ETV Bharat / state

সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:23 PM IST

Assam Flood : বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱত এতিয়াও আছে ৰাজ্যৰ ৯ খন জিলাৰ ৬৪১ খন‌‌ গাঁও । প্ৰথমটো বানৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ পূৰ্বেই দ্বিতীয়টো বানে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ সোমবাৰলৈকে লাভ কৰা তথ্য মতে, এই বানত ৩০ জন লোকৰ মৃত্যু হৈছে ৷

Assam Flood
অৱনমিত ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat)

গুৱাহাটী, ২৫ জুন : শেহতীয়াকৈ ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে । অৱশ্যে এতিয়াও ৰাজ্যৰ ৯ খন জিলা বানৰ কবলত আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (Assam disaster management authority) ৰ শেহতীয়া তথ্য মতে, অসমৰ ৯ খন‌ জিলা ক্ৰমে কামৰূপ, গোৱালপাৰা, বঙাইগাঁও, কৰিমগঞ্জ, কাছাৰ, দৰং, নগাঁও, বৰপেটা, হোজাই জিলা বানৰ কবলত আছে ৷

তথ্য অনুসৰি, সোমবাৰে বানৰ ফলত ৰাজ্যত এজন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা লোকজন কাছাৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এতিয়ালৈকে লাভ কৰা তথ্য মতে, বানৰ ফলত চলিত বছৰত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : বানৰ কবলত ১২ খন জিলাৰ তিনি লাখ লোক : মৃত্যুৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি - Assam Flood 2024

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে, অসমৰ ৯ খন‌ জিলা ক্ৰমে কামৰূপ, গোৱালপাৰা, বঙাইগাঁও, কৰিমগঞ্জ, কাছাৰ, দৰং, নগাঁও, বৰপেটা, হোজাই জিলাৰ ৬৪১ খন গাঁও এতিয়াও বানত বুৰ গৈ আছে । কৰিমগঞ্জ জিলাত ২৪৪ খন আৰু কামৰূপ জিলাত ২৩৯ খন‌ সৰ্বাধিক গাঁও এতিয়াও পানীৰ তলত আছে । এই বানত এতিয়াও ৯৬, ৪৪০ লোক ক্ষতিগ্ৰস্ত হৈ থকাৰ তথ্য লাভ কৰা হৈছে ।

উল্লেখ্য যে, বানপানী যদিও কিছু হ্ৰাস পাইছে তথাপি এতিয়াও ৰাজ্যত ১৪০ টা আশ্ৰয় শিবিৰত বানক্ৰান্ত লোকসকল আশ্ৰয় গ্ৰহণ কৰি আছে । এই আশ্ৰয় শিবিৰৰ অধিকাংশই কৰিমগঞ্জ জিলাত আছে । কৰিমগঞ্জ জিলাত ১০৫ টা আশ্ৰয় শিবিৰত এতিয়াও বানক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি আছে ।

লক্ষণীয় বিষয় যে, বান যোৱাৰ পিছত অৰ্থাৎ বানৰ শেষত ঠায়ে ঠায়ে‌ বিভিন্ন ‌সক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে ।‌ বহুত ঠাইত বানত ক্ষতিগ্ৰস্ত হৈছে বহু বাট-পথ, দলং আদি ৷ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

লগতে পঢ়ক : বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.