ETV Bharat / sports

কেইবাটাও অভিলেখৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰ সম্পূৰ্ণ বিৰাট কোহলীৰ - VIRAT KOHLI 16 YEARS OF CRICKET

author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 12:36 PM IST

Virat Kohli 16 years of international cricket: বিৰাট কোহলীয়ে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত সম্পূৰ্ণ কৰিলে 16 বছৰ ৷ আজিৰ দিনটোতে কোহলীয়ে ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰিছিল আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত । সেই উপলক্ষে ভাৰতীয় তাৰকা ক্ৰিকেটাৰগৰাকীৰ সৈতে জড়িত থকা বিশেষ কিছু তথ্য এই প্ৰতিবেদনত আগবঢ়োৱা হ’ল ৷

VIRAT KOHLI 16 YEARS OF CRICKET
বিৰাট কোহলী (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 16 বছৰে দপদপাই থকা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ নাম যাৰ বিৰাট কোহলী, জনপ্ৰিয়ভাৱে তেওঁক জনা যায় কিং কোহলী হিচাপে ৷ কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সফলতাৰে সম্পূৰ্ণ কৰিলে 16 টাকৈ বছৰ । 2008 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা খেলুৱৈগৰাকীয়ে ভাৰতৰ হকে প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷

এই সুদীৰ্ঘ সময়ত ভাৰতীয় তাৰকা ক্ৰিকেটাৰগৰাকীৰ সৈতে জড়িত থকা বিশেষ কিছু তথ্য এই প্ৰতিবেদনত আগবঢ়োৱা হ’ল ৷

VIRAT KOHLI 16 YEARS OF CRICKET
বিৰাট কোহলী (IANS PHOTOS)

বিৰাট কোহলীয়ে গঢ়া অভিলেখসমূহ

  • বিৰাট কোহলীয়ে 2008 চনৰ 18 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল ৷ তেওঁ ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰা 175 নং খেলুৱৈ আছিল । বিৰাটে তেওঁৰ প্ৰথমখন এদিনীয়াত মাত্ৰ 12 ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু এই শৃংখলাত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা চতুৰ্থগৰাকী ভাৰতীয় বেটছমেনত পৰিণত হয় ।
  • বিৰাট কোহলীয়ে 2009 চনত শ্ৰীলংকাৰ ক্ৰিকেট দলৰ বিৰুদ্ধে তেওঁৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছিল । এই খেলখনত 114 টা বলত 107 ৰাণ সংগ্ৰহেৰে এক দৰ্শনীয় ইনিংছ আগবঢ়াইছিল খেলুৱৈগৰাকীয়ে ৷
    VIRAT KOHLI 16 YEARS OF CRICKET
    বিৰাট কোহলী (IANS PHOTOS)
  • বিৰাট কেইবছৰমানৰ ভিতৰতে টীম ইণ্ডিয়াৰ বাবে এজন বিশেষ খেলুৱৈ হৈ পৰে ৷ সমান্তৰালকৈ তেওঁ 2011 চনৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দলৰো অংশ আছিল । বিৰাটে 2011 চনৰ 2 ফেব্ৰুৱাৰীত এদিনীয়া বিশ্বকাপত মীৰপুৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন মেচত অপৰাজিতভাৱে শতক অৰ্জন কৰিছিল ।
  • বিৰাট কোহলীয়ে 2010 চনৰ 12 জুনত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ হৈ টি-20 ত আত্মপ্ৰকাশ কৰে । তেওঁ হাৰাৰেত আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন টি-20 মেচত অপৰাজিত 26 ৰাণ সংগ্ৰহ কৰে । টি-20 ক্ৰিকেটত বিৰাটৰ নামত মাত্ৰ এটা শতক আছে, যিটো তেওঁ এছিয়া কাপ 2022 ৰ 8 ছেপ্টেম্বৰত ডুবাইত আফগানিস্তানৰ বিৰুদ্ধে খেলি সংগ্ৰহ কৰিছিল ৷ উক্ত মেচত বিৰাটে 90 টা বলত 122 ৰাণ সংগ্ৰহ কৰে ।
  • বিৰাটে 2011 চনৰ 30 জুনত ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটায় । তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰি প্ৰথম ইনিংছত 4 ৰাণ আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে 15 ৰাণ । বিৰাটে 2012 চনত পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিছিল । টেষ্ট ক্ৰিকেটতো তেওঁৰ 7 টা দ্বি-শতকৰ অভিলেখ আছে ৷
    VIRAT KOHLI 16 YEARS OF CRICKET
    বিৰাট কোহলী (IANS PHOTOS)
  • বিৰাট কোহলী হৈছে আন্তৰ্জাতিক টি-20 ত সৰ্বাধিক 50 ৰাণ বা ততোধিক ৰাণ সংগ্ৰহকাৰী বিশ্বৰ প্ৰথমগৰাকী বেটছমেন । আন্তঃৰাষ্ট্ৰীয় টি-20 ত তেওঁৰ নামত আছে 38 টা অৰ্ধ-শতক ৷
  • বিৰাট কোহলী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চতুৰ্থগৰাকী সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । শচীন তেণ্ডুলকাৰ, কুমাৰ ছাংগাকাৰা আৰু ৰিকী পণ্টিং এই তালিকাৰ প্ৰথম তিনিটা স্থানত আছে । বিৰাটে 533 খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছে 26,942 ৰাণ ৷ তাৰকা বেটছমেনগৰাকীৰ নামত আছে 80 টা শতক আৰু 140 টা অৰ্ধ-শতক ৷

