ETV Bharat / state

১৫ জুলাইৰ পৰা মিছামাৰীত ১৩ জিলাৰ অগ্নিবীৰ নিযুক্তি ৰেলী - Agniveer Recruitment

Agniveer Recruitment at Tezpur : অসমৰ ১৩ খন জিলাৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তেজপুৰত । তেজপুৰৰ মিছামাৰী সেনা ছাউনীৰ যশৱন্ত সিং ষ্টেডিয়ামত অহা ১৫ জুলাইৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰ নিযুক্তি ৰেলী ।

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 6:53 AM IST

Agniveer Recruitment at Tezpur
তেজপুৰত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া (ETV Bharat Assam)

তেজপুৰ, ২৯ জুন : সমগ্ৰ দেশতে আৰম্ভ হৈছে ভাৰতীয় সেনাবাহিনীত মকৰল অভিযান প্ৰকল্প অগ্নিবীৰ । অসমতো আৰম্ভ হৈছে অগ্নিবীৰত নিযুক্তি প্ৰক্ৰিয়া । তাৰেই অংশ হিচাপে ১৩ খন জিলাৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তেজপুৰত ।

উজনি অসমৰ ৯ খন জিলা ক্ৰমে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়াৰ বাবে অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া ১৫ জুলাইৰ পৰা আৰম্ভ হ'ব । তেজপুৰৰ মিছামাৰী সেনা ছাউনীৰ যশৱন্ত সিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা এই অগ্নিবীৰ নিযুক্তি ৰেলী ২০ জুলাইলৈকে চলিব । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱটে এই বিষয়ে জনাইছে ।

উল্লেখ্য যে, একেটা স্থানতে ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে (মুখ্য কাৰ্যালয়) মধ্য অসমৰ চাৰিখন জিলাৰো নিযুক্তি প্ৰক্ৰিয়া আয়োজন কৰিছে । শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ প্ৰাৰ্থীৰ বাবে এই অগ্নিবীৰ নিযুক্তি ৰেলীৰ আয়োজন কৰা হৈছে । ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে মিছামাৰীস্থিত সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত মধ্য অসমৰ এই চাৰিখন জিলাৰ বাবে নিযুক্তি ৰেলী অনুষ্ঠিত হ'ব ।

এই নিযুক্তি ৰেলীত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা মে’ লৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব । এই নিযুক্তি সন্দৰ্ভত সেনা কৰ্তৃপক্ষই সকলো প্ৰাৰ্থীকে কোনো ধৰণৰ দালাল চক্ৰত নপৰিবলৈ আহ্বান জনাইছে ।

প্ৰাৰ্থীসকলক ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ যোগেদি নিৰ্বাচিত প্ৰাৰ্থীৰ ফলাফল আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব ।

আনহাতে, যদি নিৰ্বাচিত প্ৰাৰ্থীসকলৰ কোনো বিষয়ে জানিবলগীয়া থাকে বা প্ৰৱেশ-পত্ৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হয়, তেন্তে এইক্ষেত্ৰত এন আই চি ইমেইল আইডি run.fun@nic.in আৰু ফোন নম্বৰ ০৩৬৪-২৫০৪১৭৭ ৰ জৰিয়তে নিযুক্তি কাৰ্যালয়(মুখ্য কাৰ্যালয়) শ্বিলঙৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক : ২৩ ৰ পৰা ২৭ জুলাইলৈ মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ - Agniveer recruitment

ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা - COUNSELLING PROGRAMME OF AGNIVEER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.