ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া; পাৰ্থত খলনায়কৰ ভূমিকা ল’ব নেকি বতৰে ? - BORDER GAVASKAR TROPHY 2024

Perth weather updates: শুকুৰবাৰে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত-অষ্ট্ৰেলিয়া ৷ পিছে পাৰ্থত বৰষুণে দিব নেকি বিধি-পথালি ?

BORDER GAVASKAR TROPHY 2024
পাৰ্থৰ অপ্টাছ ষ্টেডিয়াম (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 21, 2024, 4:09 PM IST

স্প’ৰ্টছ ডেস্ক: শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ৷ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত এই শৃংখলাৰ প্ৰথমখন টেষ্টত মুখামুখি হ’ব ভাৰত-অষ্ট্ৰেলিয়া ৷

দলটোক নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে

পাৰ্থত অনুষ্ঠিত হ’বলগীয়া প্ৰথম টেষ্টত উপস্থিত নাথাকে টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা ৷ তেওঁৰ অনুপস্থিতিত দলক নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে ৷ টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে বুমৰাহৰ এয়া দ্বিতীয়খন মেচ ৷ 2018 চনত এই খেলপথাৰত খেলা অন্তিমখন মেচত ভাৰতে পৰাজয়ৰ সন্মুখীন হ'বলগা হৈছিল ।

92 বছৰত প্ৰথমবাৰৰ বাবে 5 খন মেচৰ টেষ্ট শৃংখলা

ঘৰুৱা খেলপথাৰত নিউজিলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়ৰ পিছত ভাৰতে শুকুৰবাৰে পাৰ্থত মুখামুখি হ’ব কেংগাৰু বাহিনীৰ ৷ 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত 3 বা ততোধিক টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হ’ব ৷ অৱশ্যে, বিগত দুটা ভ্ৰমণত ভাৰতে জয়লাভ কৰাৰ পিছত দলটোৰ মনোবল বৃদ্ধি পাইছে ৷

কেনেদৰে খেলিব পাৰ্থৰ পিটচত ?

পাৰ্থত অনুষ্ঠিত প্ৰথম টেষ্টৰ পূৰ্বে পিচ কিউৰেটৰ আইজাক মেকডনাল্ডে বুধবাৰে কৈছিল যে, তেওঁলোকে অপ্টাছৰ ক্লাছিক ডব্লিউ এ চি এ পিটছৰ অনুকৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ য’ত গতি আৰু বাউন্স দুয়োটাই থাকিব ।

অৱশ্যে, চহৰখনত অস্বাভাৱিক বৰষুণৰ বাবে মেচৰ প্ৰস্তুতিত বাধা প্ৰদান কৰা দেখা গৈছে ৷ এই সকলোবোৰৰ পিছতো তেওঁ পৃষ্ঠত যথেষ্ট বাউন্স আৰু গতি আশা কৰে ৷ লগতে কয় যে, খেলখন আগুৱাই গৈ থকাৰ লগে লগে 'স্নেক ক্ৰেক' ৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা অতি কম ।

পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত বৰষুণৰ সম্ভাৱনা

প্ৰথম টেষ্টৰ প্ৰস্তুতিৰ সময়ত পাৰ্থত বৰষুণ হোৱা দেখা যায় ৷ শুকুৰবাৰে মেচৰ টছ অনুষ্ঠিত হোৱাৰ সময়ত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা 7 বজাৰ পৰা 11 বজালৈ আকাশ ডাৱৰীয়া হৈ থাকিব ৷ তদুপৰি পাৰ্থ টেষ্টৰ আৰম্ভণিৰ দিনা পুৱা 20% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বৰষুণৰ বাবে অপ্টাছ ষ্টেডিয়ামৰ পিটচ ফাষ্ট বলিঙৰ বাবে অনুকূল হৈ পৰিব ।

অন্তিম চাৰিদিনত বতৰ ফৰকাল হৈ থাকিব

মেচখনৰ আৰম্ভণিৰ দিনটোৰ পুৱাৰ সময়ৰ বাহিৰে পাৰ্থত বাকী দিনকেইটাত টেষ্ট মেচখনত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই । অৱশ্যে ঠাইভেদে আকাশ ডাৱৰীয়া হ'ব পাৰে যদিও বতৰে খেলখনত কোনো বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা নাই ৷

লগতে পঢ়ক: ৰোহিত-গিলৰ সলনি কাক স্থান দিয়া হ’ব দলত ? পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.