ETV Bharat / sports

অধিনায়কত্বৰ পৰা বাদ: বিচিচিআয়ে খবৰটো দিয়াৰ পিছতেই হাৰ্দিক পাণ্ডিয়াৰ ডাঙৰ ঘোষণা - HARDIK PANDYA DIVORCE - HARDIK PANDYA DIVORCE

Indian all-rounder Hardik Pandya: ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ শেহতীয়া খবৰে তোলপাৰ লগাইছে অনুৰাগীৰ মনত ৷ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় টি-20 দলৰ অধিনায়কত্ব প্ৰদান কৰা নহ’ল পাণ্ডিয়াক ৷ এই খবৰ পোৱাৰ পিচতেই হাৰ্দিকে কৰিলে এক ডাঙৰ ঘোষণা ৷ সবিশেষ পঢ়ক...

Hardik Pandya
Hardik Pandya announced separation from his wife (IANS)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:10 AM IST

স্প’ৰ্টছ ডেস্ক, 19 জুলাই: পুনৰ সংবাদ শিৰোনাম দখল কৰিছে হাৰ্দিক পাণ্ডিয়াই ৷ বৃহস্পতিবাৰে শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটো ঘোষণাৰ পিচতেই হাৰ্দিকক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে ৷ ভাৰতীয় টি-20 ক্ৰিকেট দলৰ অধিনায়ক হিচাপে হাৰ্দিকৰ নাম ঘোষণা কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে দল ঘোষণাৰ সময়ত টি-20 ৰ অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ নাম ঘোষণা কৰে ৷ তাৰ পিচতেই হাৰ্দিক পাণ্ডিয়াৰ এক সিদ্ধান্তক লৈ সৰ্বত্ৰে চৰ্চা হোৱা দেখা গৈছে ৷

ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ পত্নী নাতাশা ষ্টানক’ভিকৰ বিবাহ বিচ্ছেদৰ খবৰে আকৌ গৰম কৰি তুলিছে সংবাদ মাধ্যম ৷ এই খবৰক লৈ তোলপাৰ লাগিছে অনুৰাগীৰ মনত ৷ বিগত কেইবামাহৰ পৰাই হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ খবৰে সংবাদ শীৰ্ষ দখল কৰি অহা দেখা গৈছে ৷

হাৰ্দিক পাণ্ডিয়াই বিবাহৰ চাৰি বছৰ পূৰ্ণ হোৱাৰ ক্ষণতে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে ৷ চাৰি বছৰ একেলগে থকাৰ পিছত নাতাশা আৰু হাৰ্দিকে আনুষ্ঠানিকভাৱে পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দুয়োগৰাকীৰে ভালৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি যুৱ ক্ৰিকেটাৰগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে ৷ এই সিদ্ধান্ত গ্ৰহণ কৰাতো যথেষ্ঠ কঠিন আছিল বুলি হাৰ্ডিকে ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে ৷

হাৰ্দিক-নাতাশাৰ বৈবাহিক জীৱনৰ চিনস্বৰূপ অগষ্ট্য তেওঁলোক দুয়োগৰাকীৰে বাবে আশীৰ্বাদস্বৰূপ ৷ একমাত্ৰ সন্তানটিৰ সুখৰ বাবে হাৰ্দিক-নাতাশা উভয়েই দায়বদ্ধ থাকিব বুলিও খেলুৱৈগৰাকীয়ে পোষ্টটোত উল্লেখ কৰে ৷

তদুপৰি এই কঠিন আৰু সংবেদনশীল সময় পাৰ কৰিবলৈ অনুৰাগীৰ সমৰ্থন বিচাৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ এই সিদ্ধান্ত একান্তই ব্যক্তিগত বুলি উল্লেখ কৰি ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্যগৰাকীয়ে এই সিদ্ধান্তক আঁকোৱালি ল’বলৈ অনুৰাগীসকলক অনুৰোধ জনায় ৷

লগতে পঢ়ক: আই চি চি পুৰুষ টি-20 ৰেংকিঙৰ 6 নং স্থানত ভাৰতৰ যশস্বী জয়ছোৱাল : শুভমন গিলৰো অগ্ৰগতি - ICC MENS T20I RANKINGS

উল্লেখ্য যে, একেধৰণৰ এক পোষ্ট সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলক জনাইছে হাৰ্দিকৰ পত্নী নাতাশা ষ্টানক’ভিকে ৷ বিগত 2020 চনৰ 31 মে’ত বিবাহপাশত আৱদ্ধ হোৱা হাৰ্দিক-নাতাশাৰ একে বছৰৰে 30 জুলাইত জীৱনলৈ আহে পুত্ৰ অগ্যস্ত ৷ 2023 চনৰ ফেব্ৰুৱাৰী মাহত তাৰকা দম্পতীটোৱে বিবাহ অভ্যৰ্থনা অনুষ্ঠিত কৰে ভাৰতৰ লেক চিটি হিচাপে খ্যাত ৰাজস্থানৰ উদয়পুৰত ৷

চলিত বছৰৰ আই পি এলৰ সময়ৰে পৰা হাৰ্দিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ খবৰে বেছ চৰ্চা লাভ কৰি আহিছিল অনুৰাগীৰ মনত ৷ পিছে দুয়োগৰাকীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা নাছিল কোনো প্ৰতিক্ৰিয়া ৷ হাৰ্দিকৰ পত্নী নাতাশাই দুয়োগৰাকীৰে বিবাহৰ ফটোসমূহ সামাজিক মাধ্যমৰ পৰা আঁতৰাই পেলোৱাৰ পিছতে বিবাহ বিচ্ছেদৰ সন্দৰ্ভত অনুৰাগীৰ মনত সন্দেহৰ উদ্ৰেক ঘটিছিল ৷

তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে অংশগ্ৰহণ কৰিবলগীয়া আগন্তুক শৃংখলাৰ বাবে বৃহস্পতিবাৰে ঘোষণা কৰা হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ মূল একাদশৰ নাম ৷ ভাৰতৰ নৱনিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে হাৰ্দিক পাণ্ডিয়াৰ সলনি সূৰ্যকুমাৰ যাদৱকে দলৰ অধিনায়কৰ দায়িত্ব দিয়াৰ পিচতে হাৰ্দিকে ৰাজহুৱা কৰে বিবাহ বিচ্ছেদৰ খবৰ ৷

লগতে পঢ়ক: পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ : শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া দলত স্থান লাভ - Riyan Parag

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.