ETV Bharat / sports

বিৰাট কোহলী ইতিহাসৰ শ্ৰেষ্ঠ ফিনিচাৰ আৰু সৰ্বশ্ৰেষ্ঠ হোৱাইট বল খেলুৱৈ: জেমছ এণ্ডাৰছন - JAMES ANDERSON ON VIRAT KOHLI

author img

By ETV Bharat Sports Team

Published : Aug 27, 2024, 7:34 PM IST

James Anderson: ইংলেণ্ডৰ প্ৰাক্তন দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনে ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলীক কৰিছে উচ্চ প্ৰশংসা । বিৰাট সন্দৰ্ভত খেলুৱৈগৰাকীয়ে কৰিছে এক বৃহৎ মন্তব্য ৷ পঢ়ক সবিশেষ...

JAMES ANDERSON ON VIRAT KOHLI
বিৰাট কোহলী আৰু জেমছ এণ্ডাৰচন (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 27 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিজৰ সুকীয়া বেটিং শৈলীৰে মোহাচ্ছন্ন কৰি ৰাখিছে সমগ্ৰ বিশ্বক ৷ এসময়ৰ বিৰাটৰ প্ৰতিদ্বন্দ্বীসকলেও বৰ্তমান ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীত পৰিণত হৈছে ৷ ইংলেণ্ডৰ প্ৰাক্তন দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনো হৈ পৰিছে বিৰাট কোহলীৰ অনুৰাগী ৷

শেহতীয়াকৈ এণ্ডাৰছনে কোহলীক প্ৰশংসাৰে উপচাই পেলাই ক্ৰিকেটাৰগৰাকীৰ সন্দৰ্ভত কৰিছে বৃহৎ মন্তব্য ৷ এক ব্যক্তিগত পডকাষ্টত হোৱ বাৰ্তালাপৰ সময়ত ভাৰতৰ তাৰকা ক্ৰিকেটাৰগৰাকীৰ প্ৰশংসাৰে পঞ্চমুখ হৈ পৰে জেমছ এণ্ডাৰছন ৷

কোহলীক শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে অভিহিত এণ্ডাৰছনৰ

"বিৰাট কোহলী হৈছে ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ফিনিচাৰ আৰু সৰ্বশ্ৰেষ্ঠ বগা বলৰ খেলুৱৈ । ইতিহাসৰ দ্বিতীয় নম্বৰত বেটিং কৰা আৰু এটা স্ক’ৰ অনুসৰণ কৰাত বিৰাট কোহলীতকৈ ভাল বেটছমেন আছে নে নাই মই নাজানো, কিন্তু তেওঁ সৰ্বশ্ৰেষ্ঠ । বিৰাট হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বগা বলৰ খেলুৱৈ । বিশেষকৈ দ্বিতীয় ইনিংছত তেওঁ ৰাণ সংগ্ৰহ কৰাৰ সময়ত আৰু ভাৰতৰ হৈ মেচ জিকাৰ সময়ত কৰা শতকৰ সংখ্যা অবিশ্বাস্য । তেওঁৰ অভিলেখটো কেৱল আশ্চৰ্যজনক" বুলি এণ্ডাৰছনে ৷

জেমছ এণ্ডাৰছনে শেহতীয়াকৈ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । এণ্ডাৰছনে টি-20 আৰু এদিনীয়া খেলৰ পৰা অৱসৰ লোৱাৰ পাছত চলিত বৰ্ষৰ জুলাইত টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ ঘোষণা কৰে ৷ এই দ্ৰুত বলাৰজনে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত 703 টা উইকেট অৰ্জন কৰিছিল ।

একে সময়তে বিৰাট কোহলীয়েও টি-20 ক্ৰিকেটৰ পৰা অৱসৰ লৈছে । কিন্তু বিৰাটে এদিনীয়া আৰু টেষ্টত নিজৰ শৈলী অব্যাহত ৰাখিব । তেওঁক ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত দেখা যাব ।

লগতে পঢ়ক: বিৰাট কোহলীয়ে ব্যৱহাৰ কৰা 10 টা ব্যয়বহুল ঘড়ী: মূল্য জানিলে চকু কপালত উঠিব আপোনাৰ - EXPENSIVE WATCHES OF VIRAT KOHLI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.