ETV Bharat / sports

টি-২০ বিশ্বকাপত নেদাৰলেণ্ডৰ হাতত ৬ উইকেটত পৰাস্ত নেপাল - T20 World cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:35 PM IST

T20 WC Ned Beat Nepal : চলিত টি-২০ বিশ্বকাপত নেদাৰলেণ্ডে মঙলবাৰে অনুষ্ঠিত মেচখনত এক সুন্দৰ বিজয় সাব্যস্ত কৰে। প্ৰথমখন মেচত নেদাৰলেণ্ডে নেপালক পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে ।

T20 WC Ned Beat Nepal
মেক্স অডউড আৰু বাছ ডি লিড (AP Photo)

স্পৰ্টছ ডেস্ক, ৫ জুন : চলিত টি-২০ বিশ্বকাপত জয়েৰে অভিযান আৰম্ভ কৰিছে নেদাৰলেণ্ডে । প্ৰথমখন মেচত নেদাৰলেণ্ডে নেপালক পৰাস্ত কৰে । মঙলবাৰৰ মেচখনত নেদাৰলেণ্ডে ৮ টা বল বাকী থকা অৱস্থাত নেপালক ৬ উইকেটত পৰাস্ত কৰে। আনহাতে, নেদাৰলেণ্ডৰ বেটছমেন মেক্স অ'ডউডে বিজয় লক্ষ্য অনুসৰণ কৰি দলক এক অৰ্ধশতকীয় ইনিংছ উপহাৰ দিয়ে ।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা নেপালৰ দলটোৱে ১৯.২ অভাৰত ১০৬ ৰাণত আটাইকেইটা উইকেট হেৰুৱায় । নেপালৰ বেটছমেনসকলৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল। অধিনায়ক ৰোহিচ পেডোলে ৩৭ টা বলত সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বাহিৰে কোনো এজন বেটছমেনে বিশেষভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে নেদাৰলেণ্ডৰ বলাৰসকলে সুন্দৰ বলিঙেৰে বিপক্ষৰ বেটছমেনসকলক ধৰাশায়ী কৰে।

নেদাৰলেণ্ডৰ হৈ টিম প্ৰিংগল আৰু লোগান ভান বীকে ৩ টাকৈ উইকেট দখল কৰে । ইয়াৰ উপৰি পল ভন মিক্ৰান আৰু বাছ ডি লিডেও দুটাকৈ উইকেট দখল কৰি নেপালৰ বেটিং ক্ৰম তচনচ কৰে ।

আনহাতে, ১০৭ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি নেদাৰলেণ্ডে ১৮.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । মেক্স অ'ডউডে নেদাৰলেণ্ডৰ হৈ অপৰাজিত ৫৪ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰি বিক্ৰমজিৎ সিঙে ২২ ৰাণৰ এক ইনিংছ খেলে । বাছ ডি লিডে ১০ টা বলত ১২ ৰাণ কৰি অপৰাজিত হৈ থাকে । টিম প্ৰিংগলক তেওঁৰ উৎকৃষ্ট বলিং প্ৰদৰ্শনৰ বাবে 'প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট' হিচাপে মনোনীত কৰা হয় ।

লগতে পঢ়ক :শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়, নায়কৰ ৰূপ আনৰিচ নৰ্টজে - ICC T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.