ETV Bharat / sports

অলৰাউণ্ডাৰৰ শীৰ্ষস্থানত হাৰ্দিক পাণ্ডিয়াৰ ৰাজত্ব; তিনি নং স্থানলৈ উন্নীত তিলক বাৰ্মা - ICC T20 ALL ROUNDER RANKINGS

ICC t20 batting rankings: আই চি চি টি-20 ৰেংকিঙৰ শীৰ্ষস্থানত হাৰ্দিক পাণ্ডিয়া ৷ আনহাতে, তালিকাৰ তৃতীয় স্থান দখল কৰিছে তিলক বাৰ্মাই ৷

ICC T20 ALL ROUNDER RANKINGS
হাৰ্দিক পাণ্ডিয়া আৰু তিলক বাৰ্মা (IANS and ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 20, 2024, 6:45 PM IST

স্প’ৰ্টছ ডেস্ক: আই চি চি টি-20 ৰেংকিঙত দেখা গৈছে ভাৰতীয় খেলুৱৈসকলৰ আধিপত্য । টীম ইণ্ডিয়াই শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত 4 খন মেচৰ টি-20 শৃংখলাটো দখল কৰাৰ সুবাদতে পইণ্ট তালিকাত খেলুৱৈসকলৰ উত্থান পৰিলক্ষিত হয় ৷

ভাৰতে 3-1 ব্যৱধানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দখল কৰিছিল এই শৃংখলা ৷ এই প্ৰদৰ্শনৰ প্ৰভাৱ আই চি চিয়ে প্ৰকাশ কৰা শেহতীয়া টি-20 ৰেংকিঙত দেখা গৈছে । বিশেষকৈ ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু তিলক বাৰ্মাৰ স্থান তালিকাত উন্নত হোৱা দেখা গৈছে ৷

হাৰ্দিক পাণ্ডিয়াৰ শীৰ্ষস্থান দখল

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই শেহতীয়া টি-20 ৰেংকিঙত অলৰাউণ্ডাৰৰ শীৰ্ষস্থান দখল কৰে । হাৰ্দিকে ইংলেণ্ডৰ অলৰাউণ্ডাৰ লিয়াম লিভিংষ্টনক অতিক্ৰম কৰি তিনি নম্বৰৰ পৰা দুটা স্থান আগুৱাই শীৰ্ষস্থান দখল কৰে । সম্প্ৰতি পাণ্ডিয়া হৈছে 244 ৰেটিং পইণ্টৰ সৈতে বিশ্বৰ এক নং স্থানৰ টি-20 অলৰাউণ্ডাৰ ।

তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একেৰাহে দুখন টি-20 মেচত দুটা শতক অৰ্জন কৰাৰ সুবাদতে পইণ্ট তালিকাত স্থান উন্নীত হয় টীম ইণ্ডিয়াৰ যুৱ বাওঁহতীয়া বেটছমেন তিলক বাৰ্মাৰ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আটাইকেইখন মেচত মুঠ 280 ৰাণ সংগ্ৰহ কৰিছিল তিলকে ৷

পইণ্ট তালিকাৰ 72 নং স্থানত থকা তিলকে 69 টা স্থান আগুৱাই বিশ্বৰ তৃতীয়স্থানৰ টি-20 বেটছমেনত পৰিণত হৈছে ৷ খেলুৱৈগৰাকীয়ে লাভ কৰিছে 806 ৰেটিং পইণ্ট ৷

আনহাতে, 828 পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে ফিল চল্ট আৰু ট্ৰেভিছ হেড 855 পইণ্টৰ সৈতে আছে তালিকাৰ শীৰ্ষস্থানত ৷ তদুপৰি টীম ইণ্ডিয়াৰ সূৰ্যকুমাৰ যাদৱ 788 পইণ্টৰ সৈতে টি-20 ৰেংকিঙৰ বেটছমেনৰ তালিকাৰ চাৰি নম্বৰত আৰু যশস্বী জয়ছোৱালে 706 পইণ্টৰ সৈতে 8 নম্বৰত উপনীত হৈছে ৷ বলাৰৰ তালিকাৰ 8 নম্বৰত 666 পইণ্টৰ সৈতে ৰবি বিষ্ণৈ আৰু 656 পইণ্টৰ সৈতে 9 নম্বৰত অৰ্শদীপ সিঙে স্থান লাভ কৰে ৷

লগতে পঢ়ক: ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড; বৃহৎ প্ৰতিযোগিতা বাতিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.