ETV Bharat / sports

ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ প্ৰথমগৰাকী অধিনায়কক জানেনে আপুনি ? - Cricket legend Lala Amarnath

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 11:54 AM IST

Lala Amarnath Birthday: আমাৰ মাজৰ একাংশই হয়তো নাজানে লালা অমৰনাথৰ কথা, কাৰণ তেওঁ ভাৰতীয় দলত যেতিয়া খেলিছিল, সেই সময়ত বহুতেই হয়তো জন্মই হোৱা নাছিল ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো এইগৰাকী কিংবদন্তিৰ বিষয়ে । সম্পূৰ্ণ খবৰ পঢ়ক...

Lala Amarnath Birthday
ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ প্ৰথমগৰাকী অধিনায়ক (Getty Images)

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ: লালা অমৰনাথ আছিল স্বাধীন ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক । ভাৰতৰ হৈ প্ৰথম টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰ তেওঁ । সেই শতক তেওঁ নিজৰ অভিষেক মেচত অৰ্জন কৰিছিল । এই খেলখন ১৯৩৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে জিমখানা খেলপথাৰত অনুষ্ঠিত হৈছিল । ইয়াৰ মাত্ৰ এবছৰ আগতে ভাৰতে প্ৰথমখন টেষ্ট মেচ খেলিছিল । সেই সময়ত ক্ৰিকেটৰ ওপৰত ইংলেণ্ডৰ আধিপত্য আছিল ।

লালা অমৰনাথ কোন ?

সাধাৰণ পটভূমিৰ পৰা অহা লালা অমৰনাথ ক্ৰিকেটত ৰাজকীয় আধিপত্যৰ বিৰুদ্ধে মাত মতা প্ৰথমজন ক্ৰিকেটাৰ আছিল । ড’নাল্ড ব্ৰেডমেনকো প্ৰথমবাৰৰ বাবে হিট উইকেটত আউট কৰিছিল তেওঁ । বহু দিশত ভাৰতীয় ক্ৰিকেটৰ ‘প্ৰথম’ ব্যক্তি লালা অমৰনাথৰ জন্ম হৈছিল আজিৰ দিনটোতে ১১ ছেপ্টেম্বৰত কাপুৰথালা (পঞ্জাব)ত, সেই সময়ছোৱাত লালা অমৰনাথে ২৪ খন টেষ্ট মেচ খেলিছিল আৰু তেওঁৰ গড় আছিল মাত্ৰ ২৪.৩৮ ।

এনে গড় ৰাণ সংগ্ৰহকাৰী এজন খেলুৱৈ কেনেকৈ অসাধাৰণ হৈ পৰিল ? ইয়াৰ উত্তৰ সেই সময়ছোৱাত লালাৰ প্ৰভাৱৰ পৰাই পোৱা যায় । ইংলেণ্ড ক্ৰিকেট দলত স্থান লাভ কৰি ভাৰতীয় প্ৰতিভাৰ সৈতে বিশ্বক চিনাকি কৰাই দিয়া প্ৰথমজন ব্যক্তি ৰঞ্জিত সিং হোৱাৰ বিপৰীতে লালা অমৰনাথ আছিল ক্ৰিকেটক সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা লোৱা ব্যক্তি । তেওঁৰ তিনিজন পুত্ৰৰ ভিতৰত দুজনে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিছিল । ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল তেওঁৰ পুত্ৰ মহিন্দ্ৰ অমৰনাথ ।

লালা অমৰনাথৰ দৃঢ় উদ্দেশ্য আৰু তীক্ষ্ণ মনটোৱে ক্ৰিকেটত গভীৰ প্ৰভাৱ পেলাইছিল । সেই সময়ত ক্ৰিকেট ৰাজনীতিও যথেষ্ট প্ৰভাৱশালী আছিল । এই অস্থিৰতাৰ সময়ছোৱাত অমৰনাথে ভাৰতীয় ক্ৰিকেটৰ মূল মুখ হিচাপে থিয় দিছিল । ক্ৰিকেটৰ বিষয়ে তেওঁৰ বুজাবুজি ইমানেই গভীৰ আছিল যে অৱসৰৰ পিছত লোৱা সিদ্ধান্তবোৰেও সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল ।

একেৰাহে ১০ খন টেষ্ট মেচত দলটোক নেতৃত্ব দিয়া প্ৰথমজন ভাৰতীয় অধিনায়ক আছিল লালা অমৰনাথ । তেওঁৰ অধিনায়কত্বত ১৫ খন টেষ্ট মেচত চলিছিল য’ত ভাৰতে প্ৰথমখন টেষ্টত জয়লাভ কৰিছিল তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে । ১৯৫২ চনত ফিৰোজশ্বাহ কোটলাত খেলা এই মেচখনে ভাৰতীয় আধিপত্যৰ চিন এৰি যোৱা বুলি প্ৰমাণিত হয় ।

