ETV Bharat / sports

তাৰকা ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ হেঁপাহ, অভাৱনীয় পৰিৱেশ ইউৰো ২০২৪ত - EURO 2024

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 7:13 PM IST

EURO 2024: ইউৰো ২০২৪ত খেলুৱৈৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । প্ৰতিযোগিতাখনত পৰ্তুগাল আৰু তুৰ্কীৰ মাজৰ খেলত কেইবাবাৰো নিৰাপত্তা ভংগ কৰি অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে । তাৰকা ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ প্ৰয়াস বহু অনুৰাগীৰ ।

EURO 2024
তাৰকা ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ হেঁপাহ, অভাৱনীয় পৰিৱেশ ইউৰো ২০২৪ত (AP PHOTOS)

স্পৰ্টছ ডেস্ক,২৩ জুন : ইউৰো ২০২৪ত পৰ্তুগালে তুৰ্কীক ৩-০ গ'লত পৰাস্ত কৰে । পৰ্তুগালে সমগ্ৰ খেলখনত আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল । অৱশ্যে খেলখন চলি থকা সময়ত ষ্টেডিয়ামত থকা বেছিসংখ্যক দৰ্শকৰে দৃষ্টি নিবদ্ধ আছিল পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ওপৰত । কিয়নো ইজনৰ পিচত সিজন অনুৰাগী খেলপথাৰলৈ আহি তাৰকাগৰাকীৰ সৈতে ছেলফি তোলাৰ প্ৰয়াস কৰিছিল । নিৰাপত্তা ভংগ কৰি এনেদৰে অনুৰাগীৰ খেলপথাৰত প্ৰৱেশৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছিল । নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্নও উত্থাপন হৈছে । এখন খেলত একাধিকবাৰ নিৰাপত্তা ভংগৰ বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । এনে পৰিস্থিতিত ৰোণাল্ডোৰ লগতে বাকী খেলুৱৈসকলো উদ্বিগ্ন হোৱা দেখা গৈছে ।

খেলখনত পৰ্তুগাল ৩-০ ত আগবাঢ়ি আছিল আৰু তেতিয়া প্ৰথমগৰাকী অনুৰাগীয়ে ক্ৰিষ্টিয়ানো ৰোণোল্ডোৰ সৈতে ছেলফি ল'বলৈ খেলপথাৰত প্ৰৱেশ কৰিছিল । পৰ্তুগীজ তাৰকাজনে অনুৰাগীজনৰ সৈতে এখন ছেলফি লৈছিল । তাৰ পিচতে নিৰাপত্তাৰক্ষী বা ষ্টিৱাৰ্ডে আটক কৰাৰ পূৰ্বে তেওঁ দৌৰি গৈছিল । প্ৰথম অনুৰাগীজন সফল হোৱাৰ পিচত কেইমিনিটমানৰ পিচকে আন এজন অনুৰাগীয়ে ভাগ্য পৰীক্ষাৰ বাবে খেলপথাৰত প্ৰৱেশ কৰে । এনে পৰিস্থিতিত খেলখন ১০ ছেকেণ্ডৰ বাবে বন্ধ কৰিবলগীয়া হয় । যাৰ বাবে ৰোণাল্ডোক বিচলিত দেখা গৈছিল । কিয়নো ৰোণাল্ডোৱে বলপূৰ্বকভাৱে লোকজনৰ হাত তেওঁৰ ডিঙিৰ পৰা আঁতৰাব লগা হৈছিল । লগে লগে নিৰাপত্তাৰক্ষীয়ে অনুৰাগীজনক খেলপথাৰৰ পৰা আঁতৰাই লৈ যায় ।

ইফালে ৯৩ মিনিটত আৰু দুজন অনুৰাগী খেলপথাৰত প্ৰৱেশ কৰে আৰু পিচত খেল শেষ হোৱাৰ লগে লগে আৰু কেইজনমান খেলপথাৰলৈ দৌৰি যায় আৰু ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ প্ৰয়াস কৰে । একাধিক এনে ঘটনাৰ পিচত দুয়োপক্ষৰ খেলুৱৈসকলক বিৰক্ত হোৱা দেখা যায় ।

এনে পৰিস্থিতিত এতিয়া খেলপথাৰত খেলুৱৈৰ নিৰাপত্তাক লৈও প্ৰশ্ন উঠিছে । খেলপথাৰৰ প্ৰতিটো দিশত শ শ নিৰাপত্তাৰক্ষী থকা স্বত্বেও নিৰাপত্তা ভংগ কৰি অনুৰাগীসকলে খেলপথাৰত প্ৰৱেশ কৰিছিল ।

লক্ষণীয়ভাৱে এজন নিৰাপত্তাৰক্ষীয়েও দুৰ্ঘটনাক্ৰমে পৰ্তুগীজ ফুটবলাৰ গংকালো ৰামোছক খুন্দা মাৰিছিল আৰু UEFA-য়ে গোটেই বিষয়টোৰ তদন্ত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে পৰ্তুগালে এতিয়া ৰাউণ্ড অফ ১৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু তেওঁলোকে গ্ৰুপৰ শীৰ্ষত থাকি অন্তিম গ্ৰুপ পৰ্যায়ত জৰ্জিয়াৰ সৈতে খেলিব ।

লগতে পঢ়ক : কেংগাৰুৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ পোতক তুলিলে আফগানিস্তানে, ছ’চিয়েল মিডিয়াত 'প্ৰতিশোধ'ৰ ট্ৰেণ্ড - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.