ETV Bharat / sports

বিশ্বকাপ জয় কৰি ভাৰতত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰীৰ আতিথ্য গ্ৰহণ টীম ইণ্ডিয়াৰ - PM Modi Meets India team

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 5:38 PM IST

ICC T20 World Cup Champions: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আই চি চি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোক সাক্ষাৎ কৰে । গ্ৰেণ্ড বিজয় পেৰেডৰ বাবে মুম্বাইলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সৈতে এক সাক্ষাৎকাৰত মিলিত হয় টীম ইণ্ডিয়াৰ খেলুৱৈসকল ।

PM Narendra Modi
ICC T20 World Cup Champions (AP)

স্প’ৰ্টছ ডেস্ক, 4 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিজৰ বাসগৃহত আই চি চি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোক সাক্ষাৎ কৰে । এই ট্ৰফী লাভ কৰাৰ পাঁচদিনৰ পাচত বৃহস্পতিবাৰে পুৱা ৬ বজাত বাৰ্বাডোছৰ পৰা দিল্লীৰ বিমানবন্দৰৰ টি-৩ ত উপস্থিত হয় টীম ইণ্ডিয়া । বিশেষ এয়াৰ ইণ্ডিয়া চাৰ্টাৰ বিমান AIC24WC য়ে দলটোক হাৰিকেন ক্ষতিগ্ৰস্ত দ্বীপৰ পৰা দিল্লীলৈ লৈ যাবলৈ সময় লাগিছিল ১৬.৫ ঘন্টা । হোটেল আই টি চি মৌৰ্য পোৱাৰ কেইঘণ্টামান পিচতে ৰোহিত শৰ্মা আৰু টীমৰ বাকী খেলুৱৈৰ লগতে, বিচিচিআইৰ সভাপতি ৰ’জাৰ বিনি আৰু সম্পাদক জয় শ্বাহে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰতীয় টীম (Narendra Modi Youtube)

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাচত দিল্লী বিমানবন্দৰলৈ ৰাওনা টি-২০ বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় দলৰ - Indian Team Reached Delhi

বৈঠকৰ পিচত প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলৰ সৈতে তেওঁলোকৰ প্ৰতিযোগিতাৰ অভিজ্ঞতাৰ বিষয়ে কথা-বতৰা পাতিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, "আমাৰ চেম্পিয়নসকলৰ সৈতে এক উৎকৃষ্ট সাক্ষাৎকাৰ ! ৭, এল কে এমত বিশ্বকাপ বিজয়ী দলটোক আতিথ্য প্ৰদান কৰিছিলো আৰু প্ৰতিযোগিতাখনৰ জৰিয়তে তেওঁলোকৰ অভিজ্ঞতাৰ ওপৰত কথা-বতৰা পাতিছিলো ।"

বৈঠকৰ সময়ত জে শ্বাহ আৰু ৰ’জাৰ বিনিয়ে তেওঁক এটা ভাৰতীয় জাৰ্চি উপহাৰ দিয়ে য'ত প্ৰথম নম্বৰ আৰু "নমো" লিখা আছিল । "বিজয়ী ভাৰতীয় ক্ৰিকেট দলটো আজি দেশত উপস্থিত হোৱাৰ লগে লগে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে । মহাশয়, আপোনাৰ প্ৰেৰণাদায়ক বাক্য আৰু টীম ইণ্ডিয়ালৈ আগবঢ়োৱা অমূল্য সহায়ৰ বাবে আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।" বিচিচিআইয়ে তেওঁলোকৰ এক্স পোষ্টত লিখিছে ।

লগতে পঢ়ক: চেম্পিয়নছ ৰিটাৰ্ণ: ঐতিহাসিক জয়ৰ অন্তত নতুন দিল্লীত উপস্থিত ভাৰতীয় টি-২০ দল - Indian Team Reached Delhi

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত ‘মেন ইন ব্লু’ সকলে বিচিচিআইৰ প্ৰতীকৰ ওপৰত দুজন তাৰকাক লৈ বিশেষ জাৰ্চি পিন্ধিছিল । টি-২০ বিশ্বকাপ দুটা জয়ক প্ৰতিনিধিত্ব কৰিছিল তাৰকাসকলে । জাৰ্চিত 'CHAMPIONS' শব্দটো গাঢ় আখৰেৰে লিখা আছিল । বৈঠকৰ পিচত বিজয়ী ক্ৰিকেটাৰসকলে দিল্লী বিমানবন্দৰলৈ ৰাওনা হয় ৷ তাৰ পৰা বিমানেৰে মুম্বাইলৈ যাত্ৰা কৰে, য’ত তেওঁলোকৰ বাবে মেৰিন ড্ৰাইভ আৰু ৱাংখেড়ে ষ্টেডিয়ামত এক বৃহৎ বিজয় পেৰেডৰ আয়োজন কৰা হৈছে ।

মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক অজিংক্য নাইকে কয় যে ভাৰতীয় দলৰ জয়ৰ উদযাপন কৰি অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড বিজয় পেৰেডত জনসাধাৰণক বিনামূলীয়াকৈ প্ৰৱেশৰ ব্যৱস্থা কৰা হ’ব । আনহাতে, মুম্বাই যান-বাহন আৰক্ষীয়ে যাতায়তৰ ব্যৱস্থা নিয়ন্ত্ৰণ আৰু যাতায়তৰ বিকল্প পথৰ বাবে তেওঁলোকৰ x হেণ্ডেল এখন জাননী শ্বেয়াৰ কৰে ।

লগতে পঢ়ক: অৱশেষত বিমানত উঠিল ভাৰতীয় দল : বৃহস্পতিবাৰে পুৱা অৱতৰণ কৰিব দিল্লীত - T20 WC 2024 Champion India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.