ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 লাখ লোকক প্ৰদান কৰিব বিনামূলীয়া মাটিৰ পট্টা: তুলিৰাম ৰংহাং - KAAC Chief Tuliram Ronghang

Free land pattas: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 লাখ লোকক প্ৰদান কৰিব মাটিৰ পট্টা ৷ ট্ৰেডিশ্যনেল ভিলেজ কাউঞ্চিল আৰু ভিলেজ ডেভল’পমেণ্ট কাউঞ্চিল গঠন কৰা হ’ব বুলি ঘোষণা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 1:06 PM IST

5 lakh people of kaac will get free land pattas: KAAC TULIRAM RONGHANG
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গুৰুত্বপূৰ্ণ সভাৰ দৃশ্য (ETV Bharat)

ডিফু, 8 জুলাই: কাৰ্বি আংলং জিলাৰ ডিফুৰ লাংটুক হাবে টাউন হলত দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ এইখন সভাত চৰকাৰী আৰু গাঁৱলীয়া গাঁওবুঢ়াৰ দায়িত্ব, কৰ্তব্য আৰু ক্ষমতা সন্দৰ্ভতো আলোচনা হয় ৷ সভাত উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসম চৰকাৰৰ মিছন বসুন্ধৰাৰ দৰে পৰিষদেও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাসিন্দাসকলক মাটিৰ পট্টা দিয়াৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰে ৷

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয়, "মণ্ডল, এছ কে আৰু এ আৰ অ’সকলে ধনৰ বিনিময়ত পৰিষদৰ অজ্ঞাতে মাটিৰ পট্টা প্ৰদান কৰে ৷ এতিয়াৰে পৰা পৰিষদৰ নিয়ম মানি চলিব লাগিব ৷ অহা তিনি মাহত পৰিষদে পাঁচটা বিধানসভা সমষ্টিত 1 লাখ লোক অৰ্থাৎ মুঠ 5 লাখ লোকক বিনামূলীয়াকৈ মাটিৰ পট্টা প্ৰদান কৰিব ৷ এই প্ৰক্ৰিয়াত ৰাজহ বিভাগ, সচিব বা কাৰ্যবাহী সদস্যৰ টেবুলত ফাইল পৰি নাথাকে ৷"

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পুনৰ কয়, "কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত ট্ৰেডিচনেল ভিলেজ কাউঞ্চিল আৰু ভিলেজ ডেভল’পমেণ্ট কাউঞ্চিল গঠন হ’ব ৷ পাৰ্বত্য জনজাতিৰ বসতিপ্ৰধান এলেকাত 500-1000 ঘৰ লোকক লৈ গঠন হ’ব ট্ৰেডিচনেল ভিলেজ ডেভলপমেণ্ট কাউঞ্চিল ৷ আনহাতে, অজনজাতি বসতিপ্ৰধান এলেকাত 3000-5000 ঘৰ লোকক লৈ গঠন হ’ব ভেলেজ ডেভলপমেণ্ট কাউঞ্চিল ৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ই এক পদক্ষেপ ৷ এই ভিলেজ কাউঞ্চিলসমূহলৈ কেন্দ্ৰৰ পৰা আহিব উন্নয়নৰ পুঁজি ৷ ভৈয়ামত গাঁও পঞ্চায়তৰ যি ভূমিকা পাহাৰত ভিলেজ কাউঞ্চিলৰ একেই ভূমিকা হ’ব ৷"

অৱশ্যে ভিলেজ কাউঞ্চিলসমূহ কেতিয়া গঠন কৰা হ’ব সেয়া অৱশ্যে নিশ্চিত নহয় ৷

এই সভাখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সাংসদ তথা ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, কাৰ্যবাহী সদস্যসকলৰ লগতে জিলা দুখনৰ সকলো গাঁওবুঢ়া, ৰাজহ বিভাগৰ মণ্ডল, এছ কেসহ বিষয়াসকলৰ উপৰি পৰিষদৰ সকলো বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত সফলতাৰ খতিয়ান তুলিৰাম ৰংহাঙৰ - Karbi Anglong Autonomous Council

পঞ্চায়ত-গ্ৰাম্য উন্নয়নৰ ১৪ কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানীৰ ! - Tuliram and Company visits Vietnam

30 দিনৰ ভিতৰত পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.