ETV Bharat / sports

বিশ্বকাপ জয়ৰ পিচত ৰাজপথত 'বিৰাটৰথ' - Rath Yatra for Virat Kohli

Rath Yatra for Virat Kohli: ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ বাবে অনুৰাগীয়ে উলিয়ালে ৰথ যাত্ৰা । এখন বাহনত বিৰাটৰ ফটো, বেনাৰ লগাই অনুৰাগীয়ে বিৰাট কোহলীৰ সমৰ্থনত ৰথ যাত্ৰা উলিয়ায় ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 4:27 PM IST

Rath Yatra for Virat Kohli
বিশ্বকাপ জয়ৰ পিচত ৰাজপথত 'বিৰাটৰথ' (ANI PHOTOS)

স্পৰ্টছ ডেস্ক,৮ জুলাই : ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে অলপতে টি-২০ বিশ্বকাপ ২০২৪ত দলৰ বিজয়ৰ পিচতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । কোহলীয়ে টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰাণ সংগ্ৰহ কৰে আৰু প্লেয়াৰ অফ দ্য মেচৰ খিতাপ লাভ কৰে । তেতিয়াৰে পৰা অনুৰাগীসকলে বিভিন্ন স্থানত টি-২০ ক্ৰিকেটত ভাৰতৰ বিজয় আৰু কোহলীৰ বিদায় উদযাপন কৰি আছে ।

এইবাৰ বিৰাট কোহলীৰ অনুৰাগীসকলে তেওঁৰ বাবে বিশেষ ৰথ যাত্ৰা উলিয়াইছে । এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । এই ভিডিঅ'টোত, কিং কোহলীৰ অনুৰাগীসকলে তেওঁৰ বাবে এক ৰথ যাত্ৰা উলিয়াইছে । ভিডিঅ'টোৰ পৰা এইটো স্পষ্ট নহয় যে ক'ত এই ৰথা যাত্ৰা উলিওৱা হৈছে । কিন্তু এই ৰথ যাত্ৰাই স্পষ্ট কৰি দিছে যে বিৰাটৰ অনুৰাগীসকলে তেওঁৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে ।

এই ভিডিঅ'টোত দেখা গৈছে যে এখন বাহনত এই ৰথখন সজোৱা হৈছে । বাহনখনৰ চাৰিওফালে বিৰাট কোহলীৰ ফটো আৰু বেনাৰ লগোৱা হৈছে । ইয়াৰ লগতে গোটেই বাছখন ত্ৰিৰংগাৰে মেৰিয়াই দিয়া হৈছে । বিৰাট কোহলীৰ বহু অনুৰাগীক এই বাহনখনত ভাৰতীয় দলৰ জাৰ্চীত দেখা গৈছে । কিছুমান অনুৰাগীক বাহনখনৰ ওপৰত দেখা গৈছে । আনহাতে কিছুমান অনুৰাগী বাহনখনৰ ভিতৰতো বহি থকা দেখা গৈছে । এই ভিডিঅ'টোত বিৰাটৰ প্ৰতি অনুৰাগীসকলৰ উৎসাহ যথেষ্ট দেখা গৈছে ।

বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপ ২০২৪ত ১ টা অৰ্ধশতকৰ সহায়ত ৮ খন খেলত ১৫১ ৰাণ সংগ্ৰহ কৰিছে । টি-২০ কেৰিয়াৰত বিৰাটে ভাৰতৰ হৈ ১২৫ খন খেলত ১ টা শতক আৰু ৩৮ টা অৰ্ধশতকৰ সৈতে ৪,১৮৮ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে ১২২ নট আউট । ৪৮.৭ গড়ৰ সৈতে টি-২০ কেৰিয়াৰত কোহলীৰ ষ্ট্ৰাইক ৰেট হৈছে ১৩৭.০ ।

লগতে পঢ়ক :বিশ্বকাপৰ নায়ক হাৰ্দিক পাণ্ডিয়াক মুম্বাইৰ বাসগৃহত উষ্ম আদৰণি - Hardik Gets Grand Welcome

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.