ETV Bharat / state

৭৭ টা বছৰে সেৱা আগবঢ়ালে অসম চিকিৎসা মহাবিদ্যালয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ আগশাৰীৰ এখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় । গৌৰৱোজ্জ্বল ৭৭ টা বছৰ অতিক্ৰম কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ে ।

77th Foundation Day of Assam Medical College
অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 2:06 PM IST

মৰাণ: উজনি অসমৰ ৰাইজৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয়ে আজি গৌৰৱোজ্জ্বল ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । ১৯৪৭ চনৰ ৩ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে ৭৭ টা গৌৰৱময় বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দিনজোৰাকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগৰ চৌহদত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰা পাছতেই আজি দিনজোৰাকৈ আৰম্ভ হয় অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ।

77th Foundation Day of Assam Medical College
কি কি বিভাগ‌ আছে অসম চিকিৎসা মহাবিদ্যালয়ত (ETV Bharat Assam)

আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, বিধায়ক বলিন চেতিয়া , ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ড৹ চৈকত পাত্ৰ, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সঞ্জীৱ কাকতিৰ লগতে মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীসকলে ।

গৌৰৱোজ্জ্বল ৭৭ টা বছৰ অতিক্ৰম কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ে (ETV Bharat Assam)

বিগত ৭৭ টা বছৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনে সমাজলৈ আগুৱাই দিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী । আজিও উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে চিকিৎসক হোৱাৰ সপোন লৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে ।

কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল অসম চিকিৎসা মহাবিদ্যালয় :

দেশৰ ভিতৰত আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত হিচাপে বিবেচিত হোৱা ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ৰ জন্ম পটভূমি ইংৰাজ শাসনৰ দিনৰে । জানিব পৰা অনুসৰি বৃটিছ সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া জন বেৰী হোৱাইটে ১৯০০ ত ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিল ।

ইয়াৰ পাছতেই ১৯৩৮ চনত সেই সময়ৰ অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসকসকলৰ দ্বাৰা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ৩ নৱেম্বৰত 'বেৰী হোৱাইট মেডিকেল স্কুল’ক 'অসম চিকিৎসা মহাবিদ্যালয়’লৈ উন্নীত কৰা হৈছিল ।

কি কি বিভাগ‌ আছে অসম চিকিৎসা মহাবিদ্যালয়ত:

৭৮ বছৰীয়া হোৱা অসম চিকিৎসা মহাবিদ্যালয়ত ২৪ ঘন্টাই ৰোগীৰ চিকিৎসাত নিজক সমৰ্পিত কৰি আহিছে অসম চিকিৎসা মহাবিদ্যালয়ে । ২৫ টা বিভাগৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই আহিছে । সেয়া হ’ল -

  • অৰ্থপেডিক্স বিভাগ,
  • ই এন টি বিভাগ,
  • এনাস্থেচিঅ'লজী,
  • কমিউনিটি মেডিচিন বিভাগ,
  • চকু চিকিৎসা বিভাগ,
  • চৰ্ম ৰোগ বিভাগ,
  • জৈৱ ৰাসায়নিক বিভাগ,
  • যক্ষ্মা ৰোগ বিভাগ,
  • দন্ত চিকিৎসা বিভাগ,
  • পেৰা মেডিকেল বিভাগ,
  • প্লাষ্টিক চাৰ্জাৰী বিভাগ,
  • ফাৰ্মাক'লজী বিভাগ,
  • ফিজিঅ'লজী বিভাগ,
  • ফৰেনচিক মেডিচিন বিভাগ,
  • মাইক্ৰবাইঅ'লজী বিভাগ,
  • মানসিক ৰোগ বিভাগ,
  • মেডিচিন বিভাগ,
  • ৰেডিঅ'ডায়েগনচিচ বিভাগ,
  • ৰোগ তত্ত্ব বিভাগ, শিশু চিকিৎসা বিভাগ,
  • শৈল চিকিৎসা বিভাগ,
  • শৰীৰ তত্ত্ব বিভাগ,
  • স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগ,
  • স্নায়ুৰোগ বিভাগ‌ আৰু
  • হৃদৰোগ বিভাগ ।

২৪ ঘন্টাই ৰোগীৰ সেৱাত উপলব্ধ অসম চিকিৎসা মহাবিদ্যালয়:

কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল অসম চিকিৎসা মহাবিদ্যালয় (ETV Bharat Assam)

এক দীঘলীয়া বাট অতিক্ৰম কৰি আজি পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে । ২৪ ঘন্টাই ৰোগীৰ সেৱাত উপলব্ধ অসম চিকিৎসা মহাবিদ্যালয় । কিন্তু সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ মহাবিদ্যালয়ৰ বহিঃবিভাগৰ ৰোগীক চিকিৎসা সেৱা কৰা হয় ।

ইয়াৰ সমান্তৰালভাৱে মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা জৰুৰীকালীন সেৱা বিভাগত সকলো গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসা ২৪ ঘন্টাই প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ফিজিঅ'থেৰাপিষ্টসকলৰ বাবে এখন পৰিষদৰ প্ৰয়োজন: ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য

লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ? - Assam Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.