বিৰাট কোহলীৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছু বিশেষ তথ্য

  • বিৰাট কোহলীৰ জন্ম হৈছিল 1988 চনৰ 5 নৱেম্বৰত ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত । বলিঙৰ উপৰিও বিৰাট কোহলীয়ে তেওঁৰ শৈশৱৰ দিনবোৰত উইকেটৰক্ষকৰ ভূমিকা পালন কৰিছিল । যিটো আন্তৰ্জাতিক পৰ্যায়তো বহুবাৰ দেখা গৈছে ।
    VIRAT KOHLI 16 YEARS OF CRICKET
    বিৰাট কোহলী (IANS PHOTOS)
  • কোহলী 2017 চনৰ 11 ডিচেম্বৰত ইটালীত বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ সম্প্ৰতি এজনী ছোৱালী আৰু এজন পুত্ৰৰ সৈতে খেলুৱৈগৰাকীৰ সুখী সংসাৰ ৷ বিৰাটৰ পৰিয়ালটোৰ আজৰি সময়ৰ প্ৰথম পছন্দ লণ্ডন ৷ সেয়ে তেওঁলোকে প্ৰায়ে বন্ধৰ সময় উদযাপন কৰিবলৈ লণ্ডনলৈ ঢাপলি মেলে ।
  • বিৰাট কোহলী হৈছে একমাত্ৰ খেলুৱৈ, যিয়ে কেতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ(আই পি এল) ফাইনেলত অংশগ্ৰহণ কৰা নাই । তেওঁ আই পি এলৰ আৰম্ভণিৰে পৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(আৰ চি বি) ৰ হৈ খেলি আছে ।
  • বিৰাট কোহলীক অৰ্জুন বঁটা, পদ্মশ্ৰী, খেলৰত্ন আৰু আই চি চি প্লেয়াৰ অৱ দা ইয়েৰ বঁটা প্ৰদান কৰা হৈছে ।
    VIRAT KOHLI 16 YEARS OF CRICKET
    বিৰাট কোহলী (IANS PHOTOS)

তিনিওটা ফৰ্মেটত বিৰাট কোহলীৰ পৰিসংখ্যা

  1. টেষ্ট মেচ - 113 : ৰাণ - 8,848 (শতক - 29 আৰু অৰ্ধশতক - 30) - সৰ্বাধিক স্ক’ৰ - 254*
  2. এদিনীয়া - 295 : ৰাণ - 13,906 (শতক - 50 আৰু অৰ্ধশতক - 72) - সৰ্বাধিক স্ক’ৰ - 183
  3. টী 20 - 125 : ৰাণ - 4,188 (শতক - 1 আৰু অৰ্ধশতক - 38) - সৰ্বাধিক স্ক’ৰ - 122*

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিক ২০২৪: ইতিহাস ৰচিবলৈ সাজু ৮৪ জনীয়া ভাৰতীয় দল - Paris Paralympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.