ETV Bharat / state

বহু ধনৰ লোভত পৰি মূলো গ’ল: অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত, ৩৬ জনক গ্ৰেপ্তাৰ - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:44 PM IST

Online trading fraud: অধিক ধনৰ লোভত পৰি মূল হেৰুৱাই এতিয়া মূৰে-কপালে হাত দিছে ৰাজ্যৰ একাংশ লোকে ৷ অনলাইন ট্ৰেডিঙৰ নামত চলা প্ৰৱঞ্চনাৰ বলি হ’ল এইসকল লোক ৷ ইতিমধ্যে এই প্ৰৱঞ্চনাৰ লগত জড়িত ৩৬ গৰাকীতকৈও অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ জড়িত আছে মনোৰঞ্জন জগতৰ ব্যক্তিও ৷

Online trading fraud
অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত (Representative Image)

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: সম্প্ৰতি ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিঙৰ জালিয়তিক লৈ সৰ্বত্ৰে চৰ্চা চলিছে । এই অনলাইন ট্ৰেডিঙৰ জালিয়তিত অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী কৰ্মী জড়িত হৈ পৰাত এই বিষয়টোৱে এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে । এই অনলাইন ট্ৰেডিঙৰ জালিয়াতিত অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেবাগৰাকীও গ্ৰেপ্তাৰ হৈছে । নৃত্য পৰিচালিকা চুমী বৰা আৰু তেওঁৰ স্বামী তথা ফটোগ্ৰাপাৰ তাৰ্কিক বৰাৰ নাম সাঙোৰ খোৱাত এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । অনলাইন ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকন নামৰ যুৱকজন অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰাৰ পিছত সমগ্ৰ বিষয়টোত চুমী বৰা আৰু তাৰ্কিক বৰাৰনামো সাঙোৰ খাই পৰে ।

কেনেকৈ পোহৰলৈ আহে অনলাইন ট্ৰেডিঙৰ জালিয়তি:

অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি । কিয়নো অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভৰ লোভ দেখুৱাই প্ৰৱঞ্চনা কৰাৰ অভিযোগ একাংশ অনলাইন ট্ৰেডিং মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে । যাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো এতিয়া ব্যাপক চৰ্চিত বিষয়টো হৈছে ষ্টক মাৰ্কেটত বিনিয়োগ বা অনলাইন ট্ৰেডিং ।

উল্লেখ্য যে গুৱাহাটীত কিছুদিন‌পূবে ‘‘ডি বি ষ্টক ব্ৰকিং কনচালটেন্সী’’ৰ জৰিয়তে মানুহক লুণ্ঠন কৰি পলাতক অৱস্থাত থকা দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পাঁচজন ভুক্তভোগীয়ে পল্টনবজাৰ আৰক্ষী থানাত গোচৰ তৰিছিল । গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত বিগত তিনি বছৰ ধৰি ‘‘ডি বি ষ্টক কনচালটেন্সী’’ নামৰ এক বিত্তীয় প্রতিষ্ঠান খুলি সমগ্র ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল । তাৰ পিছতেই দীপাংকৰ বৰ্মন পলাতক হয় ।

লগতে পঢ়ক: চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ - Cyber crime in Assam

চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? - Financial Literacy

উল্লেখ্য যে সর্বসাধাৰণ নাগৰিকক তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ছয় মাহত ৫১ শতাংশ আৰু এবছৰত ১২০ শতাংশ লাভেৰে ধন দিয়াৰ প্রলোভন দিছিল বিত্তীয় প্ৰতিষ্ঠানটোৱে । এই প্রলোভনত পৰি বহু লোকে ডি বি ষ্টক কনচালটেন্সীত ধন বিনিয়োগ কৰিছিল । গ্ৰাহকৰ ধন আত্মসাৎ কৰি বহিঃৰাজ্যত আত্মগোপন কৰি আছে দীপাংকৰ বৰ্মনে ।

অনলাইন ট্ৰেডিঙৰ জালিয়তিত অসমৰ চেলিব্ৰিটী:

দীপাংকৰ বৰ্মনৰ ঘটনাৰ পিছত বিশাল ফুকনৰ নামৰ ডিব্ৰুগড়ৰ এজন যুৱকৰ বিৰুদ্ধে অনলাইন‌ ট্ৰেডিঙৰ নামত জালিয়তি কৰাৰ অভিযোগ উঠে । সামাজিক মাধ্যমত চৰ্চিত হয় এই বিষয়টো ৷ তাৰ পিছতেই নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰা বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে নিজাববীয়াকৈ ৩৫২/২৪ নম্বৰত গোচৰ ৰুজু কৰিছিল । ইতিমধ্যে বিশালক আদালতত হাজিৰ কৰি তিনিদিনৰ জিম্মাত লৈছে আৰক্ষীয়ে ।

ইফালে, একেটা গোচৰতে আটক হোৱা বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আৰক্ষীয়ে যাবলৈ দিছে । ইপিনে বিশালৰ লগত এই জালিয়তিত জড়িত থকাৰ অভিযোগ উঠা চুমী বৰা আৰু তাৰ্কিক বৰা পলাতক অৱস্থাত আছে । দুয়োগৰাকী আৰক্ষীৰ জালত পৰিলে অসমৰ চেলিব্ৰিটী জগতৰ বহুকেইগৰাকী লোকৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ।

বৰ্তমানলৈকে ৩৬ গৰাকীক গ্ৰেপ্তাৰ:

ট্রেডিঙৰ নামত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে বিশাল ফুকন‌সহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ।‌ ৬ গৰাকীক আটক কৰিছে । ট্রেডিঙৰ নামত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ধুবুৰী আৰু আগমনিৰ পৰাও দুজন লোকক গ্ৰপ্তাৰ কৰিছে । ধৃত লোক দুজনক শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম ।

শংকৰ কুমাৰ বিশ্বাসৰ বিৰুদ্ধে টাইটান কেপিটেল মার্কেট নামৰ অনলাইন কোম্পানীত ধন বিনিয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছে । মাহত ২১ শতাংশ লাভ দিয়াৰ প্রলোভন দেখুৱাই একাংশ লোকৰপৰা ধন সংগ্ৰহ কৰিছিল শংকৰ কুমাৰ বিশ্বাসে । ইপিনে, ধুবুৰী জিলাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক ৰফিকুল ইছলামেও অনলাইন ট্রেডিঙৰ নামত ৰাইজৰপৰা ধন সংগ্ৰহ কৰিছিল বুলি ৰাইজে অভিযোগ কৰাৰ পাছতে আগমনি আৰক্ষীয়ে সোমবাৰৰ নিশাই তেওঁক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

চুমী বৰাৰ 'ডেষ্টিনেশ্যন' এতিয়াও অজ্ঞাত: এইবাৰ তেজপুৰত তিনিশ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হেমেন ৰাভা - online trading scam

ট্ৰেডিং প্ৰৱঞ্চনাত জড়িত ৩৬ জনক গ্ৰেপ্তাৰ : চক্ৰ উৎখাতৰ বাবে তৎপৰ অসম আৰক্ষী - Himanta Biswa Sarma

নগাঁও জিলাৰ ৰূপহীহাটত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই আটক কৰে ছজনকৈ লোকক । নথি-পত্রবিহীনভাৱে একাংশই বিত্তীয় প্ৰতিষ্ঠানৰ নামত দীৰ্ঘদিনৰপৰাই ধনৰ লেনদেন কৰি আহিছিল । ৰূপহীহাটৰ ভাটিয়াখালি আৰু কাৱৈমাৰীৰপৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই ছজন লোকক । ধৃত লোককেইজন হ'ল আনোৱাৰ হুছেইন, ইনামূল হুছেইন, ইক্রামূল হক, ইনামূল ইছলাম, মাইনুল হক চৌধুৰী আৰু জহিৰুল ইছলাম । ভাটিয়াখালি আৰু কাৱৈমাৰীত কুৰিতকৈ অধিক নথি-পত্র বিহীনভাৱে বিত্তীয় প্রতিষ্ঠান খুলি চলাই আছিল ধনৰ বেহা ।

আনহাতে এনে এগৰাকী কোটিপতি অনলাইন ট্রেডিং এজেণ্টক কালি দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ডিব্ৰুগড়ত বিশাল ফুকন নামৰ কোটিপতি অনলাইন ট্রেডিং এজেণ্টগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ সময়তে দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰা এই এজেন্টগৰাকী হ'ল স্বপ্ননীল দাস । শিৱসাগৰৰ স্বপ্ননীল দাসে গুৱাহাটীৰ হাতীগাঁৱত কাৰ্যালয় খুলি অনলাইন ট্রেডিঙৰ কাম-কাজ চলাইছিল । এইগৰাকী এজেণ্টৰ আকৌ কৌশল আছিল কিছু সুকীয়া ।

তেওঁ ‘ট্রেডিং ক্লাছৰ নামতো সংগ্ৰহ কৰিছিল ধন । অনলাইন ট্রেডিঙৰ বিষয়ে শিকিব খোজাসকলৰ পৰা আদায় কৰিছিল ৭ হেজাৰকৈ টকা । কালি দিছপুৰ থানাৰ আৰক্ষীয়ে স্বপ্ননীল দাসক আটক কৰি জেৰা কৰাৰ পিচত বিয়লি তেওঁক গ্রেপ্তাৰ কৰে । আৰক্ষীয়ে তেওঁৰ এখন মাৰ্চিডিজ, এখন ৰেঞ্জ ৰ’ভাৰকে ধৰি তিনিখন বিলাসী গাড়ী জব্দ কৰিছে । উল্লেখযোগ্য যে অনলাইন ট্রেডিং এজেন্টসকলৰ এনে বিলাসবহুল জীৱনেও সাধাৰণ লোকক ধনী হোৱাৰ সপোন দেখুৱাইছিল ।

ইপিনে বুধবাৰে শোণিতপুৰ আৰক্ষীৰ জালত পৰে অনলাইন ট্রেডিঙৰ মাষ্টাৰ মাইণ্ডসহ এক বৃহৎ চক্ৰ । কেইবাটাও কোম্পানীৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠান সৃষ্টি কৰি ধন ঘটাৰ অভিযোগ এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে ৷ তেজপুৰত গ্ৰেপ্তাৰ হৈছে হেমেন ৰাভা নামৰ এজন যুৱক । লগতে ৰঙাপৰা, মিছামাৰী আৰু তেজপুৰ সদৰ থানাৰ অন্তৰ্গত মুঠ ৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

অনলাইন ট্ৰেডিঙত জড়িত থকাৰ অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে নিশা ৰঞ্জিত কাকতি নামৰ আন এজন অভিযুক্তক আটক কৰে ৷ Trading FX নামৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগৰ নামত বহু ব্যক্তিৰ সাঁচতীয়া ধন হৰলুকি কৰাৰ অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে লোকজনক ৷

লগতে পঢ়ক: বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam

আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

প্ৰযোজকৰ ভূমিকা লোৱা বিশালে কিয় আধাতে এৰিছিল ছবিৰ কাম ? - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.