এই সিদ্ধান্তবোৰেৰে লালাই সকলোকে আচৰিত কৰি তুলিলে-

১৯৫২ চনত ইডেন গাৰ্ডেনত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট খেলৰ পিছত লালাই ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । কিন্তু ক্ৰিকেটলৈ তেওঁৰ অৱদানৰ অন্ত পৰা নাছিল, এয়া আছিল আন এক আৰম্ভণি । অৱসৰৰ পিছত তেওঁ ভাৰতীয় ক্ৰিকেটৰ নিৰ্বাচক, পৰিচালক, প্ৰশিক্ষক আৰু সম্প্ৰচাৰক হিচাপে কাম কৰিছিল । নিৰ্বাচক সমিতিৰ অধ্যক্ষ হিচাপে ১৯৫৯-৬০ চনৰ কাণ্ডটো অতি বিখ্যাত যেতিয়া তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এজন অফ স্পিনাৰ জাছু পেটেলৰ প্ৰৱেশ নিশ্চিত কৰে, যিজন আনকি কোনো ধৰণে দলৰ অংশ নাছিল ।

কানপুৰৰ পিটচ অধ্যয়নৰ লগে লগে তেওঁ এই সিদ্ধান্ত লৈছিল । পিছত সেই মেচত পেটেলে নিজৰ বলিঙেৰে অষ্ট্ৰেলিয়াৰ ৰাজহাঁড় ভাঙিছিল আৰু ভাৰতে এক ঐতিহাসিক জয় লাভ কৰিছিল । ১৯৬০ চনত ইৰাণী ট্ৰফীৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ সময়তো একেধৰণৰ ঘটনা সংঘটিত হৈছিল । দিল্লীৰ কৰ্ণাইল সিং ষ্টেডিয়ামত খেলা এই মেচখনত লালাৰ আন এক সিদ্ধান্তই তেওঁৰ ক্ৰিকেটৰ বিচক্ষণতা আৰু অধিক শক্তিশালী কৰি তুলিছিল । তেতিয়া লালাই ৰেষ্ট অৱ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল । কিন্তু মেচৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হয় । তাৰ পিছত তেওঁ দলৰ বেটিং লাইনত এজন খেলুৱৈক ফিল্ড কৰাৰ সিদ্ধান্ত লয় যিজন আচলতে দলৰ অংশ নাছিল ।

এইজন আছিল ১২ নম্বৰৰ খেলুৱৈ, গতিকে এক প্ৰকাৰে এইটো আছিল ক্ৰিকেটৰ নিয়ম উলংঘা কৰা কথা । লালা অমৰনাথ আৰু আম্পায়াৰে এই কথাত সন্মতি প্ৰকাশ কৰে । প্ৰথম ইনিংছত ৯ নম্বৰত আৰু দ্বিতীয় ইনিংছত তিনি নম্বৰত বেটিং কৰি ক্ৰমে ২২ আৰু ৫০ ৰান সংগ্ৰহ কৰা প্ৰেম ভাটিয়াক ১২ নং খেলুৱৈ হিচাপে দায়িত্ব প্ৰদান কৰিছিল লালা অমৰনাথে ।

ইয়াৰ বহু বছৰ পিছত আইচিচিয়ে বিকল্প নিয়ম কাৰ্যকৰী কৰিলে । অৰ্থাৎ যিজন খেলুৱৈ প্ৰথমে দলৰ অংশ নাছিল, কিন্তু কোনো এজনে আঘাত পালে সেইজনৰ পৰিৱৰ্তে তেওঁ দলত স্থান দখল কৰিব পাৰিছিল । ২০০০ চনৰ ৫ আগষ্টত ভাৰতীয় ক্ৰিকেট আইকন লালা অমৰনাথে বিশ্ববাসীৰ পৰা বিদায় লয় ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট চেম্পিয়নশ্বিপৰ নাম কেনেকৈ হ’ল ৰঞ্জী ট্ৰফী : জানো আহক ইতিহাস - History of Ranji Trophy

পাকিস্তানৰ লজ্জাজনক কাহিনী: ক্ৰিকেট খেল বন্ধ কৰি খেলপথাৰৰ মাজতে চাবুকেৰে কোবোৱা হৈছিল এজন ব্যক্তিক - Pakistan cricket

ক্ৰিকেটৰ পৰা ৰাজনীতিত ভৰি থৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা পাঁচগৰাকী ক্ৰিকেটাৰ - Cricketers who became PM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.