ETV Bharat / state

গোলাঘাট জিলা SMSS ৰ চতুৰ্থ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা - Krishak Mukti Sangram Samiti

Representative Meeting of SMSS: গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা । আকাশ দাৱক সভাপতি, জ্যোতিষ্মান বৰাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি শুকুৰবাৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৩১ জনীয়া এখন নতুন সমিতি গঠন কৰা হয় ।

4th Biennial Representative Meeting of Golaghat SMSS
গোলাঘাট জিলা SMSS ৰ চতুৰ্থ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 5:09 PM IST

সৰুপথাৰ,২ মাৰ্চ: অখিল গগৈৰ নেতৃত্বত জন্ম লাভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি নামৰ কৃষক সংগঠনটোৱে । ভূমিহীন কৃষক শ্ৰেণীটোৰ মাটিৰ পট্টাৰ দাবী, অসমত জলসিঞ্চনৰ সুবিধা প্ৰদান, নদীবান্ধকে ধৰি বিভিন্ন বিষয়ৰ দাবীৰে অখিল গগৈৰ নেতৃত্বত সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । পৰৱৰ্তী সময়ত 'অধ্যয়ন দায়বদ্ধতা সংগ্ৰাম'ক মূল মন্ত্ৰ হিচাপে জন্ম দিছিল ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।

4th Biennial Representative Meeting of Golaghat SMSS
গোলাঘাট জিলা SMSS ৰ চতুৰ্থ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা

অসমৰ প্ৰত্যোকটো সমস্যাৰে দাবী উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুয়োটাই । শুকুৰবাৰে গোলাঘাট মৈত্ৰী সংঘত গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হয় । ১৭ খন আঞ্চলিকৰ প্ৰায় ২০০ ৰো অধিক কৰ্মীৰ উপস্থিতিত সভাৰ সৰ্বসন্মতি মৰ্মে পুনৰবাৰ আকাশ দাৱক জিলাখনৰ সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰা হয় ৷ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় জ্যোতিষ্মান বৰাক ।

কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া, জিলা, মহকুমা আৰু আঞ্চলিক সমিতিৰ সমূহ সতীৰ্থক নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, উপ-সভাপতি ঋতুৰাজ বৰুৱা, সুৰজ গগৈ, লক্ষীমণি গগৈ, সাধাৰণ সম্পাদক জ্যোতিষ্মান বৰাক সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন নতুন সমিতি গঠন কৰা হয় ।

শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি কাশ্যপনন্দন কলিতা, সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী, সাংগঠনিক সম্পাদক পিণ্টু গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সহ-সম্পাদক হিৰক শইকীয়া, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ৰিপুন মহন্তকে আদি কৰি বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকে ।

লগতে পঢ়ক: ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.