ETV Bharat / sports

মই মোৰ সৰ্বশ্ৰেষ্ঠ দিছিলো, কিন্তু সিদিনা অৰ্শদৰ দিন আছিল : স্বৰ্ণ হেৰুওৱাৰ পিছত নীৰজ চোপ্ৰাৰ প্ৰতিক্ৰিয়া - PARIS OLYMPICS 2024

author img

By ANI

Published : Aug 9, 2024, 9:18 AM IST

Neeraj Chopra: "যেতিয়াই আমি দেশৰ বাবে পদক জিকিম, আমি সকলোৱে সুখী অনুভৱ কৰিম । এতিয়া প্ৰদৰ্শন উন্নত কৰাৰ সময় । আমি আলোচনা কৰিম আৰু আমাৰ প্ৰদৰ্শন উন্নত কৰিম ৷" চোপ্ৰাই সংবাদ মাধ্যমৰ আগত এনেদৰে পদক জয়ৰ পিছত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

PARIS OLYMPICS 2024
নীৰজ চোপ্ৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট: পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাৰ পদক জয়ৰ পিছত প্ৰকাশ প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে চোপ্ৰাই কয় যে যদিও তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিল, সেইদিনটো পাকিস্তানৰ অৰ্শদ নাদিমৰ স্বৰ্ণ জয়ৰ দিন আছিল । চোপ্ৰাই কৈছিল যে এইটো তেওঁৰ প্ৰদৰ্শন মূল্যায়ন কৰাৰ আৰু ভৱিষ্যতৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়াৰ সময় ।

"যেতিয়াই আমি দেশৰ বাবে পদক জিকিম, আমি সকলোৱে সুখী অনুভৱ কৰিম । এতিয়া প্ৰদৰ্শন উন্নত কৰাৰ সময় । আমি আলোচনা কৰিম আৰু আমাৰ প্ৰদৰ্শন উন্নত কৰিম ৷" চোপ্ৰাই সংবাদ মাধ্যমৰ আগত এনেদৰে পদক জয়ৰ পিছত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক জয়: অভিনন্দন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ - PARIS OLYMPICS 2024

খেলুৱৈগৰাকীয়ে লগতে কৈছিল যে প্ৰতিযোগিতাখন অত্যন্ত কঠিন আছিল ৷ প্ৰতিগৰাকী খেলুৱৈৰে তেওঁলোকৰ দিন আছে ৷ তেওঁ লগতে কয়, "আজি অৰ্শদৰ দিন আছিল । মই মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিলো ৷ কিন্তু কিছুমান বিষয়ৰ ওপৰত সমাধান কৰা আৰু কাম কৰা প্ৰয়োজন" ৷

তেওঁ অলিম্পিকৰ সম্ভাৱনাৰ ওপৰত ভাৰতৰ ভৱিষ্যতৰ আস্থা ব্যক্ত কৰি কয়, "ভাৰতে পেৰিছ অলিম্পিকত ভাল খেলিছিল । আমাৰ জাতীয় সংগীত আজি বজোৱা নহ'ব পাৰে, কিন্তু ভৱিষ্যতে ইয়াক শুনা যাব" ৷

চোপ্ৰাই পেৰিছ অলিম্পিকত 89.45 মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰে জিকিছিল ৰূপৰ পদক । তেওঁৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ দ্বিতীয় প্ৰচেষ্টাৰ জৰিয়তে আহিছিল ৷ কিন্তু একেৰাহে চাৰিটা ফাউলে তেওঁৰ স্বৰ্ণ জয়ৰ সম্ভাৱনাত বাধা দিছিল । চোপ্ৰা স্বাধীনতাৰ পিছত দ্বিতীয় পুৰুষ এথলীট হিচাপে ব্যক্তিগত প্ৰতিযোগিতাত দুটা অলিম্পিক পদক জয় কৰে ।

পাকিস্তানৰ অৰ্শদ নাদিমে 92.97 মিটাৰ থ্ৰ’ৰে স্বৰ্ণ জয় কৰে আৰু নতুন অলিম্পিক অভিলেখ গঢ়ি 2008 চনৰ বেইজিঙৰ পৰা ডেনমাৰ্কৰ এন্দ্ৰিয়াছ থৰকিল্ডছেনৰ অভিলেখক অতিক্ৰম কৰে । গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে 88.54 মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক জয় কৰে ৷

পূৰ্বে চোপ্ৰাই গ্ৰুপ বি অৰ্হতা ৰাউণ্ডত 89.34 মিটাৰ থ্ৰ’ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ যিটো তেওঁৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’ আছিল ৷ নাদিমৰ সৈতে এক সুস্থ প্ৰতিদ্বন্দ্বিতা স্বত্বেও চোপ্ৰাই 9-0 ত আগবাঢ়ি থকাৰ পিছতো 2022 কমনৱেলথ গেমছত নাদিমৰ 90.18 মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’য়ে চোপ্ৰাৰ সকলো শীৰ্ষ প্ৰচেষ্টাক অতিক্ৰম কৰে ।

লগতে পঢ়ক: স্বৰ্ণ নহয় : পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.