ETV Bharat / sports

হিতে বিপৰীত হোৱাৰ সম্ভাৱনা: বিনেশ ফোগাট-বজৰং পুনিয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী - VINESH PHOGAT AND BAJRANG PUNIA - VINESH PHOGAT AND BAJRANG PUNIA

Railways issues show cause notice: ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই শুকুৰবাৰে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰাৰ কিছু মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৰে’ল বিভাগৰ চাকৰি এৰাৰ আবেদনৰ প্ৰতিলিপি ৷ পিছে দুয়োগৰাকী মল্লযোদ্ধাক বিভাগে ধৰিছে উভতি ৷

VINESH PHOGAT AND BAJRANG PUNIA
বিনেশ ফোগাট আৰু বজৰং পুনিয়া (ANI Photos)
author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 10:44 AM IST

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: শুকুৰবাৰে বিৰোধী দল কংগ্ৰেছত যোগদান কৰিছিল ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷ তাৰ কেইঘণ্টামান পূৰ্বে দুয়োগৰাকীয়ে কৰি থকা চাকৰিৰ পৰা পদত্যাগ কৰে ৷ এই পদত্যাগ পত্ৰৰ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল বিনেশ ফোগাটে ৷

সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত এই প্ৰতিলিপি প্ৰকাশ পোৱাৰ পিছতে ফোগাট আৰু পুনিয়ালৈ ৰে’ল বিভাগে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ পৰৱৰ্তী 10 দিনৰ ভিতৰত বিনেশ আৰু পুনিয়াই এই জাননীৰ উত্তৰ দিব লাগিব ৷

লক্ষণীয়ভাৱে শুকুৰবাৰে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফোগাট আৰু পুনিয়াই মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছিল ।

90 জনীয়া হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 5 অক্টোবৰত । লগতে জম্মু আৰু কাশ্মীৰৰ সৈতে ভোটগণনা 8 অক্টোবৰত অনুষ্ঠিত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ।

"4 ছেপ্টেম্বৰত বিনেশ ফোগাট আৰু বজৰং পুনিয়াক সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু সামাজিক মাধ্যমৰ পোষ্টৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৰাজনৈতিক দলত যোগদান কৰা বুলি দাবী কৰিছিল ৷ যাৰ ভিত্তিত দুয়োগৰাকীকে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল । তেওঁলোকক 10 দিনৰ ভিতৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিয়া হৈছিল," বুলি উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া(চিপিআৰঅ’) হিমাংশু শেখৰ উপাধ্যায়ে ইটিভি ভাৰতক জনায় ।

আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্টভাৱে কয় যে, দুয়োকে ইয়াৰ ওপৰত তেওঁলোকৰ স্থিতি ব্যাখ্যা কৰিবলৈ কেৱল কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে । "আমি তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই," শেখৰে লগতে কয় ।

কংগ্ৰেছত যোগদান কৰাৰ কেইঘণ্টামান পূৰ্বে ফোগাটে নিজৰ এক্স একাউণ্টৰ জৰিয়তে ৰে’ল বিভাগৰ চাকৰিৰ পৰা পদত্যাগ কৰে ৷ এই পদত্যাগৰ এটা প্ৰতিলিপিও ফোগাটে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত ৷ য’ত উল্লেখ কৰা হৈছিল যে, ভাৰতীয় ৰে’ল বিভাগত সেৱা আগবঢ়োৱাতো তেওঁৰ জীৱনৰ এক স্মৰণীয় আৰু গৌৰৱৰ সময় আছিল ।

আনহাতে, ফোগাট আৰু পুনিয়াক দলত অন্তৰ্ভুক্ত কৰাৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কাৰণ দৰ্শোৱাৰ জাননীক লৈ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক: ৰিং-প্ৰতিবাদত বিফল বিনেশৰ ভৰসাৰ থলী হৈ পৰিল হাত: বজৰং পুনিয়াৰ সৈতে আৰম্ভ নতুন ইনিংছ - VINESH AND PUNIA JOIN CONGRESS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.