ETV Bharat / sports

ভাৰতীয় দলৰ খেলুৱৈ, প্ৰশিক্ষকৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ - ICC T20 Word Cup 2024 final

author img

By ETV Bharat Sports Team

Published : Jun 30, 2024, 12:46 PM IST

ICC T20 Word Cup 2024 final : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আঁজুৰি আনিলে আইচিচি ট্ৰফী । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰশংসনীয় বিজয় । ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু বিচিচিআইক শচীন তেণ্ডুলকাৰৰ আন্তৰিক অভিনন্দন জ্ঞাপন ।

ICC T20 Word Cup 2024 final
ভাৰতীয় দলৰ খেলুৱৈ, প্ৰশিক্ষকৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩০ জুন : টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাৰ লগে লগে আজি ভাৰতীয় দলক লৈ গৌৰৱান্বিত সমগ্ৰ দেশবাসী । বাৰ্বাডোছত কঠোৰ পৰিশ্ৰম, নিষ্ঠা, সংগ্ৰামৰ ফল লাভ কৰিছে ভাৰতীয় দলে । ইফালে এই বিজয়ৰ লগে লগে ভাৰতত নিশা বিজয় উদযাপনৰ বাবে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক । ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰসকলো বিজয় উদযাপনত পিছ পৰি নাথাকিল ।

ভাৰতৰ বিজয় সন্দৰ্ভত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰেও সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰে । তেওঁ ৰাহুল দ্ৰাবিড় আৰু ফিল্ডিং প্ৰশিক্ষকৰ সৈতে ভাৰতীয় দলৰ সকলো সদস্যকে প্ৰশংসা কৰে ।

তেওঁ উল্লেখ কৰা মতে, ভাৰতীয় দলৰ জাৰ্চীৰ প্ৰতিজন খেলুৱৈয়ে দেশৰ প্ৰতিগৰাকী শিশুৰ সপোনৰ আৰু এখোজ ওচৰলৈ লৈ যোৱাত অনুপ্ৰেৰণা যোগাইছে । ভাৰতে টি-২০ বিশ্বকাপত দ্বিতীয় খিতাপ আৰু সামগ্ৰিকভাৱে চতুৰ্থ খিতাপ লাভ কৰিছে । ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত দলটোৰ আটাইতকৈ বেয়া প্ৰদৰ্শনৰ পৰা ক্ৰিকেটৰ মহাশক্তি হোৱা আৰু ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰালৈকে ভাৰতীয় ক্ৰিকেটৰ বাবে জীৱনৰ বৃত্ত হৈ পৰিছে ।

লগতে পঢ়ক : T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

শচীন তেণ্ডুলকাৰৰ মতে তেওঁ বন্ধু ৰাহুল দ্ৰাবিড়ৰ বাবে অতি সুখী যিয়ে ২০১১ চনৰ বিশ্বকাপ জয়ী হ'ব পৰা নাছিল ৷ কিন্তু এই টি-২০ বিশ্বকাপ জয়ত তেওঁৰ অৱদান যথেষ্ট । তেওঁ অধিনায়ক ৰোহিত শৰ্মাকো প্ৰশংসা কৰে । আকৰ্ষণীয় অধিনায়কত্ব বুলিও তেওঁ ৰোহিত শৰ্মাক প্ৰশংসা কৰে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পৰাজয়ক বাদ দি টি-২০ বিশ্বকাপৰ বাবে সকলো খেলুৱৈক অনুপ্ৰাণিত কৰাটো তেওঁৰ প্ৰশংসনীয় অৱদান ।

তেণ্ডুলকাৰৰ মতে বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহ দুয়োগৰাকী খেলুৱৈয়ে প্লেয়াৰ অফ দ্য বঁটাৰ যোগ্য । যেতিয়া প্ৰয়োজন হয় তেওঁলোকে ভাল প্ৰদৰ্শন কৰে । তেণ্ডুলকাৰে কয় যে ৰাহুলৰ লগতে বলিং প্ৰশিক্ষক পৰশ মাম্ব্ৰে আৰু ফিল্ডিং প্ৰশিক্ষক বিক্ৰম ৰাথৌৰেও ১৯৯৬ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল ।

১৯৯৬ চনৰ এই খেলুৱৈসকলৰ নিৰ্দেশনাত ভাৰতীয় দলে ভাল প্ৰদৰ্শন কৰা দেখি তেওঁ আনন্দিত হৈছে । এয়া এক সম্পূৰ্ণ দলৰ প্ৰচেষ্টা । সকলো খেলুৱৈ, প্ৰশিক্ষক, সহায়ক কৰ্মচাৰী আৰু বিচিচিআইক শচীন তেণ্ডুলকাৰে আন্তৰিক অভিনন্দন জনায় ।

লগতে পঢ়ক :১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ মেন ইন ব্লুৰ শিৰত; ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.