ETV Bharat / sports

টি-২০ বিশ্বকাপৰ আজি মহাৰণ; সমুখ সমৰত ভাৰত বনাম পাকিস্তান - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 2:14 PM IST

Rohit Sharma on IND vs PAK : আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ ৰ সৰ্ববৃহৎ খেলখন ৷ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বিৰাটৰ ওপৰত ৷ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই সকলো খেলুৱৈয়ে পৰা উন্নত প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰিছে । বিৰাট সন্দৰ্ভতো ৰোহিত শৰ্মাই মন্তব্য কৰিছে ।

Rohit Sharma on IND vs PAK
টি-২০ বিশ্বকাপৰ আজি মহাৰণ; সমুখ সমৰত ভাৰত বনাম পাকিস্তান (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, ৯ জুন : আজি নিশা ৮ বজাৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ ৰ সৰ্ববৃহৎ খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে তেওঁ সকলো খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰে । আজিৰ পাকিস্তানৰ বিৰুদ্ধে খেলখনত নিজৰ দলটোৱে উন্নত প্ৰদৰ্শনৰ কথা কৈ ৰোহিতে কয় যে তেওঁ মাত্ৰ এজন খেলুৱৈৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে ।

IND vs PAK
সমুখ সমৰত ভাৰত বনাম পাকিস্তান (IANS)

সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বিৰাটৰ ওপৰত -

এই মহান মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বিৰাট কোহলীৰ ওপৰত, যিয়ে যোৱা সপ্তাহৰ শেষৰ ফালে দলটোত যোগদান কৰিছিল আৰু বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ৰোহিতৰ সৈতে আৰম্ভণিৰ সময়ত মাত্ৰ ১ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল ।

মেচৰ পূৰ্বে সংবাদমেলত ৰোহিতে কয় যে দেওবাৰে তেওঁৰ সকলো খেলুৱৈয়ে উন্নত খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছে ৷ কাৰণ তেওঁলোকে প্ৰতিযোগিতাখনত জয়ৰ দিশটো পূৰ্বৰ দৰেই অব্যাহত ৰাখিবলৈ বিচাৰিছে ।

খেলুৱৈৰ ওপৰত নিৰ্ভৰ

ৰোহিতে কয়, ‘‘মই মেচত জয়ী হ’বলৈ কেৱল এজন বা দুজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰো । মই ভাবো আমাৰ ১১ জনেই ভাল খেল প্ৰদৰ্শন কৰিব ৷ অৱশ্যে কিছু মূল খেলুৱৈ আছে যিয়ে আমাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে, কিন্তু মই ভাবো সকলোৱে নিজৰ এশ শতাংশই দিয়াৰ প্ৰয়োজন ৷’’

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ ঈৰ্ষণীয় পৰিসংখ্যা - T20 World Cup 2024

বিৰাটৰ অভিজ্ঞতা অতি গুৰুত্বপূৰ্ণ

অধিনায়ক হিটমেনে আৰু কয়, ‘‘(বিৰাট) বাংলাদেশ (ৱাৰ্ম আপ) মেচ খেলা নাছিল, কিন্তু এই মেচৰ পূৰ্বে তেওঁ ভাল প্ৰশিক্ষণ লৈছে । সমগ্ৰ বিশ্বৰ ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টত খেলাৰ অভিজ্ঞতা তেওঁৰ যিদৰে আছে, ইয়াতকৈ ভাল একো হ’ব নোৱাৰে ।’’

সকলো খেলুৱৈয়ে ভাল সিদ্ধান্ত লোৱা উচিত

ৰোহিতে কয় যে তেওঁৰ খেলুৱৈসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ মূল্যায়ন আৰু সেই অনুসৰি খেলাৰ জ্ঞান আৰু অভিজ্ঞতা আছে । তেওঁ কয়, ‘‘মই আশা কৰো সকলোৱে ভাল সিদ্ধান্ত ল’ব - অন্ততঃ, ভাল সিদ্ধান্ত ল’বলৈ চেষ্টা কৰক । যেতিয়ালৈকে আপুনি সন্মুখত দেখাৰ ওপৰত ভিত্তি কৰি চিন্তা কৰে আৰু সিদ্ধান্ত লয়, তেতিয়ালৈকে আপুনি নিজকে সফল হোৱাৰ সৰ্বোত্তম সুযোগ পাব ।’’

লগতে পঢ়ক: ৰোহিত শৰ্মাক আউট কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান: কোনে ক’লে এই কথা ? - IND vs PAK T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.