ETV Bharat / sports

একেদিনাই ভাৰতলৈ তৃতীয়টো পদক: পেৰিছ পেৰালিম্পিকত প্ৰীতি পালৰ ব্ৰঞ্জৰ পদক - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 6:39 PM IST

Preethi Pal wins bronze: ভাৰতৰ মহিলা পেৰা দৌৰবিদ প্ৰীতি পালৰ ব্ৰঞ্জৰ পদক অৰ্জন । প্ৰতিযোগিতাখনৰ তৃতীয় দিনা এই পদক জখল কৰে খেলুৱৈগৰাকীয়ে ৷ পঢ়ক সবিশেষ...

PARIS PARALYMPICS 2024
প্ৰীতি পাল (GETTY IMAGE)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: ভাৰতীয় মহিলা পেৰা-দৌৰবিদ প্ৰীতি পালৰ পেৰিছ পেৰালিম্পিক 2024 ত সফলতা ৷ প্ৰতিযোগিতাৰ তৃতীয় দিনা দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷ মহিলাৰ 100 মিটাৰ টি-35 ইভেণ্টত এই পদক জয় কৰিবলৈ সক্ষম হয় প্ৰীতিয়ে ৷ খেলুৱৈগৰাকীয়ে 14.21 ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ত মহিলাৰ 100 মিটাৰ (টি 35 - এম্বুলেটৰী এথলীট) ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰে ।

ভাৰতৰ হৈ প্ৰীতি পালৰ ব্ৰঞ্জৰ পদক

23 বছৰীয়া প্ৰীতি পালে পেৰিছ পেৰালিম্পিক 2024 ত অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক ৷ পেৰা-এথলেটিকছ খেলুৱৈসকলৰ মাজত এয়া ভাৰতৰ প্ৰথমটো পদক ৷

চীনৰ ঝৌ জিয়া(13.58 ছেকেণ্ড) আৰু গুও কিয়ানকিয়ানে (13.74 ছেকেণ্ড) এই ইভেণ্টত ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে । প্ৰতিযোগিতাখনৰ তৃতীয় দিনা প্ৰীতি পালে ব্ৰঞ্জৰ পদক জয় কৰি দেশক দিনটোৰ তৃতীয়টো পদক প্ৰদান কৰে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰৰ দিনটোত অৱনী লেখাৰা আৰু মোনা আগৰৱালে শ্বুটিঙত ক্ৰমে স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জয় কৰিছিল । তেওঁলোক দুয়োগৰাকীয়ে পেৰালিম্পিকত ভাৰতৰ হৈ পদক মুকলি কৰে ।

বৰ্তমানলৈকে প্ৰীতি পালৰ যাত্ৰা এনেধৰণৰ

টি 35 শাখাৰ খেলসমূহ হাইপাৰটোনিয়া, এটেক্সিয়া, চেৰিব্ৰেল পালচি আৰু এথেট’চিছৰ দৰে ৰোগত আক্ৰান্ত খেলুৱৈসকলৰ বাবে অনুষ্ঠিত কৰা হয় । এই মেগা ইভেণ্টত অংশগ্ৰহণৰ পূৰ্বে প্ৰীতি পালৰ প্ৰদৰ্শন যথেষ্ট আকৰ্ষণীয় আছিল ।

পালে বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ(2024) ত দুটা ব্ৰঞ্জৰ পদক, ইণ্ডিয়ান অ’পেন পেৰা এথলেটিকছ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ(2024) আৰু ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ (2024) ত দুটাকৈ সোণৰ পদক লাভ কৰিছে ।

লগতে পঢ়ক: অৱনী লেখাৰাৰ স্বৰ্ণ, মোনা আগৰৱালৰ ব্ৰঞ্জৰে পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈৰ আধিপত্য - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.