ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড তৃতীয় টেষ্ট; ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামৰ টেষ্ট ৰেকৰ্ড - India England test series

Ind vs Eng 3rd Test : ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখন টেষ্ট মেচৰ শৃংখলাৰ তৃতীয়খন মেচ বৃহস্পতিবাৰৰ পৰা ৰাজকোটত অনুষ্ঠিত হ'ব । ৰাজকোট ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে এই পৰ্যন্ত এখনো টেষ্ট মেচত পৰাস্ত হোৱা নাই ।

ভাৰত বনাম ইংলেণ্ড তৃতীয় টেষ্ট
ভাৰত বনাম ইংলেণ্ড তৃতীয় টেষ্ট
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 12:25 PM IST

স্পৰ্টছ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ বৃহস্পতিবাৰৰ পৰা ৰাজকোটত অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে দুয়োটা দলে সৌৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন কৰে । দুয়োটা দলে শৃংখলাটোত ১-১ ব্যৱধানত ড্ৰ কৰাৰ পিচত অগ্ৰগতি লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ।

আনহাতে, সৌৰাষ্ট্ৰ ষ্টেডিয়ামত ভাৰতীয় দলটোৰ এক ভাল অভিলেখ আছে । কিয়নো এইখন ষ্টেডিয়ামত ভাৰতে এতিয়ালৈকে এখনো টেষ্ট মেচত পৰাস্ত হোৱা নাই । ভাৰতীয় দলটোৱে এতিয়ালৈকে সৌৰাষ্ট্ৰত দুখন টেষ্ট মেচ খেলিছে । ইয়াৰে ভিতৰত ভাৰতে এখন মেচত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ হৈছে ।

২০১৬ চনৰ নৱেম্বৰত এই ষ্টেডিয়ামত প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হয় । ইংলেণ্ডৰ বিৰুদ্ধে খেলা এই মেচখন পাঁচ দিন ধৰি চলে আৰু অমীমাংসিতভাৱে সমাপ্ত হয় । এই মেচখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি জো ৰুট, মঈন আলী, বেন ডাকেটৰ শতকেৰে ৫৩৭ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত মূৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰাৰ শতকেৰে প্ৰত্যুত্তৰ দি ভাৰতে প্ৰথম ইনিংছত ৪৮৮ ৰাণ সংগ্ৰহ কৰে । ৪৯ ৰাণৰ প্ৰথম ইনিংছৰ অগ্ৰগতিৰে ইংলেণ্ডে দ্বিতীয় ইনিংছত ২৬০ ৰাণ যোগ দি ভাৰতক জয়ৰ বাবে ৩০৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬ টা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

দ্বিতীয়খন টেষ্ট মেচ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হয় । এই মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ২৭২ ৰাণত পৰাস্ত কৰে । মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি ৬৪৯ ৰাণৰ পাহাৰসম স্ক'ৰ সংগ্ৰহ কৰে । পৃথ্বী শ্ব', বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই মেচখনত শতক অৰ্জন কৰে ।

আনহাতে, ভাৰতৰ এই স্ক'ৰৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ১৮১ ৰাণতে থমকি ৰয় । ইয়াৰ পিচত ভাৰতে ৱেষ্ট ইণ্ডিজক ফল'-অন দি দ্বিতীয় ইনিংছত লক্ষ্য অনুসৰণ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু দ্বিতীয় বেটিঙত ৱেষ্ট ইণ্ডিজ ১৯৬ ৰাণত অল আউট হয় ।

এতিয়া বৃহস্পতিবাৰে তৃতীয়খন টেষ্ট মেচত ভাৰত আৰু ইংলেণ্ড পৰস্পৰৰ মুখামুখী হ'ব । এই মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ সম্ভাৱনা আছে । কাৰণ হায়দৰাবাদ টেষ্টত ইংলেণ্ডে ভাৰতৰ স্পিন আক্ৰমণ ভালদৰে খেলিছে আৰু বেন ডাকেট, জো ৰুটৰ এই খেলপথাৰত খেলাৰ অভিজ্ঞতা আছে ।

লগতে পঢ়ক : ভিছা সম্পৰ্কীয় সমস্যা, ৰাজকোট বিমানবন্দৰত আৱদ্ধ ইংলেণ্ডৰ ক্ৰিকেটাৰ ৰেহান আহমেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.