৈ গ’লে মোৰ মক্কালৈ যোৱা যেন লাগে বুলি কোৱাই নহয়, তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই কয়- "USTM খনক ফ্লাড জেহাদ নহয়, তাৰ বাপ হয় ৷ তাত নামঘৰ নিৰ্মাণ কৰক, সৰ্বধৰ্মীয় গেট বনাওক । USTM এ অসমৰ শিক্ষা নষ্ট কৰিছে । USTM খন যদি ৰিণিকিৰ হ'লহেতেন তেতিয়া কংগ্ৰেছে কি কৰিলেহেতেন ? USTM ৰ মালিক মুছলমান বাবেই কংগ্ৰেছে তেওঁক বচাবলৈ উঠি পৰি লাগিছে । বৰষুণ দিলে ভূপেন বৰা ওলাওক, মই দেখুৱাম পানী ক'ত হয়, তেওঁ যাব, মাটিৰ মানুহ তেওঁ ৷ কিন্তু যুৱৰাজ নাযায় ৷” এইদৰে গৌৰৱ গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ।

“তৰুণ গগৈৰ দিনৰ ফাইল চাইহে মই কৈছো । তৰুণ গগৈয়ে কৈছে 2005, 2014 লৈকে যোৰাবাটৰ বাবে গুৱাহাটীত বানপানী হোৱাৰ কথা ৷ এতিয়া বাপেকে কোৱা কথাৰ বাবেই মোক গালি পাৰে ।” গৌৰৱ গগৈকো এইদৰে আক্ৰমণৰ লক্ষ্য কৰি ল’লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

USTM ৰ ফিটা কটা বিতৰ্ক:

সদ্যহতে সামাজিক আৰু সংবাদ মাধ্যমত প্ৰচাৰ হৈছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এখন বিশেষ ফটো, য’ত তেওঁক USTM ৰ উন্মোচনী অনুষ্ঠানৰ ফিটা কটা অনুষ্ঠানত দেখা পোৱা গৈছে ৷ তাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক’লে, “মই USTM ত ফিটা কাটিবলৈ যোৱা নাই । ৰামনাথ কোবিন্দ অহা বাবে গৈছিলো । মই সেইদিনাই জেদ লৈছিলো যে মই এটা ডাঙৰ অডিটৰিয়াম বনাম । তালৈ মই নাযাওঁ । কংগ্ৰেছে মুছলমানক লৈ ওকালতি কৰে । কংগ্ৰেছ কেইটাই এনেকৈ শেষ কৰিব, কেতিয়াবা চেনেলৰ Anchor ,সম্পাদক কোন হ'ব চাই থাকক । আপোনালোকে কিয় সোধা নাই যে তাত শংকৰদেৱৰ ফটো এখনো নাই কিয় ?”

USTM প্ৰসংগত মুখ্যমন্ত্ৰীক সমালোচনা কৰা ৰাজ্যৰ বুদ্ধিজীৱিকো প্ৰত্যুত্তৰ দি কটুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, “USTM ক লৈ ওকালতি কৰা বুদ্ধিজীৱীৰ মূৰত কিবা আছে নে নাই ৷” স্বাভাৱিকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী আৰু পৰিয়ালৰ সম্পত্তি ৰাইজৰ নামত উইল কৰি যাব বুলি কৰা ৰাজহুৱা ঘোষণাই ৰাজ্যখনত ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে ৷

লগতে পঢ়ক: ইউ এছ টি এমৰ ফ্লাড জেহাদ ! ক্ষেত্ৰভিত্তিক অধ্যয়নত কি পালে অখিল গগৈয়ে ? - Artificial flood in Guwahati

মুখ্যমন্ত্ৰীক জিৰণি লোৱাৰ পৰামৰ্শ মীৰা বৰঠাকুৰৰ - Artificial flood in Guwahati

গুৱাহাটীত কোনে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে ? ক'লে মুখ্যমন্ত্রীয়ে - Artificial flood in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.