ETV Bharat / sports

বিশ্বকাপৰ হাই ভল্টেজ মেচত ভাৰতৰ হাতত ৬ ৰাণত পৰাস্ত পাকিস্তান; বলাৰৰ উৎকৃষ্ট প্ৰদৰ্শন - T20 WORLD CUP 2024 - T20 WORLD CUP 2024

IND vs PAK : দেওবাৰে নিউয়ৰ্কত বিজয়ৰ ধজ্জা উৰুৱালে ভাৰতে ৷ T-20 বিশ্বকাপ ২০২৪ ৰ 19 সংখ্যক হাই ভল্টেজ মেচখনত ৬ ৰাণত ভাৰতে পৰাস্ত কৰে মূল প্ৰতিদ্বন্দ্বী পাকিস্তানক । ভাৰতৰ যশপ্ৰীত বুমৰাহে দলৰ হৈ তিনিটা উইকেট দখল কৰি মেচখনত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় ৷

IND vs PAK
ভাৰতৰ হাতত ৬ ৰাণত পৰাস্ত হয় পাকিস্তান (AP)
author img

By ETV Bharat Sports Team

Published : Jun 10, 2024, 7:06 AM IST

স্প’ৰ্টছ ডেস্ক, ১০ জুন : দেওবাৰে অনুষ্ঠিত হয় আই চি চি T-20 বিশ্বকাপ ২০২৪ ৰ 19 সংখ্যক হাই ভল্টেজ মেচখন ৷ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হয় এই হাই ভল্টেজ মেচখন ৷ বলাৰৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ভাৰতে পাকিস্তানক ৬ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

ঋষভ পন্তৰ ৪২ ৰাণৰ চমত্‍কাৰ ইনিংছৰ বাবেই প্ৰথমে বেটিং কৰি ভাৰতে পাকিস্তানক ১২০ ৰাণৰ এটা সৰু টাৰ্গেট বান্ধি দিছিল ৷ কিন্তু নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১১৩ ৰাণহে কৰিব পাৰিছিল পাকিস্তানৰ দলটোৱে । এই খেলখনত ভাৰতে ৬ ৰাণত জয়লাভ কৰে ।

পাকিস্তানৰ হৈ অ’পেনাৰ মহম্মদ ৰিজৱানে (৩১) সৰ্বাধিক স্ক’ৰ কৰে । ইমাদ ৱাছিমেও ১৫ ৰাণ সংগ্ৰহ কৰি দলটোক আগবঢ়াই লৈ যায় । আনহাতে, ভাৰতৰ ফালৰ পৰা বেগী বলাৰ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৩ উইকেট দখল কৰে । লগতে হাৰ্দিক পাণ্ডিয়াইও নিজৰ নামত ২ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : T-২০ বিশ্বকাপ : ভাৰত-পাকিস্তানৰ অন্তিমখন মেচত জয়ৰ নায়ক আছিল বিৰাট কোহলী - T20 World Cup 2024

পাকিস্তানৰ বিৰুদ্ধে এই হাই ভল্টেজ মেচখনত টিম ইণ্ডিয়াৰ বিজয়ৰ মূল হিৰ’ আছিল বেগী বলাৰ যশপ্ৰীত বুমৰাহ । যিয়ে ৪ টা অভাৰত মাত্ৰ ১৪ ৰাণত ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল । এই প্ৰদৰ্শনৰ বাবে বুমৰাহক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাও প্ৰদান কৰা হয় ।

এই জয়ৰ পাচতে ভাৰতে গ্ৰুপ-A পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে । ভাৰতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বমুঠ প্ৰতিৰক্ষা (defend) ৰক্ষা কৰিছিল ।

উল্লেখ্য যে, ভাৰতৰ পৰৱৰ্তী মেচখন হ’ব এতিয়া আমেৰিকাৰ বিৰুদ্ধে । এই মেচখন ১২ জুন বুধবাৰে নিউয়ৰ্কত অনুষ্ঠিত হ’ব । আগন্তুক এই মেচখনৰ বাবে এতিয়া অধিৰ আগ্ৰহেৰে বাট চাই ৰৈছে ক্ৰীকেট প্ৰেমীসকলে ৷

লগতে পঢ়ক : ৰোহিত শৰ্মা বনাম মহম্মদ আমিৰৰ প্ৰদৰ্শনৰ ওপৰত দৃষ্টি থাকিব : যুৱৰাজ সিং - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.