ETV Bharat / sports

মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেঃজিঃ মল্লযুঁজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত অংশু মালিক - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 8, 2024, 5:33 PM IST

Paris Olympics 2024 Wrestling : মহিলাৰ ফ্ৰীষ্টাইল 57 কেঃজিঃ মল্লযুঁজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় মল্লযুঁজাৰু অংশু মালিক। পঢ়ক সম্পূৰ্ণ খবৰ...

PARIS OLYMPICS 2024 Wrestling
প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত অংশু মালিক (AP Photo)

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ পৰা ভাৰতৰ বাবে আহিছে এটাৰ পিচত আন এটা হতাশাজনক খবৰ ৷ এইবাৰ পেৰিছ অলিম্পিক 2024ত হতাশাৰ সন্মুখীন হৈছে ভাৰতীয় মল্লযুঁজাৰু অংশু মালিক ৷ বৃহস্পতিবাৰে মহিলা ফ্ৰীষ্টাইল 57 কেজি মল্লযুঁজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অংশুৱে বৰ্তমানৰ অলিম্পিক চেম্পিয়ন আমেৰিকান মল্লযুঁজাৰুৰ বিৰুদ্ধে 2-7 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷

বৰ্তমানৰ অলিম্পিক চেম্পিয়নৰ হাতত পৰাস্ত অংশু মালিক :

মহিলাৰ 57 কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ 16 ৰাউণ্ডত আমেৰিকাৰ হেলেন লুইজ মাৰৌলিছৰ হাতত 2-7 ব্যৱধানত পৰাস্ত হয় ভাৰতীয় মল্লযুঁজাৰু অংশু মালিক ৷ উল্লেখ্য যে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে তিনি বছৰ পূৰ্বেও বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত মাৰৌলিছৰ হাতত পৰাস্ত হৈছিল ৷ একে সময়তে টকিঅ’ অলিম্পিক 2020তো তেওঁ প্ৰাৰম্ভিক ৰাউণ্ডতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

আমেৰিকাৰ মাৰৌলিছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে :

2016 চনৰ ৰিঅ’ অলিম্পিকত 53 কেজি মল্লযুঁজত চেম্পিয়ন হোৱা মাৰৌলিছে কোৱাৰ্টাৰ ফাইনেল মেচত পোলেণ্ডৰ আনহেলিনা লিছাকৰ বিৰুদ্ধে খেলিব ৷ আনহাতে ছেমি ফাইনেলত তেওঁ জাপানৰ শীৰ্ষ ছিড চুগুমি ছাকুৰাইৰ বিৰুদ্ধে খেলিব ৷ ইফালে অংশু মালিকে ৰিপেচেজ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ হ’লে মাৰৌলিছে পৰৱৰ্তী দুজন প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰয়োজনীয় ৷

লগতে পঢ়ক : পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ : চতুৰ্থ স্থানতে ক্ষান্ত ভাৰোত্তোলক মীৰাবাঈ চানু - PARIS OLYMPICS 2024

অমন ছেহৰাৱাটৰ বিস্ফোৰক অভিষেক :

বৃহস্পতিবাৰে অনুষ্ঠিত আন এখন খেলত 5ম ছিড ভাৰতীয় মল্লযুঁজাৰু অমন ছেহৰাৱাটে ইউৰোপীয় চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী উত্তৰ মেচিডোনিয়াৰ ভ্লাদিমিৰ ইগ’ৰভক 10-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷

উল্লেখ্য যে, পেৰিছ অলিম্পিক 2024ত বৰ্তমানলৈকে ভাৰতে কেৱল তিনিটা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হৈছে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিক 2024 : 11 তম স্থানতে দুভৰিৰ ছন্দ থমকিল অবিনাশ চাবলৰ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.