ETV Bharat / sports

আব্ৰা কা ডাব্ৰা গিলি গিলি চু; হিটমেন ৰোহিতৰ আন এটা ভাইৰেল ভিডিঅ’ই লগাইছে খলকনি - Rohit Sharma viral video

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Rohit Sharma Viral Moments: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা খেলপথাৰত থকাৰ সময়ত তেওঁৰ কিবা নহয় কিবা এটা কাণ্ড প্ৰায়েই ভাইৰেল হয় । ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ সময়তো ৰোহিতে কৰা এটা বিশেষ কাণ্ড ভাইৰেল হৈছে ৷ কি কৰিলে ৰোহিতে ? চাওক সবিশেষ-

Rohit Sharma Viral Moments
খেলপথাৰত আকৌ ভাইৰেল হিটমেন (ANI)

স্প’ৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ: ভাৰত আৰু বাংলাদেশৰ মাজত চেন্নাইত খেলা শৃংখলাৰ প্ৰথমখন টেষ্ট অন্ত পৰাৰ পিচতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ ৷ ভিডিঅ’টোৰ কেপশ্যনত ঠিক এইদৰে লিখা আছিল যে খেলখনত বাংলাদেশ জিকিলে হেঁতেন, যদি ৰোহিত শৰ্মাই এই কামটো নকৰিলে হেঁতেন ৷ কিন্তু ৰোহিত শৰ্মাই এনে কি কৰিলে, যাৰ বাবে বাংলাদেশ হাৰিবলগীয়া হ’ল বুলি ভিডিঅ’টোৰ কেপশ্যনত এইদৰে উল্লেখ কৰা হ’ল ৷

এই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই যে বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা । কেৱল এয়াই নহয়, খেলপথাৰত কৰা কেতবোৰ ধেমেলিয়া কৰ্ম-কাণ্ডৰ বাবেও তেওঁ পৰিচিত, যাৰ বাবে তেওঁ ভাইৰেল হৈয়েই থাকে । তেওঁৰ চঞ্চল আচৰণ আৰু আৱেগিক প্ৰতিক্ৰিয়া অনুৰাগীৰ বাবে মনোৰঞ্জনৰ উৎস হৈ পৰিছে ।

ৰোহিতে খেলপথাৰত কিবা নহয় কিবা এটা কৰে, যিটো ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰে । সতীৰ্থৰ সৈতে হোৱা যোগাযোগেই হওক বা বিৰোধী খেলুৱৈৰ সৈতে তেওঁৰ হাস্যৰসময়ী ঠাট্টা-মস্কৰাই হওক, ৰোহিতৰ এই কাৰ্যই খেলৰ প্ৰতি তেওঁৰ শিথিল অথচ প্ৰতিযোগিতামূলক দৃষ্টিভংগীক প্ৰতিফলিত কৰে । বাংলাদেশৰ সৈতে প্ৰথমখন টেষ্টৰ সময়তো তেনেধৰণ মনোৰঞ্জনৰ পৰা দৰ্শকক বঞ্চিত নকৰিলে হিটমেনে ৷

প্ৰথমখন খেলৰ সময়ত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ এটা ধেমেলীয়া ঘটনাও পোহৰলৈ আহিছে । মেচৰ চতুৰ্থ তথা অন্তিম দিনা ষ্ট্ৰাইকাৰৰ ফালে ষ্টাম্পৰ বেল্ট সাল-সলনি কৰা দেখা গ’ল ৰোহিতক । ইয়াৰ পিছত ৰোহিতে উভতি গৈ ষ্টাম্পলৈ চাই এটা ধেমেলীয়া যাদুৰ ভংগী প্ৰদৰ্শন কৰে, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । কেৱল এয়াই নহয়, তেওঁৰ সতীৰ্থ খেলুৱৈ পন্তক ৰোহিতলৈ চাই হাঁহি থকা দেখা গ’ল ।

উল্লেখ্য যে তাৰকা ভাৰতীয় বেটছমেন বিৰাট কোহলী মেচৰ সময়ত বেল্ট সলনি কৰাৰ বাবে বিখ্যাত । এই ভিডিঅ’টোৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সোঁত ব’বলৈ ধৰিছে ।

চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতে বাংলাদেশক ২৮০ ৰানত পৰাস্ত কৰে । ৫১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশ ২৩৪ ৰানত অল আউট হয় । আৰ অশ্বিনে প্ৰথম ইনিংছত শতক অৰ্জন কৰাৰ লগতে দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰে, যাৰ বাবে তেওঁ প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হয় ।

লগতে পঢ়ক: বাংলাদেশক কিহৰ বাবে ফিল্ডিঙত সহায় কৰিছিল ঋষভ পন্তে; প্ৰকাশ কৰিলে বিশেষ ভিডিঅ’ত - RISHABH PANT VIRAL VIDEO

চেন্নাই টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ভংগ কৰিলে শ্ৱেন ৱাৰ্ণৰ এই অভিলেখ... - R ASHWIN RECORD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.