ETV Bharat / sports

জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দলত নীতিশ ৰেড্ডীৰ পৰিৱৰ্তে অন্তৰ্ভুক্ত শিৱম ডুবে - India Tour of Zimbabwe

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:45 PM IST

Shivam Dube Replaces Nitish Reddy: আগন্তুক জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দলত আঘাতপ্ৰাপ্ত নীতিশ ৰেড্ডীৰ সলনি অল ৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভুক্ত কৰা হৈছে । বি চি চি আয়ে ২৬ জুনত এক বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ।

Shivam Dube
India's Tour of Zimbabwe (ANI)

স্প’ৰ্টছ ডেস্ক, ২৬ জুন: অজিত আগৰকাৰ নেতৃত্বাধীন বি চি চি আইৰ পুৰুষৰ বাচনি সমিতিয়ে আগন্তুক জিম্বাব’ৱে ভ্ৰমণৰ বাবে ভাৰতীয় দলত আঘাতপ্ৰাপ্ত নীতিশ ৰেড্ডীৰ সলনি অল ৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভুক্ত কৰিছে । বি চি চি আইৰ সম্পাদক জয় শ্বাহে এক প্ৰেছ বিবৃতিত কয়, “বি চি চি আই মেডিকেল টীমে নীতিশ ৰেডীৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে ।”

শিৱম ডুবে বাওঁহাতৰ বেটছমেন আৰু সোঁহাতৰ মিডিয়াম পেচাৰ । তেওঁ এখন এদিনীয়া আৰু ২৭ খন টি-২০ খেলিছে, য’ত তেওঁ ৯ আৰু ২৮৯ ৰান সংগ্ৰহ কৰিছে । টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৮টা উইকেটো দখল কৰিছে । মুম্বাইৰ হৈ ঘৰুৱা চাৰ্কিটত খেলা ৩১ বছৰীয়া শিৱম আক্ৰমণাত্মক বেটিং আৰু বিশাল শ্বটৰ বাবে পৰিচিত ।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰে মোকাবিলা : ছেইণ্ট লুচিয়াত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024

বৰ্তমান ২০২৪ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ অন্যতম সদস্য শিৱম ডুবে । ২০২৪ চনৰ ৬ জুলাইৰ পৰা হাৰাৰেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাত ভাৰতে জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিব । যোৱা ২৪ জুনত দল ঘোষণা কৰিছিল বিচিচিআয়ে ৷

নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা, তাৰকা বেটছমেন বিৰাট কোহলী আৰু পেচ স্পিয়াৰহেড যশপ্ৰীত বুমৰাহকে ধৰি সকলো জ্যেষ্ঠ খেলুৱৈ এই ভ্ৰমণৰ বাবে জিৰণি দিছে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে । ভাৰতীয় দলটোৰ নেতৃত্ব দিব যুৱ খেলুৱৈ শুবমান গিলে ।

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - Riyan Parag in India Team

নিৰ্বাচিত ভাৰতীয় দল: শুভমন গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, ৰুতুৰাজ গাইকোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (Wk), ধ্ৰুৱ জুৰেল (Wk), ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, আৱেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ, তুষাৰ দেশপাণ্ডে আৰু শিৱম ডুবে ।

খেলৰ সময়সূচী-

  • প্ৰথম টি-206 জুলাই 2024, শনিবাৰ, হাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
  • দ্বিতীয় টি-207 জুলাই 2024, দেওবাৰ, হাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
  • তৃতীয় টি-2010 জুলাই 2024, বুধবাৰ, হাৰাৰে স্প’ৰ্টছ ক্লাৱ দিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
  • চতুৰ্থ টি-2013 জুলাই 2024, শনিবাৰ, হাৰাৰে স্প’ৰ্টছ ক্লাৱদিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)
  • পঞ্চম টি-2014 জুলাই 2024, দেওবাৰ, হাৰাৰে স্প’ৰ্টছ ক্লাৱদিনৰ 1 বজাত (ভাৰতীয় সময় বিয়লি 4.30 বজাত)

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ: পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ - Riyan Parag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.