ETV Bharat / state

লখিমপুৰত বনমন্ত্ৰীৰ পুত্তলিকা দাহনৰে আমছুৰ প্ৰতিবাদ - AAMSU PROTEST IN LAKHIMPUR

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 5:16 PM IST

Forest Department Encounter : লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ লখিমপুৰত সংগঠনটোৰ কৰ্মকৰ্তাসকলে বনমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ দোষীৰ উচিত শাস্তি দাবী ৷

AAMSU PROTEST IN LAKHIMPUR
বনমন্ত্ৰীৰ পুত্তলিকা দাহ (ETV Bharat Assam)

লখিমপুৰ, 24 জুন: বিগত শনিবাৰে নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনবিভাগৰ গুলীত নিহত হৈছিল দুজনকৈ লোক ৷ মাছমৰীয়াৰ সন্দেহত বন বিভাগে অতৰ্কিতে গুলীচালনা কৰাত থিতাতে নিহত হৈছিল দুই ভাতৃ ৷ এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে ৷

আমছুৰ প্ৰতিবাদ (ETV Bharat Assam)

এই ঘটনাৰ বিৰুদ্ধে সোমবাৰে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে ৷ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে প্ৰায় প্ৰতিখন জিলা সদৰতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰি আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সেই অনুসৰি, সোমবাৰে দিনৰ ভাগত লখিমপুৰত আমছুৱে বনমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহন কৰি লাওখোৱাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ - Forest Department Encounter

প্ৰতিবাদী সমদলটোৱে খেলমাটি আৰক্ষী চকীৰ সমীপত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বনমন্ত্ৰী পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে ৷ সমান্তৰালকৈ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বনমন্ত্ৰী হুচিয়াৰ, উই ৱাণ্ট জাষ্টিচ, গুলীৰে দমন নচলিব আদি শ্লোগানৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদী সমদলটোৱে ৷

প্ৰতিবাদস্থলীত উপস্থিত আমছুৰ নেতৃত্বই এটা সাধাৰণ মাছ মৰা ঘটনাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ নিৰ্দেশত ছমিৰুদ্দিন আৰু জমিৰুদ্দিন নামৰ দুজন ককাই-ভাইক হত্যা কৰা হয় বুলি ব্যক্ত কৰে ৷ বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখনে কেৱল গুলীৰে দমন কৰিব বিচাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি আমছুৰ নেতৃত্বই তৎকালীনভাৱে যি বন বিষয়াৰ নিৰ্দেশত এই ঘটনা সংঘটিত হৈছিল, তেওঁক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

অন্যথা ৰাইজৰ সহযোগত আমছুৱে ৰাজ্যজুৰি প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিব বুলি সকীয়নি দিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ জিলা সভাপতি জিয়াৰুল ইছলাম, সম্পাদক আল্লাউদ্দিন খিলিজি, মাইনুল ইছলামসহ অৰ্ধ শতাধিক আমছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: হত্যাৰ অভিযোগত অভিযুক্ত লাওখোৱা বন বিভাগ: বিধায়ক নুৰুল হুদা - Forest Department Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.