ETV Bharat / state

১৬ মে’ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজলৈ যাব ৩৮০০ গৰাকী হজযাত্ৰী - Haj Yatra 2024 - HAJ YATRA 2024

Haj pilgrims from North East: উত্তৰ-পূবৰ ৩৮০০ গৰাকীয়ে কৰিব হজলৈ যাত্ৰা । ইয়াৰে ৩৪০০ গৰাকী হজযাত্ৰী অসমৰ । মে’ৰ দ্বিতীয় সপ্তাহত আৰম্ভ কৰিব যাত্ৰা ৷

Haj pilgrims from North East
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজলৈ যাব ৩৮০০ গৰাকী হজযাত্ৰী (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:24 PM IST

গুৱাহাটী, ১১ মে’: অহা মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা দেশ তথা ৰাজ্যৰ হজযাত্ৰীসকলৰ যাত্ৰা আৰম্ভ কৰিব । এইবাৰ উত্তৰ-পূবৰ ৩৮০০ গৰাকী যাত্ৰী হজলৈ যাত্ৰা কৰিব । ইয়াৰে অসমৰ ৩৪০০ গৰাকী হজযাত্ৰী । এই কথা ই টিভি ভাৰতক সদৰী কৰিছে ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে ।

হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জনায় যে ৰাজ্যিক হজ কমিটিৰ উদ্যোগত উত্তৰ-পূব ৩৮০০ গৰাকী হজযাত্ৰীয়ে গুৱাহাটী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিব । তদুপৰি ৰাজ্যিক হজ কমিটিৰ উদ্যোগত কলকাতাৰ পৰা ৪০০ গৰাকী হজযাত্ৰী ১৪ আৰু ১৫ মে’ত হজলৈ যাত্ৰা কৰিব ।

হজযাত্ৰীসকল নিদিষ্ট বিমানবন্দৰ পৰা জেদ্দা তথা মদিনালৈ পোনপটীয়া যাত্ৰা কৰিব ।‌ ইতিমধ্যে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । নেকিবুৰ জামানে জনায় যে অহা ১৫ মে’ৰ পূৰ্বে হজলৈ যাবলগীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো হজযাত্ৰী গুৱাহাটীৰ গান্ধীবস্তিত থকা হাজী মুছাফীৰ খানাত উপস্থিত হ’ব । হাজী মুছাফীৰ খানাত ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা হজযাত্ৰীসকলৰ সকলো থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব ।

ইয়াৰোপৰি ১৫ মে’ত হাজী মুছাফীৰ খানাত ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা হজযাত্ৰীসকলক আদৰণি জনাই এখন‌ সভাৰ আয়োজন কৰা হ'ব । ১৬ মে'ৰ পৰা যাত্ৰা কৰিবলগীয়া হজযাত্ৰীসকলক হাজী মুছাফীৰ খানাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ যোৱাৰ‌ বাবে ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰা‌ হ’ব ।

ইপিনে তেওঁ জনায় যে যোৱা তিনিবছৰৰ পৰা ৰাজ্য চৰকাৰে হজলৈ যোৱা যাত্ৰীসকলৰ বিমান ভাড়াৰ কিছু অংশ বহন কৰা‌‌ বন্ধ কৰিছে । এই ক্ষেত্ৰত‌ হজলৈ যোৱা যাত্ৰীসকলে আপত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰে হজলৈ যোৱা হজযাত্ৰীসকলৰ বিমান ভাড়াৰ কিছু অংশ বহন কৰা‌‌ বন্ধ কৰিছে । তেওঁ জনায় যে অসমৰ পৰা জেদ্দা তথা মদিনালৈ পোনপটীয়াকৈ যোৱা বিমানৰ ভাড়া‌‌ বৃদ্ধি হৈছে । এজন হজযাত্ৰীৰ ২০১৭ চনত বিমান ভাড়া আছিল ১.৭০ লাখ টকা, ২০২৩ চনত আছিল ৩.৫০ লাখ টকা আৰু এইবাৰ ৪.৮০ লাখ টকা হৈছে ।

লগতে পঢ়ক: মদিনা অভিমুখে ৰাওনা প্ৰথমটো হজযাত্ৰীৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.