ETV Bharat / sports

ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছত 6 ক্ৰিকেটাৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা - IPL 2025

kkr player retention list: আই পি এল 2025 ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে কোনবোৰ খেলুৱৈক দলত ৰাখিব পাৰে ? দলটোৰ প্ৰাক্তন ক্ৰিকেটাৰে কৰিছে প্ৰকাশ ।

IPL 2025
কলকাতা নাইট ৰাইডাৰ্ছৰ একাংশ খেলুৱৈ (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Oct 27, 2024, 5:22 PM IST

স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ বাবে খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰাৰ অন্তিমটো দিন হৈছে 31 অক্টোবৰ । এনে পৰিস্থিতিত অনুৰাগীসকলে নিজৰ প্ৰিয় দলবোৰে কোনবোৰ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰি ৰাখিব, তাৰ ওপৰত ৰাখিছে দৃষ্টি ৷

আই পি এল 2025 ৰ বাবে 10 টা ফ্ৰেঞ্চাইজীয়ে 6 জন খেলুৱৈক দলত ৰখাৰ সুযোগ লাভ কৰিব । এই সময়ছোৱাতে দলসমূহে ৰাইট টু মেচ কাৰ্ডো ব্যৱহাৰ কৰিব পাৰে ।

আই পি এল 2024-ৰ বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছে কোন 6 জন খেলুৱৈক দলত ৰাখিব, এই বিষয়ত দৃষ্টি আৱদ্ধ কৰি ৰাখিছে অনুৰাগীসকলে ৷ পিছে এই সকলোবোৰৰ মাজতে ডিফেণ্ডিং চেম্পিয়ন কে কে আৰৰ প্ৰাক্তন খেলুৱৈ ব্ৰেড হগে কৰিছে এক ভৱিষ্যতবাণী ৷

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনে নিজৰ ইউ টিউব চেনেলত কে কে আৰে দলত ৰখাৰ সম্ভাৱনা থকা 6 জন খেলুৱৈৰ নাম প্ৰকাশ কৰিছে ।

কে কে আৰে দলত ৰাখিব বিচৰা এই 6 গৰাকী সাম্ভাৱ্য ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেড হগৰ মতে, কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে অধিনায়ক শ্ৰেয়ছ আয়াৰক দলত ৰাখিব বিচাৰিব । ইয়াৰ পিছত দলটোৱে ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ সুনীল নাৰিন আৰু আন্দ্ৰে ৰাছেলক দলত ৰখাৰ সম্ভাৱনা আছে ৷ এই দুয়োজন খেলুৱৈ বেট-বলেৰে দলটোৰ বাবে উপযোগী প্ৰমাণিত হৈছে ।

তাৰপিছত কে কে আৰে ৰিষ্ট স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ নামো বিবেচনা কৰিব পাৰে । ব্ৰেড হগৰ দৃষ্টিত অন্যতম খেলুৱৈগৰাকী হৈছে ৰিংকু সিং ৷ সমান্তৰালকৈ দলটোৱে ফাষ্ট বলাৰ হৰ্ষিত ৰাণাকো দলত ৰখাৰ সম্ভাৱনা আছে ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে টীম ইণ্ডিয়াতো স্থান লাভ কৰিছে । এই মুহূৰ্তত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক: আইপিএল ২০২৫ : নিলামৰ পূৰ্বে লক্ষ্ণৌৱে এৰিব বিচাৰিছে কে এল ৰাহুলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.