ETV Bharat / sports

পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ : চতুৰ্থ স্থানতে ক্ষান্ত ভাৰোত্তোলক মীৰাবাঈ চানু - PARIS OLYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 8, 2024, 8:02 AM IST

Mirabai Chanu : চলিত পেৰিছ অলিম্পিকত বুধবাৰে মহিলাৰ 49 কিল’গ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থানতে থমকিবলগীয়া হৈছে মীৰাবাঈ চানুৱে ৷ ইয়াৰ লগে লগে খেলুৱৈগৰাকীৰ পদক জয়ৰ আশা নিৰ্বাপিত হয় ৷

PARIS OLYMPICS 2024
ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানু (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 8 আগষ্ট : ভাৰতীয় ভাৰোত্তোলক আৰু টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চাইখোম মীৰাবাঈ চানুৱে চলিত পেৰিছ অলিম্পিকত পদক অৰ্জন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷ বুধবাৰে অনুষ্ঠিত 49 কিল’গ্ৰাম শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ কৰে খেলুৱৈগৰাকীয়ে ।

স্নেচ আৰু ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডত সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টাৰ সংমিশ্ৰণ হিচাপে চানুৱে মুঠ 199 কিল’গ্ৰাম ওজন দাঙিছিল । স্নেচত খেলুৱৈগৰাকীৰ সৰ্বশ্ৰেষ্ঠ লিফ্ট আছিল 88 কিল’গ্ৰাম ৷ আনহাতে ক্লিন এণ্ড জাৰ্কত সৰ্বাধিক লিফ্ট আছিল 111 কিল’গ্ৰাম ।

টকিঅ' অলিম্পিকৰ পদক বিজয়ী চানুৱে স্নেচ ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাত 85 কিল’গ্ৰাম ওজন উত্তোলন কৰি অভিযান আৰম্ভ কৰে । খেলুৱৈগৰাকীয়ে দ্বিতীয় প্ৰচেষ্টাত 88 কিল’গ্ৰাম ওজন দাঙিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷

অৱশ্যে, তেওঁ তৃতীয় প্ৰচেষ্টাত 88 কিল’গ্ৰাম ওজন দাঙিবলৈ সক্ষম হৈছিল ৷ স্নেচ ৰাউণ্ডৰ পিছত অলিম্পিকৰ নৱাগত থাইলেণ্ডৰ সুৰোদচানা খাম্বাওৰ সৈতে যুটীয়াভাৱে তৃতীয় স্থানত উপনীত হয় ভাৰতীয় খেলুৱৈগৰাকী ৷

লগতে পঢ়ক: মীৰাবাঈ চানুৱে ভাৰোত্তোলনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’বনে ? - Weight Lifter Mirabai chanu

মীৰাবাঈৰ শক্তিশালী চুট বুলি গণ্য কৰা ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডটোৰ আৰম্ভণি ভালদৰেই হৈছিল ৷ কিয়নো খেলুৱৈগৰাকীয়ে প্ৰথম প্ৰচেষ্টাতে সফলতাৰে 107 কিল’গ্ৰাম ওজন দাঙিবলৈ সক্ষম হয় ৷ দ্বিতীয় প্ৰচেষ্টাত চানুৱে 111 কিল’গ্ৰামলৈ বৃদ্ধি কৰে ওজনৰ মাত্ৰা । এক প্ৰত্যাশাজনক আৰম্ভণি স্বত্বেও খেলুৱৈগৰাকী দ্বিতীয় প্ৰচেষ্টাৰ শেষত ব্যৰ্থ হয় যদিও পুনৰ তৃতীয় প্ৰচেষ্টাত 111 কিল’গ্ৰাম ওজন দাঙিবলৈ সক্ষম হয় ৷

দুৰ্ভাগ্যবশতঃ, ইয়াৰ পিছতো খেলুৱৈগৰাকীয়ে প্ৰথম তিনিটা স্থান দখল কৰাত ব্যৰ্থ হয় ৷ 29 বছৰীয়া চানুৱে পদকৰ বাবে যুঁজ দিবলৈ ১১৪ কিল’গ্ৰাম দঙাৰ প্ৰয়োজন আছিল যদিও সেই প্ৰচেষ্টাত বিফল হৈছিল ৷ যাৰ ফলত চানুৱে মুঠ 199 কিল’গ্ৰামহে দাঙি প্ৰতিযোগিতাৰ চতুৰ্থ স্থান লাভ কৰে ৷

চীনৰ ঝিহুই হৌৱে সফলতাৰে 117 কিল’গ্ৰাম উত্তোলন কৰাৰ পিছত অন্তিম প্ৰচেষ্টাত অভিলেখসংখ্যক মুঠ 206 কিল’গ্ৰামৰ সৈতে সোণৰ পদক অৰ্জন কৰে ৷ ঝিহুইৰ অন্তিম প্ৰয়াসলৈকে প্ৰতিযোগিতাত আগবাঢ়ি থকা ৰোমানিয়াৰ ভেলেণ্টিনা কেম্বেয়ে মুঠ 205 কিল’গ্ৰামৰ সৈতে ৰূপৰ পদক আৰু থাইলেণ্ডৰ সুৰোদচানা খাম্বাওৱে 200 কিল’গ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক জয় কৰে ৷

লগতে পঢ়ক: ঐতিহাসিক দ্বিতীয় অলিম্পিক পদকত দৃষ্টি মীৰাবাঈ চানুৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.