ETV Bharat / sports

জিম্বাব’ৱেৰ বিৰুদ্ধে 13 ৰাণত আত্মসমৰ্পণ গীল বাহিনীৰ, ব্যৰ্থ ৰিয়ান পৰাগ - India vs zimbabwe

Ind vs Zim : হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত প্ৰথমখন T-২০ত ভাৰতৰ বিৰুদ্ধে 13 ৰাণত জয়লাভ জিম্বাব’ৱেৰ ৷ সকলোৰে দৃষ্টি থকা ভাৰতৰ যুৱ দলটোৰ প্ৰদৰ্শনত হতাশ অনুৰাগী ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:09 PM IST

Updated : Jul 6, 2024, 9:35 PM IST

INDIA VS ZIMBABWE
ভাৰত-জিম্বাব’ৱেৰ যুঁজ (ANI)

স্পৰ্টছ ডেস্ক, 6 জুলাই : 5 খনীয়া মেচৰ T-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন মেচত জিম্বাব’ৱেৰ বিৰুদ্ধে 13 ৰাণত পৰাস্ত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দল ৷ বেটিং ব্যৰ্থতাৰ বাবে হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত মেচখনত জিম্বাব’ৱেৰ বিৰুদ্ধে 13 ৰাণত পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলটোৱে ৷ T-২০ বিশ্বকাপ 2024ৰ বিশ্ব চেম্পিয়ন দলৰ জ্যেষ্ঠ খেলুৱৈসকলক এই শৃংখলাৰ বাবে জিৰণি দিয়া হৈছে ৷ এনে পৰিস্থিতিত বি চি চি আইয়ে এই ভ্ৰমণৰ বাবে জিম্বাব’ৱেলৈ প্ৰেৰণ কৰিছে যুৱ দল ৷ দলটোৰ অধিনায়কত্ব শুভমন গীলৰ হাতত অৰ্পণ কৰা হৈছে ৷

116 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে প্ৰথমৰ পৰাই বেটিং বিপৰ্যৰ সন্মুখীন হয় ৷ প্ৰথম অভাৰৰ চতুৰ্থটো বলতে অভিষেক শৰ্মাৰ ৰূপত উইকেট হেৰুৱাই শলঠেকত পৰে ভাৰত ৷ অধিনায়ক শুভমন গীলে দলক উদ্ধাৰৰ বাবে চেষ্টা কৰি 29 টা বলত 31 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ শুভমন গীলৰ উইকেট পতনৰ পিচত ভাৰতীয় শিবিৰত খহনীয়াৰ সৃষ্টি হয় ৷ ৰিংকু সিং কোনো ৰাণ নকৰাকৈ পেভিলিনমুখী হোৱাৰ বিপৰীতে আন কেইজন বেটছমেনে দহকৰ ঘৰো স্পৰ্শ কৰাত ব্যৰ্থ হয় ৷ আজিৰ মেচত আন্তঃৰাষ্ট্ৰীয় T-20 মেচত ভাৰতৰ হৈ অভিষেক ঘটোৱা ৰিয়ান পৰাগ (2), অভিষেক শৰ্মা (0) আৰু ধ্ৰুব জুৰেল (6) চূড়ান্ত ব্যৰ্থ হয় ৷ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰৰ বাবে শেষ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ সুন্দৰে 34 বলত 27 ৰাণত পেভিলিয়নমুখী হয় ৷ ফলত ভাৰতে 19.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 102 ৰাণ সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰে ৷

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ভাৰতীয় অধিনায়ক শুভমন গীলে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি জিম্বাব’ৱে দলে ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 115 ৰাণ ৷ ৰবি বিষ্ণোইৰ শক্তিশালী স্পেলত তাচপাতৰ দৰে খহে জিম্বাব’ৱেৰ বেটিং লাইন ৷ লেগ স্পীনাৰজনে জিম্বাব’ৱেৰ চাৰিটাকৈ উইকেট দখল কৰে ৷ ৰবি বিষ্ণইক সহযোগ কৰি ৱাশ্বিংটন সুন্দৰ, আভেশ খান আৰু মুকেশ কুমাৰেও জিম্বাব’ৱেৰ কেবাজনো বেটছমেনক পেভিলিয়নৰ বাট দেখুৱায় ৷ ৱাশ্বিংটন সুন্দৰে 2টা উইকেট দখল কৰাৰ বিপৰীতে আভেশ খান আৰু মুকেশ কুমাৰে 1 টাকৈ উইকেট দখল কৰে ৷ জিম্বাব’ৱেৰ হৈ উইকেট কীপাৰ ক্লাইভ মাডাণ্ডে সাৰ্বাধিক 29 ৰাণ সংগ্ৰহ কৰে ৷ ব্ৰায়ান বেনেট আৰু ডিয়ন মেয়াৰ্ছে 23 ৰাণৰ বৰঙণি যোগায় ৷

লগতে পঢ়ক : পূৰণ হ’ল দীৰ্ঘদিনীয়া সপোন : ভাৰতৰ হৈ T-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটিল ৰিয়ান পৰাগৰ - ZIMBABWE TOUR OF INDIAN TEAM

উল্লেখ্য যে, এই শৃংখলাৰ বাবে ভাৰতীয় দলটোৰ আটাইকেইজন ক্ৰিকেটাৰেই যুৱ তথা প্ৰতিভাসম্পন্ন ৷ আজি ভাৰতৰ যুৱ দলটোৱে কেনে প্ৰদৰ্শন আগবঢ়াব, সকলোৰে দৃষ্টি এই বিষয়ত আছিল যদিও দলটোৰ প্ৰদৰ্শনে হতাশ কৰিলে অনুৰাগীক ৷

লগতে পঢ়ক : ভাৰত বনাম জিম্বাব'ৱে : এইসকল ভাৰতীয় বলাৰৰ ওপৰত থাকিব সকলোৰে দৃষ্টি - IND vs ZIM T20

Last Updated : Jul 6, 2024, 9:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.