স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: বৰ্তমান সময়ত দেশৰ কৃষকৰ অৱস্থা কাৰো আগত লুকাই থকা নাই ৷ দেহৰ ঘাম মাটিত পেলাই কৰা খেতিত লোকচান হ’লে কৃষকসকল বাধ্য হয় তেজৰ চকুলো মচিবলৈ ৷ এনে এগৰাকী কৃষক পিতৃক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰিকেটাৰ হোৱাটোকে ঠিৰাং কৰিছে এগৰাকী কিশোৰীয়ে ।
এই কাহিনী আকৰ্ষণীয় আৰু সংগ্ৰামেৰে ভৰপুৰ । এই কাহিনী জনাৰ পিছত সকলোৱে এইটোৱে ক’ব যে, যদি সঁচাকৈয়ে দৃঢ়তা থাকে, তেন্তে যিকোনো কামেই কৰিব পাৰি ।
টীম ইণ্ডিয়াত খেলাৰ সপোন
পেছাত এগৰাকী কৃষক পৱন আৰু লক্ষ্মী চৌৰছিয়া মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা চহৰৰ পৰা প্ৰায় 30 কিল’মিটাৰ দূৰত্বৰ মহখেদৰ বাসিন্দা । তেওঁলোকৰ একমাত্ৰ কন্যাৰ নাম সান্যা চৌৰছিয়া । যি কৃষক পিতৃৰ আৰ্থিক অৱস্থা উন্নত কৰি টীম ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ দৃঢ়প্ৰতিজ্ঞ । বৰ্তমান তেওঁ বিদৰ্ভৰ এটা শিবিৰৰ পৰা ক্ৰিকেট খেলে ৷ তদুপৰি ঘৰৰ পৰা আঁতৰত থাকি নাগপুৰত টীম ইণ্ডিয়াৰ হৈ কঠোৰ প্ৰশিক্ষণ লৈ আছে ।
প্ৰতিদিনে 30 কিলোমিটাৰ বাট যাত্ৰা
এই যাত্ৰা আৰম্ভ হয় 2014 চনৰ পৰা ৷ যেতিয়া গাৰ্লছ কলেজৰ পৰা বি এছ চিত অধ্যয়নৰ বাবে কিশোৰীগৰাকীয়ে প্ৰতিদিনে 30 কিল’মিটাৰ আহ-যাহ কৰিছিল ৷ যিটো আছিল এগৰাকী কিশোৰীৰ বাবে অতিকৈ কঠিন ৷ অৱশ্যে পিতৃয়ে কিশোৰীগৰাকীক কৰি গৈছিল সমৰ্থন আৰু সদায়ে নিছিল ক্ৰিকেট খেলিবলৈ ৷
এই যাত্ৰাত সমাজৰ অৱদান
চৌৰছিয়া সমাজে কৃষক কন্যাৰ জেদ দেখি পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়াল, চৌৰছিয়া সমাজ আৰু একাংশ অনুষ্ঠানৰ সহায়ত সান্যাই নাগপুৰৰ ধোনী একাডেমীত নামভৰ্তি কৰে ৷
ৰঞ্জী ট্ৰফীৰ যাত্ৰা
এনে নহয় যে সান্যাই কেৱল অনুশীলন কৰি আছিল । কিশোৰীগৰাকীয়ে 2020 চনৰ পৰা বৰ্তমানলৈকে অংশগ্ৰহণ কৰি আহিছে ৰঞ্জী ক্ৰিকেটতো ৷ ইতিমধ্যে তিনিটাকৈ ছিজনত বিদৰ্ভৰ হৈ ৰঞ্জী ক্ৰিকেট খেলিছে সান্যাই ৷ এই প্ৰতিযোগিতাত অতি উন্নত প্ৰদৰ্শন আগবঢ়াইছে কিশোৰীগৰাকীয়ে ৷
ঝুলন গোস্বামীক অনুসৰণ কৰি ফাষ্ট বলাৰ হ’ল সান্যা
সম্প্ৰতি বিদৰ্ভৰ ৰঞ্জী দলৰ শিবিৰত মিডিয়াম পেচাৰ হিচাপে অন্তৰ্ভুক্ত হৈ আছে সান্যা । সান্যাই কয় যে, তেওঁ ভাৰতীয় দলত যোগদান কৰি কৃষক পিতৃক আৰ্থিকভাৱে সমৃদ্ধিশালী কৰি তুলিব বিচাৰে । যাতে ইয়াৰ পিছত তেওঁ নিজৰ উপাৰ্জনৰ দ্বাৰা দেউতাকৰ পৰম্পৰাগত খেতিত এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে ।
মাতৃ কাবাডীৰ অনুৰাগী, কন্যা ক্ৰিকেটাৰ, পিতৃ এজন কঠোৰ পৰিশ্ৰমী কৃষক
সান্যাই কয়, ‘‘দেউতাই মাত্ৰ চতুৰ্থ-পঞ্চম মানলৈকেহে পঢ়িছে ৷ তেওঁ ক্ৰিকেটৰ বিষয়ে একো নাজানে ৷ পৰিয়ালটোক এটা সুন্দৰ জীৱন দিবলৈ তেওঁ দিনে-নিশাই পথাৰত কঠোৰ পৰিশ্ৰম কৰে । দুখৰ বিষয় যে, ইমান কষ্ট কৰিও তেওঁ এতিয়াও লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । মায়ে কাবাডী বৰ ভালপায় । পৰিয়ালৰ কোনো লোকেই খেলৰ লগত জড়িত নহয় । পিতৃৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ক্ৰিকেটাৰ হোৱাৰ আবেগ গঢ় লৈ উঠিছিল ৷’’
এতিয়াও পথাৰত কাম কৰে
যেতিয়াই কিশোৰীগৰাকীয়ে শিবিৰৰ পৰা ঘৰলৈ আহে, তেতিয়াই পোনে পোনে পথাৰলৈ যায় পিতৃক সহায় কৰিবলৈ । পথাৰত নতুন জাতৰ শস্য ৰোপণ কৰে তেওঁ । বাগিচাৰ লগতে সান্যা আধুনিক খেতিৰ প্ৰতিও অতি আকৰ্ষিত ।
আৰ্থিক সমস্যা নিশ্চিতভাৱে আছে, কিন্তু দেশৰ হৈ খেলিবলৈ সকলো গ্রহণযোগ্য
সান্যা চৌৰছিয়াই ইটিভি ভাৰতৰ আগত কয়, "তেওঁৰ সপোন এদিন ভাৰতৰ হৈ খেলিব পাৰে আৰু দেশৰ বাবে কিবা এটা কৰিব ৷’’ কিন্তু ইয়াৰ বাবে তেওঁলোকে বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে । বহুলোকৰ সহযোগিতাৰ বাবেহে তেওঁ ধোনী একাডেমীত প্ৰশিক্ষণ লৈ আছে । ইয়াৰ বাহিৰেও আনুসংগিক খৰচ ইমানে বেছি যে, কেতিয়াবা সেইবোৰ পূৰণ কৰাটো কঠিন বুলি প্ৰমাণিত হয় । কিন্তু তথাপিও কিশোৰীগৰাকীয়ে সকলো অসুবিধা অতিক্ৰম কৰি দেশৰ হৈ খেলিব বিচাৰে ।
লগতে পঢ়ক: একবিংশ শতিকাত ভাৰতীয় প্ৰেক্ষাপটত ক্ৰীড়াৰ উত্থান; এক বিশ্লেষণ - DEVELOPMENT IN SPORTS