ETV Bharat / sports

জল সংকট আৰু আইপিএলৰ সম্পৰ্ক কি ? - World Water Day 2024

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:18 PM IST

World Water Day 2024: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এক বৃহৎ ফেনবেচ আছে আৰু ই ভাৰতৰ আটাইতকৈ জনপ্ৰিয় লীগ । অৱশ্যে পানীৰ সংকটৰ বাবে বিভিন্ন ৰাজ্যত আইপিএল একাধিকবাৰ সমালোচনাৰ সন্মুখীন হৈছে । আজি বিশ্ব জল দিৱসৰ দিনটোত কিয় চৰ্চা লাভ কৰিছে বিষয়টোৱে ?

World Water Day 2024
জল সংকট আৰু আইপিএলৰ সম্পৰ্ক

স্পৰ্টছ ডেস্ক,২২ মাৰ্চ : বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ২০২৪ৰ সংস্কৰণ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)ৰ মাজত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ প্ৰথমখন খেল । কেৱল ক্ৰিকেটৰ ৰোমাঞ্চৰ বাবেই নহয় খেলপথাৰৰ বাহিৰৰ সমস্যাৰ বাবেও এই প্ৰতিযোগিতাখন চৰ্চিত হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আই পি এল ২০২৪ত, বেংগালুৰু পানী যোগান আৰু নৰ্দমা ব'ৰ্ডে (বিডব্লিউএছএছবি) পিটছ প্ৰস্তুতিৰ বাবে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত নলাৰ পৰা নিষ্কাষণ কৰা পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছিল । ক্ৰিকেট ষ্টেডিয়াম এখনৰ তত্বাৱধানৰ বাবে সাধাৰণতে দৈনিক ১৫,০০০-২০,০০০ লিটাৰ পানীৰ প্ৰয়োজন হয় ।

স্পট ফিক্সিং কেলেংকাৰী আৰু ফ্ৰেঞ্চাইজিৰ ওপৰত নিষেধাজ্ঞাৰ উপৰিও, পানীৰ অভাৱো এক সমস্যা আছিল যাৰ বাবে প্ৰতিযোগিতাৰ সময়সূচীক লৈ বহুলোকে সমালোচনা কৰিছিল । প্ৰতিযোগিতাখনে এইবাৰ কিছু সমালোচনাৰ সন্মুখীন হ'ব পাৰে আৰু বেংগালুৰুৱে পানীৰ অভাৱৰ সন্মুখীন হ'ব পাৰে । আজি বিশ্ব জল দিৱস উপলক্ষে আমি সেই উদাহৰণবোৰ লক্ষ্য কৰোঁ আহক যেতিয়া এখন নিৰ্দিষ্ট ৰাজ্যত পানীৰ অভাৱৰ বাবে এই প্ৰতিযোগিতা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

দেশখনে পানীৰ সংকটেৰে যুঁজি থকাৰ সময়তে ২০১৬ চনত এই বিষয়টো চৰ্চালৈ আহিছিল । মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু ছত্তীশগড়ত খেলৰ সময়সূচীক লৈ প্ৰশ্ন উত্থাপিত হৈছিল আৰু বিষয়টোকলৈ প্ৰতিবাদো হৈছিল ।

২০১৬ চনৰ আইপিএল সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে ২৯,০০০ ৰো অধিক গাঁৱত খৰাং পৰিস্থিতিৰ ঘোষণা কৰিছিল । লোক সত্তা মোভমেণ্টে সেই সময়ত বোম্বাই উচ্চ ন্যায়ালয়ত মুম্বাই, পুনে আৰু নাগপুৰত অৱস্থিত খেলপথাৰত খেলিবলগীয়া সকলো মেচ ৰাজ্যৰ বাহিৰত স্থানান্তৰ কৰিবলৈ এখন আবেদন দাখিল কৰিছিল । তথাপিও, মুম্বাই ইণ্ডিয়ানছে ৯ এপ্ৰিলত টুৰ্ণামেণ্টৰ প্ৰথম খেল ৰাইজিং পুনে চুপাৰজায়ান্টছৰ বিৰুদ্ধে মুম্বাইত খেলিছিল ।

মুম্বাই আৰু পুনেৰ ফ্ৰেঞ্চাইজিয়ে নৰ্দমা-নিষ্কাষণ পানী ব্যৱহাৰ কৰা আৰু সাহায্য পুঁজিলৈ দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আদালতে প্ৰতিযোগিতাখনৰ ১৩ খন খেল মহাৰাষ্ট্ৰৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল । মুম্বাই আৰু মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই এই প্ৰস্তাৱৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল কিন্তু সেই আবেদন খাৰিজ কৰা হৈছিল । ৰাজস্থান আৰু ছত্তীশগড়তো একেধৰণৰ আবেদন দাখিল কৰা হৈছিল ।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এই সকলো বিষয়ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে আইপিএল সাধাৰণ লক্ষ্য হৈ পৰিছে । তেওঁ কয়, "যোৱা ৯-১০ বছৰ ধৰি কি হৈ আছে বুলি আপুনি ভাবে ? সদায়েই আইপিএলৰ পূৰ্বে বা প্ৰতিযোগিতাৰ সময়ত এই ধৰণ বিতৰ্কবোৰ হয় । ই এক সাধাৰণ লক্ষ্য হৈ আহিছে ।"

ভাৰতৰ ক্ৰীড়া ফেডাৰেচনসমূহে সমগ্ৰ বিশ্বৰ ক্ৰীড়া ষ্টেডিয়ামৰ পৰা কিছু শিক্ষা ল'ব পাৰে । কেলিফৰ্ণিয়াৰ ৰাবোবেংক এৰিনা, ইউকে আৰু অষ্ট্ৰেলিয়াৰ লৰ্ডছ আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডে ক্ৰমান্বয়ে জলসিঞ্চনৰ বাবে পুনৰ্ব্যৱহাৰযোগ্য পানী ব্যৱহাৰ কৰে আৰু খেলপথাৰৰ এলেকাত সেই পানী ছটিয়াই দিয়ে । ভাৰতীয় ষ্টেডিয়ামবোৰতো একে পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.