ETV Bharat / state

এই আন্দোলন ফাঁচি বজাৰলৈকে যাব : কি আন্দোলনৰ কথা ক’লে ২১ সংগঠনৰ যৌথমঞ্চৰ ? - Non Assamese controversy - NON ASSAMESE CONTROVERSY

Assamese banners in Golaghat : গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত ক'লা ৰং সনা কাৰ্যৰ অভিযোগত গোলাঘাট আৰক্ষীৰ গোচৰ ৰুজু পাঁচজন নেতাৰ বিৰুদ্ধে ৷ সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ ২১ টা জাতীয়-জনগোষ্ঠীয় সংগঠনেৰে গঠিত যৌথমঞ্চৰ ।

Assamese banners in Golaghat
গোলাঘাটত ২১ টা জাতীয়-জনগোষ্ঠী সংগঠনৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 8:13 PM IST

গোলাঘাট, ৩০ আগষ্ট : গোলাঘাট জিলাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা বেনাৰ-নাম ফলকত ৮০ শতাংশ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ দাবীত নগৰৰ মাজ-মজিয়াৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰিছিল যৌথ মঞ্চৰ বিষয়ববীয়াসকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিছত গোলাঘাট আৰক্ষীয়ে সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অপৰাধত গোচৰ ৰুজু কৰে যৌথমঞ্চৰ কাৰ্যকৰী সভাপতি নিপন গগৈ, যুটীয়া সম্পাদক মানৱ গগৈ, শোভন কোঁৱৰ, সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ আৰু উপদেষ্টা ইচাদ হুছেইনৰ বিৰুদ্ধে ৷

গোলাঘাটত ২১ টা জাতীয়-জনগোষ্ঠী সংগঠনৰ সংবাদমেল (ETV Bharat Assam)

গোলাঘাট আৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে গোলাঘাট প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত যৌথমঞ্চৰ কাৰ্যকৰী সভাপতি নিপন গগৈয়ে কয়, ‘‘২৪ আগষ্টত তাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গোলাঘাটৰ ২১ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে একগোট হৈ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যৌথমঞ্চ নামেৰে এটা সংগঠন জন্ম দিয়া হয় ৷ উক্ত মঞ্চৰ জৰিয়তে ৯ দফীয়া দাবীসম্বলিত পত্ৰ গোলাঘাট জিলা প্ৰশাসনক প্ৰদান কৰি ৭২ ঘন্টাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময়সীমা বান্ধি দিওঁ । কিন্তু ৭২ ঘন্টা অতিক্ৰম কৰাৰ পিছত জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত আমি বৃহস্পতিবাৰে গোলাঘাট নগৰৰ মাজমজিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা বেনাৰ, ছাইনবোৰ্ডত ক’লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰো ।’’

তেওঁ কয়, ‘‘আচলতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা প্ৰশাসনে আমাক সহযোগিতা আগবঢ়াব লাগিছিল ৷ কিন্তু গোলাঘাট জিলা প্ৰশাসনে আমাৰ পাঁচজন নেতাৰ ওপৰত গোচৰ ৰুজু কৰিছে । আচলতে আমি আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে যদি আন্দোলন কৰো, তাৰ কাৰণে প্ৰশাসনে আইন-শৃংখলাজনিত কাম কৰা বুলি গোচৰ ৰুজু কৰে । যদি আমি সামাজিক পৰিবেশ বিনষ্ট কৰিছো, তেনেহ’লে শাওন মাহত মাজৰাতি একাংশ উদণ্ড লোকে ব’লব’মত ডি জে বজাই মাতলামি কৰিছিল সেইসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই । আজি অসমীয়া জীয়াৰীৰ গাত চৰ মাৰি অনা অসমীয়া ৰক্ষা পৰে । অসম আৰক্ষীৰ এনে কাণ্ডৰ বাবে আমি দুখ পাইছো ।’’

নিপন গগৈয়ে কয়, ‘‘আমাৰ এটাই দাবী- আৰক্ষীয়ে আমাৰ ওপৰত তৰা গোচৰ অতি সোনকালে প্ৰত্যাহাৰ কৰক অন্যথা আমি হাজাৰখন বেনাৰ-ছাইনবোৰ্ডত ক'লা ৰং সানি যাম । আমি ভাবিবলৈ বাধ্য হ'ম যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত খিলঞ্জীয়া সুৰক্ষিত নহয় । আমাৰ মাটি-সম্পত্তিৰ ওপৰত অনা-অসমীয়াৰ আগ্ৰাসন চলি আছে । আজি নুমলীগড় শোধনাগাৰত একাংশ সন্দেহযুক্ত নগৰিকক বনুৱা হিচাপে নিয়োগ কৰা হৈছে । এইক্ষেত্ৰত স্থানীয় বিধায়কসকলে কিন্তু আমাৰ নিবনুৱা যুৱক-যুৱতীসকলক তাত সংস্থাপন দিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । আচলতে অসমত এইবিলাক কি হৈছে ? অসমত অসমীয়াৰ প্ৰভুত্ব থাকিবনে নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিবলৈ আমি ২১ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে দাবী জনাইছো । আমি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনালো গোলাঘাট আৰক্ষীক, আমাৰ ওপৰত দিয়া গোচৰ যদি উঠাই নলয় এই আন্দোলন কিন্তু ফাঁচি বজাৰলৈকে যাব, সেইটো স্পষ্ট ।" আনহাতে বৃহস্পতিবাৰে যৌথ মঞ্চৰ দ্বাৰা হোৱা প্ৰতিবাদৰ পিছত গোলাঘাট নগৰৰ ভালেসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত সানিলে ক'লা ৰং

৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি

এফালে মাতৃভাষাত শপতগ্ৰহণ, আনফালে সোণোৱালৰ ঘৰৰ সমীপতে বাঙালীত ওলমিল নামফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.