ETV Bharat / sports

শিৱাজী পাৰ্কত প্ৰতিষ্ঠা হ’ব প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ স্মাৰক: চৰকাৰৰ সিদ্ধান্তত সুখী শচীন তেণ্ডুলকাৰ - Ramakant Achrekar Memorial

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 7:47 PM IST

Sachin Tendulkar coach: মহাৰাষ্ট্ৰ চৰকাৰে কিংবদন্তি প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ নামত এটা স্মাৰক প্ৰতিষ্ঠাৰ বাবে অনুমোদন জনাইছে ৷ যিগৰাকী ব্যক্তিয়ে কিংবদন্তি শচীন তেণ্ডুলকাৰৰ দৰে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিছিল । স্মাৰকটো মুম্বাইৰ শিৱাজী পাৰ্কত নিৰ্মাণ কৰা হ’ব ৷ য’ত আচৰেকাৰে উদীয়মান ক্ৰিকেটাৰসকলক প্ৰশিক্ষণ দিয়াত জীৱন অতিবাহিত কৰিছিল । এই সন্দৰ্ভত ইটিভি ভাৰতৰ নিখিল বাপটৰ প্ৰতিবেদন ৷

RAMAKANT ACHREKAR MEMORIAL
ৰমাকান্ত আচৰেকাৰৰ ফাইল ফটো (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ক্ৰিকেটৰ কিংবদন্তী শচীন তেণ্ডুলকাৰৰ প্ৰশিক্ষক স্বৰ্গীয় ৰমাকান্ত আচৰেকাৰৰ মধ্য মুম্বাইৰ দাদৰৰ শিৱাজী পাৰ্কৰ প্ৰতি এক বিশেষ আসক্তি আছিল । শিৱাজী পাৰ্কত আচৰেকাৰে কেৱল তেণ্ডুলকাৰক নহয়, প্ৰবীণ আমৰে, বিনোদ কাম্বলী আৰু চন্দ্ৰকান্ত পণ্ডিতৰ দৰে আন বহুতো খেলুৱৈক ক্ৰিকেটৰ অ আ, ক খ-ৰ প্ৰশিক্ষণ দিছিল ৷ যিসকলে পৰৱৰ্তী সময়ত ভাৰতৰ হৈ ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷

এতিয়া মহাৰাষ্ট্ৰ চৰকাৰে দ্ৰোণাচাৰ্য বঁটা বিজয়ী প্ৰশিক্ষকৰ স্মৃতিত এটা স্মাৰক নিৰ্মাণৰ বাবে অনুমোদন জনাইছে । মালভানত জন্মগ্ৰহণ কৰা আচৰেকাৰ নামৰ অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষকগৰাকীৰ 2019 চনৰ 2 জানুৱাৰীত মুম্বাইত মৃত্যু ঘটে ।

নগৰ উন্নয়ন বিভাগে জাৰি কৰা এক চৰকাৰী প্ৰস্তাৱ অনুসৰি, ৰাজ্য চৰকাৰে শিৱাজী উদ্যানৰ 5 নং গেটত ৰমাকান্ত আচৰেকাৰৰ বাবে 6x6x6 জোখাৰে স্মাৰক নিৰ্মাণৰ বাবে অনুমোদন জনাইছে । স্মাৰকটো নিৰ্মাণৰ পৰামৰ্শ মুম্বাইৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত এখন সমিতিয়ে কৰিছিল ।

নগৰ উন্নয়ন বিভাগে লগতে কয় যে, স্মাৰকটো সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাটো বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ(এম চি জি এম) আয়ুক্তৰ দায়িত্ব হ'ব । ইয়াত এইটোও কোৱা হৈছে যে, স্মাৰকটোৰ নক্সা অনুমোদন কৰোঁতে কোনো গছ কাটিব নালাগে আৰু প্ৰয়োজন হ'লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগিব । নগৰ উন্নয়ন বিভাগে এইটোও স্পষ্ট কৰিছিল যে প্ৰতিমূৰ্তিটোৰ তত্বাৱধানৰ বাবে বি ভি কামাথ মেম'ৰিয়েল ক্লাব দায়বদ্ধ থাকিব আৰু মহাৰাষ্ট্ৰ চৰকাৰে কোনো পৃথক পুঁজি প্ৰদান নকৰিব ।

শিৱাজী পাৰ্ক জিমখানাৰ সহকাৰী সম্পাদক সুনীল ৰামচন্দ্ৰনে ইটিভি ভাৰতক কৈছিল যে "আচৰেকাৰ ছাৰৰ শিক্ষাৰ্থীসকলে তেওঁৰ বাবে শিৱাজী পাৰ্কত এটা স্মাৰক নিৰ্মাণ কৰাটো বিচাৰিছিল, য'ত তেওঁ জীৱন অতিবাহিত কৰিছিল" ।

"এইটো মোৰ ইচ্ছা আছিল আৰু মই সুখী যে মহাৰাষ্ট্ৰ চৰকাৰে অনুমোদন প্ৰদান কৰিছে । এই স্মাৰকৰ বাবে এম এন এছৰ মুৰব্বী ৰাজ ঠাকৰেয়ে আমাক সহায় কৰিছিল"- তেওঁ কয় । ৰামচন্দ্ৰনৰ মতে, স্মাৰকটোত দুটা বেট, এটা বল আৰু আচৰেকাৰ ছাৰৰ আইকনিক টুপী থাকিব ।

"আমি আচৰেকাৰ ছাৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত 13 গৰাকী ভাৰতীয় খেলুৱৈৰ দ্বাৰা স্বাক্ষৰিত এটা বেট ইয়াত ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো ৷ আমাৰ প্ৰয়াস হৈছে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত স্মাৰকটো সম্পূৰ্ণ কৰা," তেওঁ কয় ।

এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি ৰমাকান্ত আচৰেকাৰৰ কন্যা বিশাখা আচৰেকাৰ দালভিয়ে ইটিভি ভাৰতক কয়, "আমি সকলোৱে ইয়াৰ বাবে অপেক্ষা কৰি আছিলো । মোৰ দেউতাই তেওঁৰ গোটেই জীৱন শিৱাজী পাৰ্কত অতিবাহিত কৰিছিল আৰু তেওঁ পুৱা 4 বজাত ময়দান(উদ্যান) লৈ গৈছিল । তেওঁ কেৱল গোটেই জীৱন ক্ৰিকেটৰ বাবে দিয়া আৰু উৎসৰ্গিত কৰাৰ কলা জানিছিল" ৷

শচীন তেণ্ডুলকাৰৰ সুখ প্ৰকাশ

কিংবদন্তী ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰেও এই বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছে । "আচৰেকাৰ ছাৰে মোৰ আৰু মোৰ জীৱনৰ আন বহুতৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে । মই তেওঁৰ সকলো শিক্ষাৰ্থীৰ হৈ কথা পাতি আছো । তেওঁৰ জীৱন শিৱাজী পাৰ্কত ক্ৰিকেটৰ চাৰিওফালে সংলগ্ন আছিল । শিৱাজী পাৰ্কত থকাটো সদায় তেওঁৰ ইচ্ছা আছিল । তেওঁৰ কৰ্মভূমিত আচৰেকাৰ ছাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ চৰকাৰৰ সিদ্ধান্তত মই অত্যন্ত সুখী" বুলি ক্ৰিকেটৰ মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: আই চি চি ৰ অধ্যক্ষ জয় শ্বাহৰ দৰমহা কিমান ? জানিলে আচৰিত হৈ পৰিব আপুনি - ICC CHAIRMAN JAY SHAH SALARY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.