ETV Bharat / sports

বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱাল - Assam Olympic Association

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 4:08 PM IST

President of Assam Olympic Association : পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি হ’ল সৰ্বানন্দ সোণোৱাল ৷ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৷ কিন্তু সোণোৱালৰ আৰু এটা কাৰ্যকালৰ প্ৰতি থকা ইচ্ছাৰ বাবেই সেয়া নহ’ল ৷

President of Assam Olympic Association
পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : পুনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম অলিম্পিক সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম অলিম্পিক সন্থাৰ বিগত নিৰ্বাচনতো বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । তেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছিল । এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰিব ।

অহা ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা বহুকেইগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত অসম অলিম্পিক সন্থাৰ বহুকেইটা শীৰ্ষ পদত কেবাগৰাকীও প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । সেই অনুসৰি বিনাপ্ৰতিদ্বন্দ্বিতাৰে সভাপতি পদত জয়ী হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ ২০২৪-২৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত প্ৰাৰ্থী তালিকা । সেই অনুসৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । বৰ্তমানৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ।

ইফালে অসম অলিম্পিক সন্থাৰ সভাপতি পদৰ উপৰি সহকাৰী সম্পাদকৰ পদত আঠগৰাকীকৈ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । ইফালে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে । যাৰ ফলত এই পদৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোছা মনোনীত হৈছে । আনহাতে সাধাৰণ সম্পাদকৰ পদত লক্ষ্য কোঁৱৰৰ বিপৰীতে আছে কেবাগৰাকীও প্ৰাৰ্থী । ৰাজনৈতিক হেঁচাৰ পিছতো কেবাজনো প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ বাবেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে ।

লক্ষ্যণীয় বিষয় যে ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজনৈতিক প্ৰভাৱ থকাৰ কথাটো নতুন নহয় । বিশেষকৈ ক্ৰীড়া সংগঠনসমূহ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নহয় । সেই কথাই পুনৰ প্ৰতিপন্ন হ'ল অসম অলিম্পিক সন্থাত । কাৰণ অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক কমিটীখনৰ গুৰুত্বপূৰ্ণ বহুকেইটা পদত প্ৰতিদ্বন্দ্বিতা অবিহনে ৰাজনৈতিকভাৱে মনোনীত হোৱাটো নিশ্চিত হৈছে । এককথাত ৰাজনৈতিক প্ৰভাৱৰ মাজেৰেই গঠন হ'ব অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক কমিটী ।

নতুন কাৰ্যনিৰ্বাহক কমিটীখনত ক্ৰীড়াক্ষেত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ বিপৰীতে সকলো শীৰ্ষপদত শাসনাধিষ্ঠিত বিজেপিৰ নেতা অধিষ্ঠিত হোৱাটো নিশ্চিত । ইতিমধ্যে অসম অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে প্ৰৱেশ ঘটিছে দুই ক্ষমতাশালী মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাৰ ।

উল্লেখ্য যে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পৰম্পৰাগতভাৱে দেখা যায় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেই সাধাৰণতে অসম অলিম্পিক সন্থাৰ সভাপতি হৈ আহিছে । কিন্তু সোণোৱালৰ আৰু এটা কাৰ্যকালৰ প্ৰতি থকা প্ৰৱল ইচ্ছা আৰু শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো থমকি ৰ'ল । অহা ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত হ’বলগীয়া অলিম্পিক সন্থাৰ সাধাৰণ সভাত নতুন কমিটীখন ঘোষণা কৰা হ’ব ৷

লগতে পঢ়ক : পদক আনিব নোৱাৰিলেও লাভলীনাৰ প্ৰদৰ্শনত সুখী পিতৃ টিকেন বৰগোঁহাই

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় ফুটবল দলৰ হৈ জিলিকিল ডিব্ৰুগড়ৰ তৰালী মিলি

ফাইনেলত উপনীত হোৱাৰ পিছতে বিনেশ ফোগাটক উচ্চ প্ৰশংসা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.