ETV Bharat / sports

অপেক্ষা আন এক অভিলেখৰ; সৰ্বাধিক ছয় কোবোৱা অধিনায়কৰ দিশে ৰোহিত শৰ্মা - Rohit Sharma records

Rohit Sharma Highest Six Record : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই খেলপথাৰত যিমান সহজে ছিক্সাৰ কোবায়, আন কাৰোৰে বাবে সেয়া সহজ নহয় । ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত আৰু ৩ টা ছয় কোবালেই ৰোহিতৰ নামত ৰচিত হ'ব আন এক অভিলেখ ।

সৰ্বাধিক ছয় কোবোৱা অধিনায়কৰ দিশে ৰোহিত শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:03 PM IST

স্পৰ্টছ ডেস্ক, ২০ জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ বেটিং ক্ৰমৰ এক প্ৰাণ হৈছে ৰোহিত শৰ্মা । ৰোহিতৰ আক্ৰমণাত্মক আৰম্ভণিয়ে দলটোক মেচখন আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰে । ইয়াৰ উপৰি তেওঁৰ অধিনায়কোচিত প্ৰদৰ্শনে দলটোক শক্তিশালী কৰে । তেওঁ টেষ্ট, এদিনীয়া আৰু টি-২০ আটাইকেইটা ফৰ্মেটতে দলটোৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে । লগতে গঢ়িছে এটাৰ পিছত আন এটা অভিলেখ । এতিয়া ২৫ জানুৱাৰীৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত আন এক ডাঙৰ অভিলেখ সৃষ্টিৰ সুযোগ পাব 'হিট মেন' ৰোহিতে ।

  • Rohit Sharma needs 3 more sixes to be the leading six hitter by an Indian captain in International cricket.

    - The Captain 🫡 pic.twitter.com/o3KVmGyHrz

    — Johns. (@CricCrazyJohns) January 20, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

হায়দৰাবাদত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগা প্ৰথমখন টেষ্ট মেচত এই সুযোগ পাব পাৰে ৰোহিতে । এই মেচখনত ৰোহিত শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা প্ৰথম ভাৰতীয় অধিনায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে । ৰোহিতে এতিয়ালৈকে ভাৰতৰ অধিনায়ক হিচাপে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত মুঠ 209 টা ছয় কোবাইছে । এই ছয়ৰ সংখ্যা 116 টা ইনিংছত আহিছে । বৰ্তমান তেওঁ এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে । মহেন্দ্ৰ সিং ধোনী ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ছয় অৰ্জন কৰা অধিনায়কসকলৰ ভিতৰত শীৰ্ষত আছে । ধোনীয়ে টেষ্ট, এদিনীয়া আৰু টি-২০কে ধৰি মুঠ ৩১১ টা ইনিংছত ২১১ টা ছয় কোবাইছে ।

  • Most Sixes for India as Captain -

    • MS Dhoni - 211 (311 Inns)
    • Rohit Sharma - 𝟮𝟬𝟵*(116 Inns)
    • Virat Kohli - 138 (250 Inns)

    Hitman is not from this universe. pic.twitter.com/V6IbjEL6f2

    — Vishal. (@SPORTYVISHAL) January 19, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এই ক্ষেত্ৰত ৰোহিত শৰ্মা ধোনীতকৈ ৩ টা ছয়ত পিছপৰি আছে । তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ৩ টা ছয় কোবালেই ধোনীক চেৰ পেলাই ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা প্ৰথম অধিনায়ক হ'ব । এই তালিকাৰ তৃতীয় স্থানত আছে দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলী । আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত অধিনায়ক হিচাপে বিৰাটে মুঠ 138 টা ছয় কোবাইছে । তেওঁ 250 টা ইনিংছত এই সফলতা অৰ্জন কৰিছে ।

উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ২৫ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ৰোহিত শৰ্মাই এই মেচখনত ভাৰতীয় দলটোক নেতৃত্ব দিয়া দেখা যাব ।

লগতে পঢ়ক :পেৰিছ অলিম্পকৰ বাট বন্ধ হ’ল ভাৰতীয় মহিলা হকী দলৰ বাবে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.