ETV Bharat / state

ৰঙা মোনাৰ পৰা সৰসৰকৈ সৰিল সোণৰ মুদ্ৰা ! কাহিনীটো কি ? - DOOM DOOMA POLICE STATION

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:12 PM IST

Updated : Aug 3, 2024, 9:30 PM IST

Doom Dooma fake gold coin : কলহ নহ’লেও কাপোৰৰ টোপোলাৰ পৰা ওলাল অগণন সোণৰ মুদ্ৰা ৷ ওজন কৰি জানিব পৰা গ’ল তাত আছিল প্ৰায় পাঁচ কেজি ৷ সাধু সাধু যেন লগা ঘটনাটো ক’ৰ ? ঘটনাটো সঁচানে ? চাওক এই প্ৰতিবেদন ৷

Doom Dooma fake gold coin
ৰঙা মোনাৰ পৰা সৰসৰকৈ সৰিল সোণৰ মুদ্ৰা ! (ETV Bharat Assam)

তিনিচুকীয়া, ৩ আগষ্ট : এটা বাস্তৱ কাহিনীয়ে আপোনাক কিছুক্ষণৰ বাবে লৈ যাব শৈশৱত ককা-আইতাই কোৱা সাধুবোৰৰ মাজলৈ ৷ অথবা অলৌকিক যেন লগা কিছু সঁচা কাহিনীৰ মাজলৈ, যিবোৰ ঘটনা এটা সময়ত প্ৰায়েই ঘটিছিল সপোনৰ দৰে ৷

এই ধৰক, কাউৰী পুৱাতে হালখন লৈ পথাৰলৈ গৈছিল খেতিয়কজন ৷ ৰঙা ঘূৰ, বগা ঘূৰ কৰি থাকোতে হঠাৎ ক’ৰবাত লাগি ৰৈ গ’ল নাঙলৰ ফাল ৷ কিনো হ’ল বুলি চাই দেখে যে এটা কলহ ৷ কলহটো আতৌ-পিতৌকৈ হাতত তুলি লৈ হতবাক ! কি আচৰিত ! এয়া দেখোন সোণৰ মুদ্ৰাৰে ভৰি থকা কলহ ! কলটোত ভৰ্তি হৈ আছে চকু চাটমাৰি যোৱাকৈ সোণৰ মুদ্ৰা ৷ কঁপাল ফুলিল পেটে-ভাতে খাই থকা কৃষকজনৰ ৷

অথবা এনেকুৱা সাধুও হয়তো আপুনি শুনিছে যে সপোনত এজন বগা কাপোৰ পিন্ধা ওখ মানুহ আহিল ৷ মূৰত তেওঁৰ এটা পাগুৰি ৷ আহি ক’লে যে সপোন দেখা লোকজনৰ বাৰীৰ চুকৰ আমজোপাৰ তলৰ কচুকেইজোপাৰ কাষতে এটা সোণৰ কলহ আছে ৷ কোনেও গম নোপোৱাকৈ গুৱা-পাণ এজোৰ দি খান্দিলে কলহটো পাব পাৰিব ৷

সেইধৰণৰ সাধু-কাহিনীবোৰ প্ৰায়েই আমি শুনি থাকো ৷ সেই সাধুবোৰৰ দৰেই এটা ঘটনা তিনিচুকীয়াত ঘটিল ৷ কাপোৰৰ এটা টোপোলাৰ পৰা চকু চাট মাৰি যোৱাকৈ সৰিল ইটোৰ পিচত সিটো সোণৰ মুদ্ৰা ! কিন্তু নকল সোণ ৷

নকল টকা, নকল সোণৰ ৰমৰমীয়া বজাৰে ৰাজ্যখন ছানি ধৰাৰ সময়তে সাধু-সাধুযেন লগা দৃশ্যটো দেখা গ’ল ডুমডুমা আৰক্ষী থানাত ৷ ঘটনা অনুসৰি ডুমডুমাৰ ৰূপাই চাইডিঙৰ ডাঃ ডি. চি. বৰাক এটা দম্পতীয়ে বিক্ৰী কৰিবলৈ আনিছিল নকল সোণৰ মুদ্ৰাখিনি ৷ সোণৰ মুদ্ৰাখিনি লৈ অনা দম্পতীটোৰ কাণ্ডত সন্দেহ ওপজাত ডুমডুমা আৰক্ষীক খবৰ দিয়ে ডাঃ ডি চি বৰাই ৷ আৰক্ষীক খবৰ দিয়াত দম্পতীটোৱে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও বিছাকুপি চাহ বাগিচাৰ সন্মুখত আৰক্ষীয়ে খেদি খেদি এখন অট’ৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

মহিলাগৰাকীক কৰায়ত্ত কৰে যদিও মহিলাগৰাকীৰ সৈতে অহা স্বামীয়ে পলায়ন কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নকল সোণৰ মুদ্ৰাসমূহ জব্দ কৰাৰ উপৰিও মহিলাগৰাকীক আটক কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ডুমডুমা আৰক্ষীয়ে ৷ জব্দ কৰা নকল সোণৰ মুদ্ৰাখিনি ওজন প্ৰায় ৫ কিলোগ্ৰাম ৷ আটকাধীন মহিলাগৰাকী কানপুৰৰ বুলি স্বীকাৰোক্তি দিছে আৰক্ষীৰ আগত ৷

লগতে পঢ়ক : গোলাঘাটত নকল সোণসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

লগতে পঢ়ক : জালনোট বনোৱা মেচিনসহ লখিমপুৰ আৰক্ষীৰ জালত দুই যুৱক

লগতে পঢ়ক : বঙালমৰাত খেদি-খেদি দুই নকল সোণ বেপাৰীক আটক

Last Updated : Aug 3, 2024, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.