ETV Bharat / sports

তিনি স্তম্ভৰ বাবেই সম্ভৱ হ’ল বিশ্বকাপৰ খিতাপ: কাৰ কথা ক’লে ৰোহিত শৰ্মাই - 3 PILLARS OF INDIAN CRICKET TEAM

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 3:39 PM IST

3 Pillars of Rohit Sharma: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৰাজহুৱা কৰিছে তেওঁৰ তিনি স্তম্ভৰ নাম ৷ যি তিনি স্তম্ভই তেওঁক খেলপথাৰৰ বাহিৰৰ পৰা চলিত বৰ্ষৰ টি-20 বিশ্বকাপৰ খিতাপ দখলত সহায় কৰিছিল । জানিবলৈ পঢ়ক এই তিনি স্তম্ভ কোন কোন ?

3 PILLARS OF INDIAN CRICKET TEAM
জয় শ্বাহ আৰু ৰোহিত শৰ্মা (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে তেওঁৰ ক্ৰিকেট জীৱনত বিশেষভাৱে প্ৰভাৱান্বিত কৰা "তিনি স্তম্ভ"ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷ যি তিনি স্তম্ভই অধিনায়ক ৰোহিত শৰ্মাক চলিত বছৰৰ টি 20 বিশ্বকাপৰ খিতাপ দখলত সহায় কৰিছিল ৷ অৱশ্যে তিনি স্তম্ভই খেলপথাৰৰ ভিতৰৰ সলনি বাহিৰৰ পৰাহে অধিনায়কগৰাকীক সমৰ্থন আগবঢ়াইছিল ৷

মেন ইন ব্লুৰ টি 20 বিশ্বকাপ দখলৰ কিছু মুহূৰ্তৰ কথা আবেগেৰ সুঁৱৰি ৰোহিত শৰ্মাই এই বিশেষ তিনি স্তম্ভৰ কথা ৰাজহুৱা কৰে ৷ লগতে আগন্তুক চেম্পিয়নছ ট্ৰফী 2025 আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খিতাপ দখল কৰাৰ ক্ষেত্ৰত থকা ক্ষুধাৰ আৰু গ্ৰহণ কৰা সংকল্পৰ বিষয়ে প্ৰকাশ কৰে ৷

11 বছৰীয়া অপেক্ষাৰ অন্ত

ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে দুটাকৈ টি-20 বিশ্বকাপৰ খিতাপ জয় কৰা তৃতীয়টো দলত পৰিণত হৈ সৃষ্টি কৰিছিল ইতিহাস । ৰোহিত 2013 চনৰ চেম্পিয়নছ ট্ৰফীৰ পিছত আই চি চি ট্ৰফীৰ খিতাপ দখল কৰা এম এছ ধোনীৰ পিছতে প্ৰথমগৰাকী ভাৰতীয় অধিনায়কত পৰিণত হয় ৷ যিয়ে ভাৰতবাসীৰ সুদীৰ্ঘ 11 বছৰীয়া বিশ্বকাপ খিতাপ জয়ৰ আশা পৰিপূৰ্ণ কৰে ৷ এই জয়ে 17 বছৰত ভাৰতৰ প্ৰথমটো টি-20 বিশ্বকাপ জয়ক চিহ্নিত কৰে ।

ৰোহিত শৰ্মাৰ তিনি স্তম্ভ

শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত চিয়েট ক্ৰিকেট ৰেটিং বঁটা প্ৰদান অনুষ্ঠানত পুৰুষৰ শাখাত আন্তৰ্জাতিক ক্ৰিকেটাৰ অৱ দা ইয়েৰ বঁটাৰে সন্মানৰ বাবে মনোনীত হৈছিল ভাৰতৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা ৷ এই অনুষ্ঠানতে 37 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, নিৰ্বাচনী সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) সম্পাদক জয় শ্বাহক এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলত উপনীত হোৱাৰ লগতে 2024 বৰ্ষত টি 20 বিশ্বকাপৰ খিতাপ দখল কৰাৰ সময়ত লাভ কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

"এই দলটো সলনি কৰাটো মোৰ সপোন আছিল ৷ পৰিসংখ্যা, ফলাফলৰ বিষয়ে অত্যাধিক চিন্তা নকৰি আমি এনে এক পৰিৱেশ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছিলো, যাতে চাপমুক্তভাৱে খেলুৱৈসকলে খেলিব পাৰে । এয়া প্ৰকৃততে জয় শ্বাহ, ৰাহুল দ্ৰাবিড় আৰু নিৰ্বাচক সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰৰ বাবেহে সম্ভৱ হৈছে" বুলি ৰোহিত শৰ্মাই অনুষ্ঠানত মুকলিকৈ প্ৰকাশ কৰে ।

"মই যি কৰিছিলোঁ, সেয়া কৰাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল ৷ বিভিন্ন সময়ত দললৈ অহা খেলুৱৈসকলক আমি পাহৰি নাযাওঁ আৰু আমি যি লাভ কৰিছিলো, সেয়া পোৱাত খেলুৱৈসকলে দলটোক সহায় কৰিছিল," বুলিও শৰ্মাই কয় ।

5 টাকৈ আই পি এল ট্ৰফী জয়ৰ কাৰণ

ভাৰতে অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী আৰু একেৰাহে তৃতীয়বাৰ ডব্লিউ টি চি ফাইনেলত উপনীত হোৱাৰ বাবে এদিনীয়া ক্ৰিকেটত মনোনিৱেশ কৰিছে ৷ এই দুয়োটা ইভেণ্ট অনুষ্ঠিত হ’ব 2025 চনত । ভাৰতীয় অধিনায়কগৰাকীয়ে তেওঁৰ অধিনায়কত্বত দলটোক অধিক ট্ৰফী উপহাৰ দিয়াৰ ইচ্ছাৰ কথা ইতিমধ্যে মুকলিকৈ প্ৰকাশ কৰিছে ৷

"মই পাঁচটা আই পি এল ট্ৰফী জিকিছো, তাৰ এটা কাৰণ আছে । মই ৰ’ব নোৱাৰো, কিয়নো এবাৰ আপুনি খেল জিকি ট্ৰফী জয়ৰ সোৱাদ পালে, আপুনি আৰু ৰ’ব নিবিচাৰে ৷ আমি এটা দল হিচাপে আগবাঢ়ি যাম । আমি ভৱিষ্যতে উন্নত ফলাফলৰ বাবে চেষ্টা কৰি যাম"- অনুষ্ঠানত উপস্থিত থকা ৰোহিত শৰ্মাই এনেদৰে সংবাদ মাধ্যমৰ আগত কয় ৷

লগতে পঢ়ক: ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলত থাকিব নে বিৰাট-ৰোহিত ? - Champions trophy 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.