ETV Bharat / state

কাহিলীপাৰাত দুৰ্বৃত্তৰ আক্ৰমণত আহত আছু নেতা - AASU leader attacked

AASU leader attacked: গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা । শুকুৰবাৰে নিশা ৩ দুৰ্বৃত্তৰ আক্ৰমণ গুৰুতৰভাৱে আহত দিব্যজ্যোতি বৰ্মন নামৰ এগৰাকী আছু নেতা । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

AASU leader attacked
কাহিলীপাৰাত দুৰ্বৃত্তৰ আক্ৰমণত আহত আছু নেতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 1:39 PM IST

গুৱাহাটী, ১৬ জুন : গুৱাহাটীৰ কাহিলীপাৰাত চাঞ্চল্যকৰ ঘটনা । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক । যুৱকজন সদৌ অসম ছাত্ৰ সন্থাৰ নেতা দিব্যজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে । বৰ্মন কাহিলীপাৰা ছাত্ৰ সন্থাৰ উপদেষ্টা । এই ঘটনাটো শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিল ।

জানিব পৰা মতে, নিশা দিব্যজ্যোতি বর্মনে খোজকাঢ়ি কলনি নগৰস্থিত ঘৰলৈ গৈ আছিল । তেনে সময়তে নৰকাসুৰ পথত তিনি যুৱকে প্রথমে তেওঁক বাধা দিয়ে আৰু তাৰ পিচত যুৱকৰ দলটোৱে দিব্যজ্যোতি বৰ্মনৰ লগত তর্কাতর্কিত লিপ্ত হয় । ইয়াৰ পিচত যুৱককেইজনে দিব্যজ্যোতি বৰ্মনক আক্রমণ কৰে ।

যুৱককেইজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দিব্যজ্যোতি বৰ্মন । কাহিলীপাৰা ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীক আক্ৰমণ কৰিয়ে ঘটনাস্থলীৰ পৰা যুৱকৰ দলটোৱে পলায়ন কৰে । পৰৱৰ্তী সময়ত স্থানীয় লোকে আঘাতপ্রাপ্ত দিব্যজ্যোতি বৰ্মনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভর্তি কৰায় । ঘটনা সন্দৰ্ভত শনিবাৰে দিব্যজ্যোতি বৰ্মনৰ পৰিয়ালে ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে দোষীক কঠোৰ শাস্তিৰ দাবীত কাহিলীপাৰা আছুৱে আৰক্ষী অধীক্ষক আৰু মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকো ঘটনাৰ বিষয়ে অৱগত কৰিছে । কিন্তু দিব্যজ্য়োতি বৰ্মনক কোনে আৰু কিয় আক্ৰমণ কৰিছিল ? এই ঘটনাটোৱে সমগ্ৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আৰক্ষীৰ সঠিক তদন্তৰ পিচত হে পোহৰলৈ আহিব আছু নেতাজনক আক্ৰমণ কৰা যুৱককেইজন কোন আৰু তেওঁলোকে কিয় আক্ৰমণ কৰিছিল !

লগতে পঢ়ক :দেৰগাঁও ভয়ংকৰ পথ দুৰ্ঘটনাৰ চাৰ্জশ্বীট দাখিল - Golaghat Tragic Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.