ETV Bharat / sports

ধাৰাভিৰ পৰা গুজৰাট জায়েণ্টছলৈ...এই যাত্ৰাৰ আঁতধৰোতা ছিমৰণ শ্বেখ কোন ? - WPL 2025 AUCTION

WPL 2025 auction: ৱমেনছ প্ৰিমিয়াৰ লীগ 2025 ৰ নিলামত গুজৰাট জায়েণ্টছে 1.9 কোটি টকাত ক্ৰয় কৰিছিল ছিমৰণ শ্বেখক ৷ খেলুৱৈগৰাকীৰ সন্দৰ্ভত কিছু বিতং খবৰ...

WPL 2025 Auction
ছিমৰণ শ্বেখ (Women's Premier League (WPL) X)
author img

By ETV Bharat Sports Team

Published : Dec 18, 2024, 1:50 PM IST

স্প’ৰ্টছ ডেস্ক: ডব্লিউ পি এল অৰ্থাৎ ৱমেনছ প্ৰিমিয়াৰ লীগ 2025 ৰ বাবে ইতিমধ্যে সমাপ্ত হৈছে নিলামৰ কাৰ্যসূচী ৷ 1.9 কোটি টকাত নিলামৰ জৰিয়তে গুজৰাট জায়েণ্টছে ক্ৰয় কৰা ছিমৰণ শ্বেখ নামৰ খেলুৱৈগৰাকী সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছে ৷

পিছে আপুনি জানেনে এই ছিমৰণ শ্বেখ নামৰ খেলুৱৈগৰাকী কোন ? এই প্ৰতিবেনদত খেলুৱৈগৰাকীৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে-

ছিমৰণ শ্বেখ এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰাভি(মুম্বাই) ৰ বিদ্যু কৰ্মচাৰীৰূপে জীৱিকা নিৰ্বাহ কৰা এজন ব্যক্তিৰ কন্যা ৷ গুজৰাট জায়েণ্টছে মহিলা ক্ৰিকেটাৰগৰাকীক 1.9 কোটি টকাত ক্ৰয় কৰাৰ পিছতে সকলোৰে চকু কপালত উঠিছিল ৷ কিয়নো ৱমেনছ প্ৰিমিয়াৰ লীগ 2025 ৰ নিলামত 10 লাখ টকা আধাৰমূল্য থকা ক্ৰিকেটাৰগৰাকীক ফ্ৰেঞ্চাইজিয়ে সৰ্বাধিক মূল্যৰে নিলামৰ জৰিয়তে ক্ৰয় কৰে ৷

ধাৰাভিত উপস্থিত হোৱাৰ পিছত উষ্ম আদৰণি

মঙলবাৰে মহিলা ক্ৰিকেটাৰগৰাকীয়ে জন্মস্থান ধাৰাভিত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকৰ লগতে একাংশ স্থানীয় লোকে বিশাল আদৰণি জনায় ৷ যুৱ ক্ৰিকেটাৰগৰাকীৰ আগমনৰ পূৰ্বে তেওঁ অহাৰ খবৰ পাই ৰাজপথত একত্ৰিত হয় বহু স্থানীয় লোক ৷ লগতে আতচবাজী প্ৰদৰ্শনৰে আনন্দ প্ৰকাশ কৰে ৷

বিৰাট কোহলীৰ সাক্ষাৎ পোৱাটো ছিমৰণৰ সপোন

এ এন আইৰ সৈতে বাৰ্তালাপ কৰি ছিমৰণে কয়, "মোৰ সপোন হৈছে বিৰাট কোহলীক এবাৰ লগ পোৱা । মই কেৱল ভাৰতৰ জাৰ্ছী বিচাৰো আৰু সেয়েহে মই এই সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাই আছো" ৷

ইয়াৰ লগতে ছিমৰণে নিজৰ পৰিয়ালৰ সমৰ্থন আৰু ফ্ৰেঞ্চাইজিৰ ওপৰত বিশ্বাস বজাই ৰখাৰ সংকল্পক স্বীকাৰ কৰি এনেদৰে কয়, "মই জি জি (গুজৰাট জায়েণ্টছ) পৰিয়ালক ধন্যবাদ জনাইছো । এই বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰাৰ পিছত তেওঁলোকৰ বাবে ভাল প্ৰদৰ্শন কৰাটো মোৰ দায়িত্ব । মই মোৰ মা-দেউতাক ধন্যবাদ জনাইছো, কিয়নো মোৰ সমাজত এনেধৰণৰ বিষয়ৰ প্ৰতি বিশেষ সমৰ্থন নাই ৷ কিন্তু তেওঁলোকে সদায় মোৰ কাষত থিয় দি আহিছে" ।

ছিমৰণৰ আধাৰমূল্য আছিল 10 লাখ টকা

এগৰাকী মিডল অৰ্ডাৰ বেটছমেন হিচাপে খেলপথাৰত দেখিবলৈ পোৱা 22 বছৰীয়া ছিমৰণক যোৱা বছৰ লীগৰ প্ৰথমটো নিলামত ইউ পি ৱাৰিয়ৰ্ছে 10 লাখ টকাৰ আধাৰ মূল্যত ক্ৰয় কৰিছিল । ডব্লিউ পি এল 2023 ত ছিমৰণে 9 খন মেচত 29 ৰাণ সংগ্ৰহ কৰিছিল । তেতিয়াৰে পৰা খেলত যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে ছিমৰণে ।

চলিত বৰ্ষত ক্ৰিকেটাৰগৰাকীয়ে ডব্লিউ পি এলৰ নিলামত সৰ্বাধিক ব্যয়বহুল আনকেপড ভাৰতীয় খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে । ছিমৰণ মুম্বাই আৰু ইণ্ডিয়া ই দলৰ অংশ, যিয়ে ছিনিয়ৰ মহিলা টি-20 ট্ৰফী আৰু চেলেঞ্জাৰ ট্ৰফী জয় কৰিছিল ।

ডব্লিউ পি এল 2025 ৰ বাবে গুজৰাট জায়েণ্টছৰ দলটো: এশ্লেগ গাৰ্ডেনাৰ, বেথ মুনি, দয়ালান হেমলাথা, হাৰলীন দেওল, ল’ৰা ৱলভাৰ্ডট, শৱনম চাকিল, তনুজা কানৱাৰ, ফবী লিচফিল্ড, মেঘনা সিং, কাশৱী গৌতম, প্ৰিয়া মিশ্ৰ, মান্নাট কাশ্যপ, ভাৰতী ফুলমালি, ছায়ালী সাতঘৰে, ডেন্দ্ৰা ডটিন, ছিমৰণ শ্বেখ, ডেনিয়েল গিবসন আৰু প্ৰকাশিকা নাইক ৷

লগতে পঢ়ক: ৱমেনছ প্ৰিমিয়াৰ লীগ 2025; সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত ছিমৰণ শ্বেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.