ETV Bharat / sports

দিল্লী বিমানবন্দৰত উষ্ম আদৰণি বিনেশ ফোগাটক - Vinesh Phogat gets grand welcome

author img

By ETV Bharat Sports Team

Published : Aug 17, 2024, 2:30 PM IST

Updated : Aug 17, 2024, 6:04 PM IST

Vinesh Phogat gets grand welcome: পেৰিছৰ পৰা খালী হাতে উভতিল বিনেশ ফোগাট । দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে দেশৰ একাংশ মল্লযুঁজাৰু আৰু অনুৰাগীয়ে বিনেশক উষ্ম আদৰণি জনায় ।

Vinesh Phogat gets grand welcome
দিল্লী বিমানবন্দৰত উষ্ম আদৰণি বিনেশ ফোগাটক (IANS Photos)

স্পৰ্টছ ডেস্ক,১৭ আগষ্ট : অৱশেষত ভাৰতত উপস্থিত হ'ল মল্লযুঁজাৰু বিনেশ ফোগাট । ভাৰতীয় মহিলা মল্লযুঁজাৰুগৰাকী শনিবাৰে পুৱা ১০:৩০ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হয় । পেৰিছ অলিম্পিক ২০২৪ত ঐতিহাসিক প্ৰদৰ্শন কৰা বিনেশক বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় । বিনেশৰ সহযোগী তথা ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়া আৰু সাক্ষী মালিকসহ কেইবাগৰাকী মল্লযুঁজাৰু তেওঁৰ অনুৰাগীসকলে বিনেশ ফোগাটক উষ্ম আদৰণি জনায় ।

বিনেশ ফোগাটক উষ্ম আদৰণি :

বিমানবন্দৰৰ বাহিৰত বিনেশৰ হাজাৰ হাজাৰ অনুৰাগী উপস্থিত হয় । বিনেশ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে অনুৰাগীসকলে ঢোল বজাই তেওঁক আদৰণি জনায় । এই সময়ছোৱাত সাক্ষী মালিক আৰু তেওঁৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধু বজৰং পুনিয়াক বিমানবন্দৰৰ বাহিৰত বিনেশৰ বাবে অপেক্ষা কৰা দেখা গৈছিল ।

বিনেশ ফোগাটৰ সৈতে কি হৈছিল ?

উল্লেখ্য যে বিনেশ ফোগাটে পেৰিছ অলিম্পিক ২০২৪ ত মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰিছিল । অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে ইতিহাস সৃষ্টি কৰে । কিন্তু চূড়ান্ত খেলৰ পুৱা বিনেশৰ ওজন প্ৰয়োজনত কৈ অধিক পোৱা গৈছিল । যাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয় । ওজন মাত্ৰ ১০০ গ্ৰাম বেছি থকাৰ বাবেই তেওঁ চূড়ান্ত খেলখন খেলিব নোৱাৰিলে । অৱশ্যে পিচত এই সিদ্ধান্তৰ বিৰুদ্ধে বিনেশ ফোগাট আৰু আইঅ'এয়ে চিএএছত যুটীয়া ৰূপৰ পদকৰ দাবীত আবেদন জনায় । চিএএছয়ে শুনানিৰ বাবে বিনেশৰ আবেদন গ্ৰহণ কৰে । কিন্তু সিদ্ধান্তটো বিনেশৰ পক্ষত নাহিল আৰু ৰূপৰ পদকৰ দাবী নাকচ কৰে ।

যাৰ বাবে অলিম্পিকত অদমনীয় প্ৰদৰ্শন কৰিও পদক অবিহনে ঘৰলৈ উভতিব লগা হ'ল বিনেশ ফোগাট । পদক লাভ কৰিব নোৱাৰিলেও তেওঁ লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । কাৰণ পেৰিছত তেওঁৰ সংগ্ৰাম সমগ্ৰ দেশে দেখিছে ।

লগতে পঢ়ক :নিজৰ অৱসৰক লৈ ডাঙৰ ঘোষণা বিনেশ ফোগাটৰ; পৰৱৰ্তী অলিম্পিকলৈ খেলাৰ ইচ্ছা - Paris Olympics 2024

Last Updated : Aug 17, 2024, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.