ETV Bharat / sports

সলনি হ’ব টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ! দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে এই সালসলনি - IND VS SA T20I SERIES

IND vs SA: টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক সলনিৰ সম্ভাৱনা ! পিছে কাক নিযুক্তি দিয়া হ’ব গৌতম গম্ভীৰৰ স্থানত ?

IND vs SA T20I SERIES
ফাইল ফটো (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 28, 2024, 6:18 PM IST

স্প’ৰ্টছ ডেস্ক: 8 নৱেম্বৰৰ পৰা টি-20 শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই । কিন্তু দলটোৰ মুখ্য প্ৰশি7ক হিচাপে এই ভ্ৰমণত উপস্থিত নাথাকে গৌতম গম্ভীৰ ৷

বি চি চি আইৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰী কৰা অনুসৰি, আন এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক গৌতম গম্ভীৰৰ স্থানত নিযুক্তি প্ৰদান কৰা হ’ব ৷ এই খবৰে স্বাভাৱিকতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত ৷

IND vs SA T20I SERIES
গৌতম গম্ভীৰ (IANS Photo)

লাভ কৰা তথ্য অনুসৰি, গৌতম গম্ভীৰৰ স্থান ল’ব প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণে ৷ লক্ষ্মণে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ।

ভাৰতে ডাৰবান, গেবেৰা, চেঞ্চুৰিয়ান আৰু জোহান্সবাৰ্গত ক্ৰমে 8, 10, 13 আৰু 15 নৱেম্বৰত চাৰিখন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিব । এই মেচসমূহৰ সময়সূচী পলমকৈ নিৰ্ধাৰণ কৰা হৈছিল, যাৰ বাবে গৌতম গম্ভীৰ এই ভ্ৰমণৰ বাবে উপলব্ধ নহ'ব ৷

কিয়নো টীম ইণ্ডিয়াই 10-11 নৱেম্বৰৰ আশে-পাশে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হ'ব আৰু ইয়াৰ মাজতে এই শৃংখলা অনুষ্ঠিত হ'ব ।

IND vs SA T20I SERIES
ভি ভি এছ লক্ষ্মণ (IANS Photo)

বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত (এন চি এ) কাম কৰা কৰ্মচাৰী আৰু অন্যান্য প্ৰশিক্ষকসকলে লক্ষ্মণৰ সৈতে প্ৰশিক্ষণ কৰ্মচাৰীৰ অংশ হ'ব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) 25 অক্টোবৰত চাৰিখন টি-20 মেচৰ বাবে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 15 জনীয়া দলটো ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে ঘৰুৱা ছিজনৰ মাজভাগত ভাৰতে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়সূচী নিৰ্ধাৰণ কৰাক লৈ কিছু সমালোচনা হৈছিল । প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰে স্প’ৰ্টষ্টাৰত লিখিছিল, "অহা মাহত অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত চাৰিখন খেলৰ টি-20 শৃংখলা অনুষ্ঠিত হ'ব । অহা মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা এটা 'এ' দলো থাকিব ৷ সেয়েহে কাৰ্যকৰীভাৱে প্ৰিমিয়াৰ ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট ৰঞ্জী ট্ৰফীত তেওঁলোকৰ ৰাজ্যিক দলৰ বাবে প্ৰায় 50 ৰ পৰা 60 জন খেলুৱৈ উপলব্ধ নহ'ব" ।

টি-20 দলটো: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈই, অৰ্শদীপ সিং, বিজয়কুমাৰ ব্যাশংক, আবেশ দয়াল খান আৰু যশদয়াল ।

লগতে পঢ়ক: ইমাৰ্জিং এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি আফগানিস্তানৰ ইতিহাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.