ETV Bharat / sports

বেডমিণ্টনৰ অনুৰ্ধ 15 ছোৱালী শাখাত তনভী পাত্ৰীৰ খিতাপ জয় - BADMINTON ASIA CHAMPIONSHIP

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 5:58 PM IST

Badminton Asia U17 & U15 Championships: ভাৰতৰ যুৱ শ্বাটলাৰ তনভী পাত্ৰীয়ে বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত অনুৰ্ধ-15 ছোৱালীৰ একক শাখাত দখল কৰিছে খিতাপ ৷

BADMINTON ASIA CHAMPIONSHIP
তনভী পাত্ৰী (BAI Media)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: দেওবাৰে চীনৰ চেংডুত অনুষ্ঠিত বেডমিণ্টন এছিয়া অনুৰ্ধ-17 আৰু অনুৰ্ধ-15 চেম্পিয়নশ্বিপৰ ফাইনেলত ভিয়েটনামৰ নগুয়েন থি থু হুয়েনৰ বিৰুদ্ধে জয়লাভ কৰে তনভী পাত্ৰীয়ে ৷ এছিয়ান অনুৰ্ধ-15 ছোৱালীৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চেম্পিয়নত পৰিণত হোৱা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিগণিত হয় তনভী ৷

ভাৰতৰ শীৰ্ষস্থান প্ৰাপ্ত খেলুৱৈগৰাকীয়ে দ্বিতীয় স্থানত থকা নগুয়েনক 34 মিনিটত 22-20, 21-11 ব্যৱধানত পৰাস্ত কৰি সমগ্ৰ প্ৰতিযোগিতাখনত কোনো খেলত পৰাজিত নোহোৱাকৈ খিতাপ জয় কৰে ।

এই জয়ৰ সৈতে পাত্ৰীয়ে এছিয়ান অনুৰ্ধ-15 শাখাত চেম্পিয়ন হোৱাসকলৰ তালিকাত ছামিয়া ইমাদ ফাৰুকী(2017) আৰু তাছনিম মীৰ(2019)ৰ দৰে খেলুৱৈৰ সৈতে নিজৰ নাম সন্নিৱিষ্ট কৰে ৷

14 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীক নগুয়েনৰ বিৰুদ্ধে ফাইনেলত শক্তিশালী স্থিতিত উপনীত হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয় ৷ ভিয়েটনামী খেলুৱৈগৰাকীয়ে নিজৰ স্থিতি অটুট ৰাখিবলৈ আৰম্ভণিৰে পৰা খেলখনত কঠিন যুঁজ দিয়ে ৷ কিন্তু খেলখনৰ প্ৰথম ৰাউণ্ডত স্থিতি অটুট ৰাখি দ্বিতীয় ৰাউণ্ডতো খেলুৱৈগৰাকীয়ে খেলখন নিজৰ নিয়ন্ত্ৰণত ৰাখে ৷

বি এ আইৰ সচিব সঞ্জয় মিশ্ৰই কয়, "বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত তনভী পাত্ৰীৰ খিতাপ জয় আৰু অনুৰ্ধ-17 পুৰুষৰ একক শ্ৰেণীত জ্ঞান দত্তুৰ ব্ৰঞ্জৰ পদকে আকৌ এবাৰ ভাৰতৰ শক্তিশালী প্ৰতিভা চিনাক্ত কৰাৰ ক্ষেত্ৰত বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । শক্তিশালী আৰু অত্যন্ত প্ৰতিযোগিতামূলক ঘৰুৱা শৃংখলাটোৱে আমাৰ শীৰ্ষ খেলুৱৈসকলক এনে মুখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । মই নিশ্চিত যে, আমি কেৱল তনভী আৰু জ্ঞানৰ পৰাই নহয়, আন ভাৰতীয় কনিষ্ঠসকলৰ পৰাও আৰু বহুতো খিতাপ আহি থকা দেখিম" ৷

ভাৰতৰ জ্ঞান দত্তু টি টি-য়েও ল’ৰাৰ অনুৰ্ধ-17 একক শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে আন তিনিজন ভাৰতীয় খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল । ভাৰতে বেডমিণ্টন এছিয়া অনুৰ্ধ-17 আৰু অনুৰ্ধ-15 চেম্পিয়নশ্বিপত দুটা পদকৰ সৈতে অভিযান সমাপ্ত কৰিছিল ।

লগতে পঢ়ক: আই পি এল 2025 ত যোগদান কৰাৰ সম্ভাৱনা যুৱৰাজ সিঙৰ ! কোন দলৰ সৈতে হ’ব জড়িত ? - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.